বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
−১
গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায়। ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু।
-
অ'লেস্কো দুৰ্গ
অ'লেস্কো দুৰ্গ ( Olesko Castle বৰ্তমান ইউক্ৰেইনৰ জোলোচিভ ৰাইঅনৰ সীমাৰ ভিতৰত অৱস্থিত। দুৰ্গটোৰ প্ৰথম ঐতিহাসিক উল্লেখ ১৩৯০ চনৰ এখন নথিত পোৱা যায়। সেই সময়ত পোপ বনিফেচ নৱমে অলেস্কো আৰু টুষ্টান দুৰ্গ হালিচৰ এজন কেথলিক বিচপক প্ৰদান কৰিছিল।
-
অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী
অঁতোৱান মাৰী জঁ-বাতিস্ত ৰ’জে, ৱিকঁৎ দ্য ছেঁৎ-এগজ্যুপেৰী, যিজন অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী (Antoine de Saint-Exupéry,; ২৯ জুন ১৯০০ – ৩১ জুলাই ১৯৪৪) নামেৰে সুপৰিচিত, এজন ফৰাচী লেখক, সাংবাদিক, বৈমানিক আৰু সামৰিক কৰ্মকৰ্তা আছিল।
-
অগ্ৰেছৰ পুত্ৰ
অগ্ৰেছৰ পুত্ৰ (ইংৰাজী: The Son of the Ogress (দ্য ছন অৱ অগ্ৰেছ); ফৰাচী: Le Fils de l'Ogresse) এটা বাৰ্বাৰ লোককথা। নৃতত্ত্ববিদ লিঅ' ফ্ৰবেনিয়াছে কাবিলিয়াত জাৰ্মান ভাষাত প্ৰথমবাৰৰ বাবে এই লোককথাটো সংগ্ৰহ কৰি ১৯২২ চনত প্ৰকাশ কৰিছিল।
-
অচিনাক্ত উৰণীয়া বস্তু
অচিনাক্ত উৰণীয়া বস্তু (ইংৰাজী: Unidentified Flying Object - UFO), বা অচিনাক্ত বিষম পৰিঘটনা (UAP)হৈছে যিকোনো অনুভূত বায়ুমণ্ডলীয়, ডুব যোৱা বা মধ্যমীয়া পৰিঘটনা যিটো তৎক্ষণাত চিনাক্ত বা ব্যাখ্যা কৰিব নোৱাৰি। তদন্তৰ পিছত বেছিভাগ ইউ এফ অ’ক জনা বস্তু বা বায়ুমণ্ডলীয় পৰিঘটনা হিচাপে চিনাক্ত কৰা হয়।
-
অজ্ঞাতব্যক্তিভীতি
অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়। সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।
-
অট ৰন্ধনশৈলী
অট ৰন্ধনশৈলী (ফৰাচী: Haute cuisine; অৰ্থ: উচ্চ পৰ্যায়ৰ ৰন্ধন) বা গ্ৰাণ্ড ৰন্ধনশৈলী হৈছে ৰন্ধনৰ এক শৈলী যি সূক্ষ্ম প্ৰস্তুতি, বিশদ উপস্থাপন আৰু উচ্চ মানদণ্ডৰ সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ।
-
অটোফেজি
B এটা ফ্ৰুইট ফ্লাইলেটাৰ চেপেটা দেহত অটোফেজিক গঠন AP আৰু AL ৰ ইলেক্ট্ৰন মাইক্ৰগ্ৰাফ; Cভোকাতুৰ নিগনিৰ যকৃতৰ কোষত অটোফেগোছম AP ৰ প্ৰতিপ্ৰভ-চিহ্ন]] অটোফেজি (অথবা অটোফেগোছাইটছিছ: গ্ৰীক শব্দ αὐτόφαγος ৰ পৰা আহিছে,অটফেগছ(autophagos) মানে "আত্ম-ভক্ষণ" আৰু κύτος (কাইট'ছ) মানে "ফোঁপোলা।" ই হৈছে কোষৰ এক…
