[[চিত্ৰ:Autophagy diagram PLoS Biology.jpg|A অটোফেজি প্ৰক্ৰিয়াৰ এক চিত্ৰ, য'ত অটোফেগোছম (AP) আৰু অটোলাইছছমৰ (AL) গঠন হৈছে;
B এটা ফ্ৰুইট ফ্লাইলেটাৰ চেপেটা দেহত অটোফেজিক গঠন AP আৰু AL ৰ ইলেক্ট্ৰন মাইক্ৰগ্ৰাফ; Cভোকাতুৰ নিগনিৰ যকৃতৰ কোষত অটোফেগোছম AP ৰ প্ৰতিপ্ৰভ-চিহ্ন]]
অটোফেজি (অথবা অটোফেগোছাইটছিছ: গ্ৰীক ভাষা শব্দ αὐτόφαγος ৰ পৰা আহিছে,অটফেগছ(autophagos) মানে "আত্ম-ভক্ষণ" আৰু κύτος (কাইট'ছ) মানে "ফোঁপোলা।" ১ ২ ই হৈছে কোষৰ এক প্ৰাকৃতিক, সংৰক্ষিত অবক্ষয় প্ৰক্ৰিয়া, যি লাইছ’ছোম-নিৰ্ভৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ জৰিয়তে অপ্ৰয়োজনীয় বা অক্ষম উপাদানসমূহ অপসাৰণ কৰে।৩ এই প্ৰক্ৰিয়াই কোষীয় উপাদানসমূহৰ সুশৃঙ্খল ভাঙনি আৰু পুনৰব্যৱহাৰৰ সুবিধা দিয়ে৪।
প্ৰাথমিকভাৱে, অটোফেজীয় প্ৰক্ৰিয়া উপবাসৰ সময়ত কোষৰ সুৰক্ষাৰ বাবে হোৱা এটা আদিম অবক্ষয় পথ হিচাপে চিনাক্ত কৰা হৈছিল। কিন্তু বৰ্তমান গৱেষণাই দেখুৱাইছে যে অটোফেজিয়ে উপবাসত নথকা কোষৰ হোমিঅ’ষ্টেছিছত (স্থিতি বজাই ৰাখিবলৈ) মুখ্য ভূমিকা পালন কৰে।৫ অটোফেজিৰ ত্ৰুটিসমূহ নিউৰ’ডিজেনাৰেচন (নাৰ্ভৰ নিচিনা ৰোগ) আৰু কেঞ্চাৰৰ দৰে ৰোগৰ লগত সম্পৰ্কিত। এই ৰোগসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত অটোফেজিৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ ওপৰত সম্প্ৰতি বিশেষ আগ্ৰহ বৃদ্ধি পাইছে।৫৬
অটোফেজিৰ চাৰিটা প্ৰকাৰ চিনাক্ত কৰা হৈছে:
মেক্ৰ’অটোফেজি: এইটো অটোফেজিৰ আটাইতকৈ বিশদভাৱে অধ্যয়ন কৰা প্ৰকাৰ। ইয়াত চাইটোপ্লাজমিক উপাদানসমূহ (যেনে, মাইটোকণ্ড্ৰিয়া) অটোফেগছোম নামৰ ডাবল-মেমব্ৰেনযুক্ত ভেছিকলৰ ভিতৰত কোষৰ পৰা বিচ্ছিন্ন কৰা হয়। এই ভেছিকলবোৰ পিছত লাইছ’ছোমৰ সৈতে মিশ্ৰণ হৈ বৰ্জ্যসমূহ পৰিষ্কাৰ কৰে আৰু পুনৰব্যৱহাৰযোগ্য উপাদান প্ৰস্তুত কৰে।
মাইক্ৰ’অটোফেজি: ই কোষৰ ক্ষুদ্ৰ উপাদানসমূহ সৰলভাৱে ভাঙি পুনৰব্যৱহাৰ কৰে।
চেপেৰোন-মিডিয়েটেড অটোফেজি (CMA): এই প্ৰক্ৰিয়াই বিশেষ চেপেৰোন প্ৰ’টিনৰ সহায়ত উপাদানসমূহ বিচ্ছিন্ন কৰে।
ক্ৰিনোফ্যাজি: এইটো আটাইতকৈ কম অধ্যয়ন কৰা প্ৰক্ৰিয়া, য'ত অপ্ৰয়োজনীয় সিক্ৰেটৰী গ্ৰেনুলবোৰক ভাঙি পুনৰব্যৱহাৰ কৰা হয়।
কেতিয়াবা অটোফেজিয়ে কোষক মানসিক চাপৰ পৰা সুৰক্ষা দি তাক জীয়াই থাকিবলৈ সহায় কৰে। আনফালে, কেতিয়াবা ই কোষৰ মৃত্যু আৰু অসুখ বৃদ্ধি কৰাও দেখা যায়। উপবাসৰ সময়ত, কোষীয় উপাদানসমূহৰ ভাঙনিয়ে কোষৰ শক্তি স্তৰ বজাই ৰাখি কোষৰ জীৱনধাৰণত সহায় কৰে।
