নুছৰত মেহবুব লিলানীচিবিই ডিএল বা পিংকি লিলানী (:Pinky Lilani বা Nusrat Mehboob Lilani,জন্ম ২৫ মাৰ্চ ১৯৫৪), এগৰাকী লেখিকা, প্ৰেৰণাদায়ক বক্তা, খাদ্য বিশেষজ্ঞ আৰু মহিলাৰ সমৰ্থক।১ তেওঁ প্ৰভাৱশালী মহিলা আৰু নেতাক স্বীকৃতি দিয়া কেইবাটাও বঁটাৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ, সেই বোৰৰ ভিতৰত বাৰ্ষিক উইমেন অৱ দ্য ফিউচাৰ বঁটা আৰু এছিয়ান উইমেন অৱ এচিভমেণ্ট বঁটাও অন্তৰ্ভুক্ত।২
লিলানীক ২০০৭ চনত চেৰিটিৰ সেৱাৰ বাবে অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (OBE)ৰ অফিচাৰ আৰু ব্যৱসায়ত মহিলাসকলৰ সেৱাৰ বাবে ২০১৫ চনত কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (CBE) হিচাপে নিযুক্তি দিয়া হয়।৩৪
প্ৰাৰম্ভিজীৱন আৰু শিক্ষা
১৯৫৪ চনৰ ২৫ মাৰ্চত ভাৰতৰ কলিকতাত জন্মগ্ৰহণ কৰা লিলানীয়ে কলিকতাৰ কেথলিক লৰেটো হাউচ স্কুলত অধ্যয়ন কৰিছিল। ইছমাইলী সম্প্ৰদায়ত ডাঙৰ-দীঘল হৈছিল।৫ ১৯৭৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা আৰু ইংৰাজী বিষয়ত সন্মানীয় ডিগ্ৰী লাভ কৰে।১ লিলানীয়ে অধ্যয়ন অব্যাহত ৰাখি ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা ছ’চিয়েল কমিউনিকেচন মিডিয়াত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে।
১৯৭৮ চনত লিলানী ব্ৰিটেইনলৈ গুচি যায়।
কৰ্ম জীৱন
১৯৭৮ চনত ব্ৰিটেইনলৈ যোৱাৰ সময়ত লিলানীয়ে ৰন্ধন প্ৰস্তুত প্ৰনালীৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ নিজৰ টোকা আৰু ৰন্ধন প্ৰনালীসমূহৰ সংকলন কৰি কিতাপ আকাৰে চপাইছিল যি খন ২০০১ চনত তেওঁৰ প্ৰথমখন কিতাপ স্পাইচ মেজিক: এণ ইণ্ডিয়ান কুলিনেৰী এডভেঞ্চাৰ নামেৰে প্ৰকাশহৈ উলাইছিল। তেওঁ এই কিতাপ খনৰ প্ৰচাৰৰ বাবে ৰান্ধনীশালৰ দোকান পাতি ৰন্ধন প্ৰদৰ্শন অনুষ্ঠিত কৰি দেখোৱাইছিল। ৬ভাৰতৰ খাদ্যাভ্যাসত ইতিহাস, সংস্কৃতি, ভূগোল আৰু ধৰ্মৰ প্ৰভাৱ পৰাৰ বিষয়েও এই ৰন্ধন গ্ৰন্থখনত উল্লেখ আছে। ২০০৯ চনত তেওঁৰ দ্বিতীয়খন কিতাপ “কৰিঅন্ধাৰ মেকছ দ্য ডিফাৰেন্স” মুকলি কৰা হয়। লিলানীয়ে শ্বাৰউডছকে ধৰি ইউৰোপৰ প্ৰধান খাদ্য কোম্পানীসমূহৰ সৈতে উন্নয়ন পৰামৰ্শদাতা হিচাপে কাম কৰিছিল, আৰু ছেফৱে আৰু টেস্কোৱে মজুত কৰা ভাৰতীয় খাদ্য সামগ্ৰীৰ বিষয়ে পৰামৰ্শ দিছিল।২ ৭
১৯৯৯ চনত তেওঁ ব্ৰিটেইনত থকা এছিয়াৰ মহিলাসকলৰ কৃতিত্বক স্বীকৃতি দিয়াৰ বাবে এছিয়ান উইমেন অৱ এচিভমেণ্ট এৱাৰ্ডছ নামৰ বাৰ্ষিক অনুষ্ঠান প্ৰতিষ্ঠা কৰে। ৬ ২০০৬ চনত লিলানীয়ে ব্ৰিটেইনৰ মহিলা প্ৰতিভাৰ বাবে এক মঞ্চ প্ৰদানৰ বাবে উইমেন অৱ দ্য ফিউচাৰ বঁটাৰো প্ৰতিষ্ঠা কৰে। চেৰী ব্লেয়াৰ কিউচি এই দয়ো়টা বঁটাৰ পৃষ্ঠপোষক।৮ উইমেন অৱ দ্য ফিউচাৰৰ যৰিয়তে ভৱিষ্যতৰ মহিলা নেত্ৰীসকলৰ বাবে বাৰ্ষিক বিশ্ব সন্মিলন আয়োজন কৰে আৰু তালিকাত অন্তভুক্ত সকলো প্ৰাৰ্থীক এটা নিৰ্দিষ্ট নেটৱৰ্কত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।