-
অনাথ
অনাথ (Orphan) হৈছে এনে শিশু যাৰ পিতৃ-মাতৃ মৃত, অজ্ঞাত, অথবা চিৰদিনৰ বাবে শিশুটিক ত্যাগ কৰিছে। সাধাৰণ ব্যৱহাৰত, কেৱল মৃত্যুৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুক অনাথ বুলি কোৱা হয়। কিন্তু জন্তুৰ ক্ষেত্ৰত কেৱল মাতৃৰ অৱস্থাহে প্ৰাসংগিক হয়।
-
অন্নপূৰ্ণা মুহিম
অন্নপূৰ্ণা মুহিম হৈছে ২০২৫ চনৰ মাজভাগত জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে আৰম্ভ কৰা এক দাতব্য সেৱা অভিযান। মূলতঃ ভাৰতৰ হাৰিয়ানাৰ ৰোহতক জিলাৰপৰা আৰম্ভ কৰি গ্ৰাম্য আৰু চহৰ অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক খাদ্য ৰেচন, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু চিকিৎসাৰ সহায় আগবঢ়াবলৈ ৰচনা কৰা হৈছে।
-
অভিবাসন
অভিবাসী (ইংৰাজী: Immigrant) হৈছে এনে এজন ব্যক্তি যিয়ে স্থায়ীভাৱে বসবাস কৰাৰ উদ্দেশ্যেৰে নিজৰ মাতৃভূমি বা জন্মস্থান এৰি আন এখন বিদেশী ৰাষ্ট্ৰলৈ গমন কৰে। অভিবাসন প্ৰক্ৰিয়াটো মানৱ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ, যিয়ে যুগে যুগে বিভিন্ন সংস্কৃতি, অৰ্থনীতি আৰু সমাজক প্ৰভাৱিত কৰি আহিছে।
-
অভিবাসীৰ শ্ৰেণীসমূহ
অভিবাসী হৈছে এনে এজন ব্যক্তি যিয়ে নিজৰ মূল দেশ এৰি অন্য এখন দেশত স্থায়ীভাৱে বা দীৰ্ঘম্যাদীভাৱে বসবাস কৰিবলৈ যায়। বিভিন্ন কাৰণত মানুহে দেশান্তৰ কৰে আৰু এই ভিত্তিত অভিবাসীসকলক কেইবাটাও প্ৰধান শ্ৰেণীত ভগাব পাৰি। আন্তৰ্জাতিক আইন আৰু বিভিন্ন দেশৰ অভিবাসন নীতি অনুসৰি এই শ্ৰেণীবিভাজন কৰা হয়।
-
অমৃত ভাৰত এক্সপ্ৰেছ
অমৃত ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতীয় ৰে'লৱেৰ দ্বাৰা পৰিচালিত এক নো-ফ্ৰিল চুপাৰফাষ্ট এক্সপ্ৰেছ সেৱা। ই হৈছে ৮০০ কি.মি. (৫০০ মাইল)তকৈ অধিক দূৰত্বত থকা চহৰ সমূহক সংযোগ কৰা বা বিদ্যমান সেৱাৰ সৈতে ভ্ৰমণ কৰিবলৈ দহ ঘণ্টাতকৈ অধিক সময় লোৱা এক অ-শীততাপ নিয়ন্ত্ৰিত, কম ব্যয়ৰ, স্লিপাৰ তথা অসংৰক্ষিত সেৱা।
-
অমৃতা বসু
অমৃতা বসু হৈছে এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ৰাজনৈতিক বিজ্ঞানী। বৰ্তমান তেওঁ এমহাৰ্ষ্ট কলেজত অধ্যাপক হিচাপে কৰ্মৰত আৰু ৰাজনৈতিক বিজ্ঞান, যৌনতা, মহিলা আৰু লিংগ অধ্যয়ন, এছিয়ান ভাষা আৰু সভ্যতা, লগতে ব্লেক ষ্টাডিজ বিভাগৰ সৈতে জড়িত।
-
অলৌকিক চাপাতি
