অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পাটাচোলা

পাটাচোলা(অৰ্থাৎ এঠেঙীয়া ) কলম্বীয় লোকগাথাৰ অৰণ্যনিবাসী এক মহিলা দানৱ। ইহঁতে সাধাৰণতে জংঘলৰ মাজত অকলে থকা পুৰুষ চিকাৰী বা কাঠকটীয়া সকলক লক্ষ্য কৰে, বিশেষকৈ তেওঁলোকে যদি মহিলাৰ বিষয়ে চিন্তা কৰে। পাটাচোলাই সৌন্দৰ্যময়ী মোহিনী ৰূপত দেখা দিয়ে আৰু প্ৰায়ে চিকাৰৰ পৰিচিত প্ৰিয়জনৰ ৰূপ লৈ আহে।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পাটাচোলা(অৰ্থাৎ এঠেঙীয়া ) কলম্বীয় লোকগাথাৰ অৰণ্যনিবাসী এক মহিলা দানৱ। ইহঁতে সাধাৰণতে জংঘলৰ মাজত অকলে থকা পুৰুষ চিকাৰী বা কাঠকটীয়া সকলক লক্ষ্য কৰে, বিশেষকৈ তেওঁলোকে যদি মহিলাৰ বিষয়ে চিন্তা কৰে।

পাটাচোলাই সৌন্দৰ্যময়ী মোহিনী ৰূপত দেখা দিয়ে আৰু প্ৰায়ে চিকাৰৰ পৰিচিত প্ৰিয়জনৰ ৰূপ লৈ আহে। ই পুৰুষজনক সঙ্গীবোৰৰ পৰা আঁতৰাই গভীৰ অৰণ্যৰ মাজলৈ লৈ যায়। চিকাৰটো সম্পূৰ্ণভাৱে কৱলত অহাৰ লগে‌ লগে পাটাচোলাই নিজৰ ভয়ংকৰ, কুৎসিত ৰূপ প্ৰকাশ কৰে। ভেম্পায়াৰ-সদৃশ তীব্ৰ ৰক্ত-পিপাসাৰ এঠেঙীয়া দানৱে চিকাৰৰ মাংস খায় বা তেজ শোহে।

অৱস্থান

জনবিশ্বাস অনুসৰি, পাটাচোলা পৰ্বতমালা, গভীৰ জংঘল আৰু আন আন হাবিতলীয়া অঞ্চলত বাস কৰে। ই বিশেষকৈ নিশাৰ ভাগত কাষৰীয়া অঞ্চলৰ পুৰুষ চিকাৰী, কাঠকটীয়া, খনি-মজদুৰ, গাঁৱৰ গৰখীয়া আদিক আকৰ্ষণ কৰে। তেওঁলোকক পথভ্ৰষ্ট কৰি দৈনন্দিন কৰ্মত বাধা জন্মায় আৰু চিকাৰী কুকুৰবোৰক বিভ্ৰান্ত কৰে যাতে সঠিক পথ বিচাৰি নাপায়। পাটাচোলাক প্ৰকৃতি আৰু বন্য জীৱ-জন্তুৰ ৰক্ষক বুলি গণ্য কৰা হয়। অৰণ্য ধ্বংস কৰিবলৈ অহা মানুহৰ প্ৰতি ই নিৰ্দয় আচৰণ কৰে।

শাৰীৰিক বৰ্ণনা

পাটাচোলাৰ সৰ্বাধিক চিনাক্তযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ ঠেং মাত্ৰ এটা। ইয়াৰ একমাত্ৰ ঠেংটো গৰুৰ খুৰাৰ দৰে। এটা ঠেং থকা স্বত্বেও, ই জংঘলৰ মাজেৰে অতি দ্ৰুত গতিত চলিব পাৰে। পাটাচোলাৰ প্ৰকৃত ৰূপ অতি ভয়ংকৰ। ইয়াৰ এটা মাত্ৰ স্তন, টেলেকা ভয়ংকৰ চকু, বাঘ বা মেকুৰীৰ দৰে হিংস্ৰ দাঁত, আঁকোৰা নাক আৰু বহল ওঁঠ।

পাটাচোলাই সৌন্দৰ্যময়ী মহিলাৰ ৰূপ ধৰি পুৰুষসকলক আকৃষ্ট কৰে আৰু চিকাৰ ধৰাৰ পিছত হিংস্ৰ দাঁতেৰে তেজ শোহে। ই অন্য প্ৰাণীৰ ৰূপো ল'ব যাব পাৰে, যেনে:ডাঙৰ ক’লা কুকুৰ বা গৰুৰ দৰে ডাঙৰ জন্তু |

জেভিয়াৰ অ'কাম্পো লোপেজৰ মতে, মন ভাল লাগিলে পাটাচোলাই গছ‌ বা পৰ্বতৰ ওপৰত উঠি গান গায়।১

তথ্যসূত্ৰ

  1. ↑ López, Javier Ocampo. (2006). Mitos, Leyendas Y Relatos Colombianos. Plaza & Janes Editores. ISBN 9789581403714

সম্পৰ্কিত শ্ৰেণী

বিশ্বৰ লোক গাথাকাল্পনিক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটাচোলা” প্ৰবন্ধৰ সংশোধন ৪৮৪৪৭৫ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।