৯ ইয়াৰ উপৰিও ইয়াত বঁটা বিজয়ীসকলক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ কৰিবলৈ এটা এম্বেছাদৰৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ যোগেদি এ লেভেলৰ ছাত্ৰ-ছাত্ৰীসকলক পথপ্ৰদৰ্শক আৰু আদৰ্শ ব্যক্তি প্ৰদান কৰা হয়। ২০০৭ চনত লিলানীয়ে উইমেন অৱ দ্য ফিউচাৰ নেটৱৰ্ক প্ৰতিষ্ঠা কৰে, যিটো উচ্চ সম্ভাৱনাপূৰ্ণ আৰু উচ্চ কৃতিত্বসম্পন্ন ব্ৰিটেইনৰ মহিলাৰ যোগসূত্ৰ। ই প্ৰতিভাৱান মহিলাসকলক একত্ৰিত হোৱাৰ, অভিজ্ঞতা ভাগ-বতৰা কৰা আৰু ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে।২
লিলানীয়ে বহু-বিষয়ক পৰামৰ্শ আৰু শিক্ষণ সেৱা প্ৰদানকাৰী গ্ল’বেল ডাইভাৰচিটি প্ৰেকটিছ আৰু মহিলাসকলক সক্ৰিয়ভাৱে প্ৰচাৰ কৰা প্ৰথমটো কাৰ্যবাহী অনুসন্ধান সংস্থা চেফায়াৰ পাৰ্টনাৰ্ছৰ পৰামৰ্শদাতা পৰিষদতো আছে।১০১১ লিলানী ছাইদ বিজনেছ স্কুলৰ সহযোগী ফেলো আৰু ব্ৰিটিছ ৰেড ক্ৰছৰ টিফানী চাৰ্কলৰ এম্বেছাদৰ।১২ ভাৰতৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰি বিশুদ্ধ পানী প্ৰদান কৰা ফ্ৰেংক ৱাটাৰ নামৰ এটা দাতব্য সংস্থাৰ পৃষ্ঠপোষক।১৩
সন্মান আৰু বঁটা
২০০৬ চনত লিলানীক চিবিআইৰ প্ৰথম মহিলা বঁটাৰ যৰিয়তে জীৱনযোৰা কৃতিত্বৰ বঁটা প্ৰদান কৰা হয়।১৪ ২০১২ চনত তেওঁ ইণ্ডাছ এণ্টাৰপ্ৰেনিউৰছ ইউ কে গালা এৱাৰ্ডছত বছৰৰ মহিলা উদ্যোগী হিচাপে নিৰ্বাচিত হয়। ১৫
২০১৩ চনত ব্ৰিটেইনৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ বিবিচি ৰেডিঅ’ ৪ উইমেনছ আৱাৰ পাৱাৰ তালিকাত লিলানীক তালিকাভুক্ত কৰা হৈছিল।১৬ ২০১৪ চনত তেওঁক জিকিউ আৰু সম্পাদকীয় চোৰাংচোৱাৰ ১০০ গৰাকী আটাইতকৈ সংযুক্ত মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয় আৰু তেওঁক গ্ৰেটাৰ লণ্ডনৰ ডেপুটি লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হয়।১৭১৮ ২০১৪ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপেও স্বীকৃতি লাভ কৰে।১৯ ২০০৯ চনত দ্য টাইমছ আৰু ইমেল আলোচনীয়ে লিলানীক ব্ৰিটেইনৰ ৩০ গৰাকী শক্তিশালী মুছলমান মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।২০
লিলানীক ২০০৭ চনৰ নৱবৰ্ষৰ সন্মানত চেৰিটিৰ সেৱাৰ বাবে অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (OBE) হিচাপে আৰু ব্যৱসায়ত মহিলাসকলৰ সেৱাৰ বাবে ২০১৫ চনৰ জন্মদিন সন্মানত কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (CBE) হিচাপে নিযুক্তি দিয়া হয়।৩৪
কিতাপ, ৰেডিঅ’ আৰু অন্যান্য স্বীকৃতি