অলৌকিক চাপাতি বা চাপাতি যীচু হৈছে এটা চাপাটি, বা সমতল ৰুটি, যাৰ ব্যাসৰ প্ৰায় আঠ চেণ্টিমিটাৰ আৰু বিশ্বাসীসকলে দাবী কৰা মতে, ই খ্ৰীষ্টৰ প্ৰতিমূৰ্তি অলৌকিকভাৱে ইয়াৰ ওপৰত জ্বলাই দিয়া।
-
অশুভ দৃষ্টি
অশুভ দৃষ্টি (नज़र; evil eye) হৈছে এক অতিপ্ৰাকৃতবিশ্বাস। অশুভ দৃষ্টিৰ দ্বাৰা কোনো ব্যক্তিৰ জীৱনলৈ অমংগল কঢ়িয়াই অনা হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে এজন ব্যক্তিৰ অজ্ঞাতে এই দৃষ্টি নিক্ষেপ কৰা হয়। প্ৰাচীন গ্ৰীক ধ্ৰুপদী কালৰ পৰা এই ধাৰণাটোৰ আৰম্ভ হৈছে বুলি জনা যায়।
-
অষ্ট্ৰ'হ দুৰ্গ
অষ্ট্ৰ'হ দুৰ্গ ( Ostroh Castle) পশ্চিম ইউক্ৰেইনৰ ৰিভনে অঞ্চলৰ অষ্ট্ৰ'হ চহৰত অৱস্থিত এটা দুৰ্গ। ১৪শ, ১৫শ আৰু ১৬শ শতিকাত এই দুৰ্গটো শক্তিশালী অষ্ট্ৰ'হৰ ৰাজবংশৰ মুখ্য দুৰ্গ আছিল। বৰ্তমান এইটো ধ্বংসাৱশেষত পৰিণত হৈছে।
-
অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথা
অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথা (ইংৰাজী: Mythology of Australia) বহুলাংশে ১৭৮৮ চনৰ পৰা অষ্ট্ৰেলিয়াত উপনিবেশ স্থাপন কৰা ইউৰোপীয়সকলৰ পৰা, পৰৱৰ্তী ঘৰুৱা উদ্ভাৱনৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী আৰু ড্ৰিমটাইমৰ (Dreamtime) কাহিনীৰ সৈতে জড়িত খিলঞ্জীয়া অষ্ট্ৰেলিয়ান পৰম্পৰাৰ পৰা উদ্ভৱ হৈছে।
-
অসমত গঁড়ৰ চোৰাং চিকাৰ
অসমত গঁড়ৰ চিকাৰ ভাৰতৰ অন্যতম মুখ্য পৰিৱেশৰ সমস্যা। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ আন কিছুমান তৃণভূমি অঞ্চলত অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ লগতে কাষৰীয়া পাহাৰৰ পাদদেশত ভাৰতীয় গঁড়ৰ বাসস্থান।
-
অসমীয়া মাটিৰ জোখ-মাখ
অসমত মাটিৰ জোখ-মাখৰ এক অনন্য পৰম্পৰাগত পদ্ধতি আছে যি বিঘা, কঠা, লেচা আদি এককৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতিটো ব্ৰিটিছ যুগৰ পৰা প্ৰচলিত হৈ আহিছে আৰু আজিও অসমৰ গ্ৰাম্য অঞ্চলত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।
-
অসমৰ উৎপত্তি
অসমৰ সঠিক উৎপত্তি অস্পষ্ট যদিও ই ভাৰতৰ এখন ৰাজ্য। আহোম জনগোষ্ঠীৰ সৈতে ইয়াৰ সম্পৰ্ক থকা বুলি সাধাৰণ সহমত আছে। ইংৰাজী নামৰ উৎস যিয়েই নহওক কিয়, অসম নিজেই ইংৰাজীকৃত ৰূপ।
-
অসমৰ চূণ
