অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুত্ৰী টাংগুক

পুত্ৰী টাংগুক ইণ্ডোনেছিয়াৰ জাম্বি লোককথাৰ এটা চৰিত্ৰ। কাহিনী অনুসৰি, পুত্ৰী টাংগুক নামৰ এগৰাকী মাতৃ আছিল। তেওঁৰ সাতটা সন্তান আছিল আৰু তেওঁ স্বামীৰ সৈতে বাস কৰিছিল। তেওঁৰ স্বামী আৰু তেওঁ দুয়োজনেই কৃষক আছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পুত্ৰী টাংগুক ইণ্ডোনেছিয়াৰ জাম্বি লোককথাৰ এটা চৰিত্ৰ।১২ কাহিনী অনুসৰি, পুত্ৰী টাংগুক নামৰ এগৰাকী মাতৃ আছিল। তেওঁৰ সাতটা সন্তান আছিল আৰু তেওঁ স্বামীৰ সৈতে বাস কৰিছিল।২ তেওঁৰ স্বামী আৰু তেওঁ দুয়োজনেই কৃষক আছিল।১ যদিও তেওঁলোকে নিজৰ সন্তানৰ যত্ন ল'বলৈ কঠোৰ পৰিশ্ৰম কৰে,১ পুত্ৰী টাংগুকে উপলব্ধি কৰে যে, তেওঁৰ ক্লান্তিকৰ কামৰ বাবে তেওঁ তেওঁলোকৰ সন্তানৰ বাবে বেছি সময় দিব পৰা নাই।১ এদিন পুত্ৰী টাংগুকে স্বামীক তেওঁ মনেৰে গঠন কৰা পৰিকল্পনাৰ বিষয়ে কয়।১ পৰিকল্পনাটো আছিল, তেওঁলোকৰ গুদামটো চাউল আৰু অন্যান্য সামগ্ৰীৰে এবাৰতে ইমানকৈ ভৰাই দিয়ে যাতে তেওঁলোকে তাৰ পিছত বহু দিনলৈ কাম কৰিব নালাগে।১ তেওঁলোকে এই কাম কৰে আৰু বৰষুণৰ দিনত পুত্ৰী টাংগুকে আকাশ পৰিষ্কাৰ হোৱাৰ পিছত পৰিয়ালৰ সৈতে ধাননি পথাৰলৈ খোজ কাঢ়ি যায়১। হঠাতে তেওঁ তিতা মাটিত পিছলি পৰে।১ তাৰ বাবে তেওঁ ৰাস্তাটোক খং কৰি গালি পাৰে২। তথাপিও তেওঁলোকে ধাননি পথাৰলৈ আগবাঢ়ি যায়।২ ঘৰলৈ উভতি আহোঁতে একেটা পথেই খোজ কাঢ়ি উভতি আহে।২ পুত্ৰী টাংগুকে সেই ৰাস্তাটোত ধান মুঠি মুঠি সিঁচি দিয়ে যাতে ই আৰু কেতিয়াও পিছল নহয়।২ কিন্তু ধানৰ মহত্ত্ব গুৰুত্বপূৰ্ণ বুলি গম পোৱাৰ পিছত তেওঁ এই কাৰ্যৰ বাবে সোনকালে অনুশোচনা কৰে।২ কাহিনীটোৰ নীতিশিক্ষা হ'ল, নিজৰ যি আছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা।১

তথ্যসূত্ৰ

  1. ↑ Sheina Ananda. 2013. Rangkuman 100 cerita rakyat Indonesia dari Sabang sampai Merauke. Jakarta:Anakkita. Hlm 29
  2. ↑ Monika Cri Maharani. 2011. Cerita Rakyat asli Indonesia: dari 33 Provinsi.Jakarta: Agromedia Pustaka.Hlm 25

সম্পৰ্কিত শ্ৰেণী

লোকগাথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুত্ৰী টাংগুক” প্ৰবন্ধৰ সংশোধন ৫২৭৫৯৪ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।