২০১১ চনত লিলানীয়ে TEDxMarrakesh ত ভাষণ দিছিল২১। তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতা, উদ্যোগী হিচাপে গঢ়ি তোলা যাত্ৰা আৰু সমাজত বিদ্যমান সৰু সৰু দয়া-সহানুভূতিৰ ঘটনাবোৰৰ কথা উল্লেখ কৰিছিল।যেনেকৈ এটা সৰু উপাদানে খাদ্যৰ স্বাদ সম্পূৰ্ণ সলনি কৰিব পাৰে “ধনিয়া পাতে কেনেকৈ পাৰ্থক্য সৃষ্টি কৰে” বুলি উদাহৰণ দি, তেনেকৈ সৰু সৰু দয়া-সহানুভূতি আৰু মানৱিক সদাচৰণেও জীৱন আৰু সমাজত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। ভাষণৰ মাজতে তেওঁ “মুম্বাই পটেতজ” তৈয়াৰ কৰাৰ এটা প্ৰদৰ্শনো কৰিছিল, যিয়ে অনুষ্ঠানটো অধিক জীৱন্ত আৰু মনোগ্ৰাহী কৰি তুলিছিল।
২০১৭ চনৰ ৮ জানুৱাৰীত লিলানীয়ে বিবিচি ৰেডিঅ’ ৪ৰ ডেজাৰ্ট আইলেণ্ড ডিস্কত অতিথি হিচাপে উপস্থিত থাকে,২২ ভাৰতত তেওঁৰ শৈশৱৰ অভিজ্ঞতা আৰু যুক্তৰাজ্যত নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কাহিনী আগ বঢ়াইছিল।
- লিলানি, পিংকি। আত্মাৰ যাদু: প্ৰেৰণাদায়ক অন্তৰ্দৃষ্টি; আপোনাৰ হৃদয় উষ্ণ কৰিবলৈ আৰু আপোনাৰ আত্মাক উত্তোলন কৰিবলৈ প্ৰজ্ঞাৰ সংকলন। পাৰ্লি: ডেভেলপমেণ্ট ডাইনেমিক্স, ২০০০। আই এছ বি এন ৯৭৮০৯৫৩৬৩৫৪০৫
- লিলানি, পিংকি।“কৰিঅন্ধাৰ মেকছ দ্য ডিফাৰেন্স”। পাৰ্লি: ডেভেলপমেণ্ট ডাইনেমিক্স, ২০০৯।
তথ্যসূত্ৰ
- ↑ Woman's Hour Power List, Woman's Hour – Pinky Lilani OBE – BBC Radio 4
- ↑ Home
- ↑ Knights Bachelor. www.news.bbc.co.uk
- ↑ PRIME MINISTER'S RECOMMENDATIONS FOR THE BIRTHDAY HONOURS LIST 2015
- ↑ (8 March 2013). From an empress to a florist: Five unsung heroines
- ↑ Pinky Lilani – Indian Food Specialist – After Dinner Speaker
- ↑ (9 April 2014). Pinky Lilani OBE on the Asian Women of Achievement Awards – Womanthology
- ↑ Blair, Office of Cherie. Cherie Blair
- ↑ mentore. Pinky Lilani OBE DL – Mentors
- ↑ Advisory Board – Global Diversity Practice
- ↑ Sapphire Partners – leaders in diverse professional talent
- ↑ Members of the Tiffany Circle – British Red Cross
- ↑ Patrons, Trustees and Ambassadors
- ↑ Sullivan, Ruth. (8 June 2006). Achievement awards for businesswomen
- ↑ (19 January 2012). Indus entrepreneurs hold first awards
- ↑ Woman's Hour – The Power List 2013 – BBC Radio 4
- ↑ GQ. (7 March 2015). GQ and Editorial Intelligence's 100 Most Connected Women 2014
- ↑ Greater London Lieutenancy
- ↑ (2014-10-26). Who are the 100 Women 2014?. BBC News
- ↑ Rose, Hilary. Meet the 13 most powerful Muslim women in Britain
- ↑ TEDx Talks. (10 October 2011). TEDxMarrakesh – Pinky Lilani – Coriander Makes the Difference
- ↑ Pinky Lilani, Desert Island Discs – BBC Radio 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিংকী লিলানী” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৫৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।