চূণ ( lime) সাধাৰণতে এবিধ খনিজাত দ্ৰব্য৷ ই কেলচিয়ামযুক্ত অজৈৱ পদাৰ্থ৷ কিন্তু অসমত প্ৰাচীন কালত এবিধ বিশেষ প্ৰকাৰৰ চূণ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হৈছিল যাক গৃহ নিৰ্মাণৰ পৰা তামোল-পাণৰ লগত খোৱালৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল৷ অসমত এই চূণ উৎপাদনৰ লগত এক শ্ৰেণীৰ মানুহ জড়িত হৈ থাকি এক সম্প্ৰদায়ৰো…
-
অসমৰ নৃ-প্ৰজাতীয় গাঁথনি
অসমৰ নৃ-প্ৰজাতীয় গাঁথনি অনাৰ্য, খিলঞ্জীয়া জনসমষ্টিৰ মিলনৰ তীৰ্থভূমি অসমলৈ ভাৰত আৰু বৰ্হিভাৰতৰ পৰা ভিন ভিন জাতি উপজাতিৰ প্ৰৱেশ কৰে। বিজ্ঞানীসকলে পৃথিৱীৰ সকলো মানুহকে একগোট কৰি গঠন কৰা মানৱগোষ্ঠীৰ (হ'ম'ছেপিয়েন্স) মুখ্য প্ৰজাতি চাৰিটা:
-
অসমৰ সমস্যা
ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে।
-
অসুস্থতাজনিত ছুটী
অসুস্থতাজনিত ছুটী বা মজুৰিসহ অসুস্থতাৰ ছুটী হৈছে কৰ্মচাৰীয়ে অসুস্থতা বা স্বাস্থ্যজনিত প্ৰয়োজনৰ বাবে কৰ্মস্থলীৰপৰা অনুপস্থিত থাকি নিজৰ মজুৰি নেহেৰুৱাকৈ ল'ব পৰা ছুটী।
-
অৰ্ণমাই বৰা ধৰ্ষণ কাণ্ড
অৰ্ণমাই বৰা ধৰ্ষণ কাণ্ড অসমৰ যমুনামুখত ২০১৮ চনৰ ৩১ মে’ত সংঘটিত হোৱা ৫৮বছৰীয়া স্কুল শিক্ষয়িত্ৰীক নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা। এই কাণ্ডই সমগ্ৰ ৰাজ্যতে ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰে।
-
অৱধী লোক
অৱধী লোক (দেৱনাগৰী: अवधी, কাইথি: 𑂃𑂫𑂡𑂲, পাৰ্চো-আৰবী: اودھی) হৈছে অৱধী ভাষা কোৱা আৰু উত্তৰ প্ৰদেশৰ আৱধ অঞ্চলত বাস কৰা এটা ভাৰত-আৰ্য্য নৃতাত্ত্বিক-ভাষিক গোট।
-
আইৰণ মেন
আইৰণ মেন (ইংৰাজী: Iron Man; লৌহ মানৱ) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকাৰ কমিক গ্ৰন্থত বৰ্ণনা কৰা এজন মহানায়ক। লেখক আৰু সম্পাদক ষ্টেন লীৰ সহযোগিতাত সৃষ্টি কৰা এই চৰিত্ৰটো চিত্ৰনাট্যকাৰ লেৰী লিবাৰে বিকশিত কৰা আৰু শিল্পী ডন হেক আৰু জেক কিৰ্বিৰ দ্বাৰা সজ্জিত কৰা হৈছিল।
-
আও আও
দক্ষিণ আমেৰিকাৰ পৌৰাণিক কাহিনীৰপৰা অহা এটা দানৱীয় জীৱৰ নাম আও আও। টাউ আৰু কেৰানাৰ অন্যতম অভিশপ্ত পুত্ৰ হিচাপে ই গুয়াৰানি ভাষী সংস্কৃতিৰ ভিতৰত অন্যতম কেন্দ্ৰীয় পৌৰাণিক জীৱ। আও আওক প্ৰায়ে ভেড়াৰ দৰে ভোকাতুৰ জীৱ বুলি বৰ্ণনা কৰা হয় আৰু ইয়াৰ দাঁতৰ বিশাল গোট থাকে।
-
আকা লেৰেণ্টিয়া
আকা লেৰেন্টিয়া বা আকা লেৰেন্টিনা আছিল ৰোমান পৌৰাণিক কাহিনীত এগৰাকী পৌৰাণিক মহিলা, পিছলৈ উৰ্বৰতাৰ দেৱী, যাৰ উৎসৱ লাৰেন্টালিয়াত ২৩ ডিচেম্বৰত উদযাপন কৰা হয়।