"অটোফেজি" শব্দটো ১৯শ শতিকাৰ পৰা ব্যৱহৃত হৈ আহিছে। এই শব্দটো বেলজিয়ান জৈৱ ৰসায়নবিদ ক্ৰিশ্চিয়ান ডি ডুভ-এ ১৯৬৩ চনত প্ৰচলন কৰিছিল। ১৯৯০ চনত ইষ্টত (ইষ্ট প্ৰজাতি) অটোফেজি-সম্পৰ্কিত জিনৰ চিনাক্তকৰণে গৱেষকসকলক এই প্ৰক্ৰিয়াৰ মেকানিজম বুজিবলৈ সহায় কৰিছিল। ২০১৬ চনত জাপানী গৱেষক ইয়োশিন’ৰি ওহছুমি-য়ে এই গৱেষণাৰ বাবে ফিজিঅ’লজী বা মেডিচিনত ন’বেল বঁটা লাভ কৰে।
ইতিহাস
কিথ আৰ প’ৰ্টাৰ আৰু তেওঁৰ ছাত্ৰ থমাছ এছফৰ্ডে ৰকফেলাৰ ইনষ্টিটিউটত প্ৰথমবাৰৰ বাবে অটোফেজি পৰ্যবেক্ষণ কৰে। ১৯৬২ চনৰ জানুৱাৰীত তেওঁলোকে লক্ষ্য কৰিছিল যে গ্লুকাগন যোগ দিলে এন্দুৰৰ যকৃতৰ কোষত লাইছ’ছমৰ সংখ্যা বৃদ্ধি পায় আৰু কেন্দ্ৰৰ ফালে স্থানান্তৰিত কিছু লাইছ'ছম কোষত মাইটোকণ্ড্ৰিয়াৰ দৰে কিছুমান অংগাণু থাকে। তেওঁলোকে এই প্ৰক্ৰিয়াটোক খ্ৰীষ্টিয়ান ডি ডুভ আৰু এলেক্স বি. নভিকফৰ পৰা অনুপ্ৰাণিত হৈ "অটোলাইছিছ" বুলি অভিহিত কৰিছিল। অৱশ্যে, প’ৰ্টাৰ আৰু এছফৰ্ডে ইয়াক লাইছ’ছমৰ গঠন বুলি ভুলকৈ ব্যাখ্যা কৰিছিল ( পূৰ্বৰে পৰা থকা অংগাণুক উপেক্ষা কৰি)। তেওঁলোকৰ মতে লাইছ’ছম কোনো কোষৰ অংগাণু নহয়, ই মাইটোকণ্ড্ৰিয়াৰ দৰেই চাইট’প্লাজমৰ এটা অংশ আৰু সেই হাইড্ৰ'লাইটিক এনজাইমবোৰ মাইক্ৰ’বডিৰ দ্বাৰা উৎপন্ন হয়।৭ ১৯৬৩ চনত হ্ৰুবান, স্পাৰ্গো আৰু তেওঁলোকৰ সহকৰ্মীয়ে "ফোকেল চাইট’প্লাজমিক অৱক্ষয়"( Focal Cytoplasmic Degradation) ৰ এটা বিৱৰণ প্ৰকাশ কৰিছিল, য’ত ১৯৫৫ চনৰ এটা জাৰ্মান অধ্যয়নৰ উদ্ধৃতি দিয়া হৈছিল। হ্ৰুবান আৰু স্পাৰ্গ’ই তিনিটা ক্ৰমাগত পৰ্যায়ৰ বিৱৰণ দিছিল য’ত চাইট’প্লাজমৰ পৃথক অংশবোৰ লাইছ’ছমত ৰূপান্তৰিত হৈছিল। তেওঁলোকে স্বীকৃতি দিছিল যে এই প্ৰক্ৰিয়া কেৱল যে আঘাতৰ বাবে ঘটে তেনে নহয়, বৰং জীৱকোষৰ ব্যৱহাৰ বা অৱক্ষয়ৰ বাবে ঘটা ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া।৮
এই আৱিষ্কাৰৰ পৰা অনুপ্ৰাণিত হৈ, ডি ডুভে এই প্ৰপঞ্চটোক "অটোফেজি" বুলি নামকৰণ কৰিছিল। প’ৰ্টাৰ আৰু এছফৰ্ডৰ বিপৰীতে, ডি ডুভে গ্লুকাগনক যকৃতৰ কোষৰ অপঘাটনৰ এটা মুখ্য উদ্দীপক বুলি বৰ্ণনা কৰিছিল। তেওঁৰ ছাত্ৰ ৰাছেল ডেটাৰৰ সৈতে তেওঁ প্ৰমাণ কৰিছিল যে লাইছ’ছম গ্লুকাগন-প্ৰেৰিত অটোফেজিৰ বাবে উত্তৰদায়ী। এইটোৱেই আছিল লাইছ’ছমক কোষৰ ভিতৰৰ অটোফেজিৰ স্থান হিচাপে স্বীকৃতি দিয়াৰ প্ৰথম উদাহৰণ।৯১০১১১২ ১৯৯০ চনত বিজ্ঞানীৰ কেইবাটাও দলে স্বাধীনভাৱে অংকুৰিত ভেঁকুৰ ব্যৱহাৰ কৰি অটোফেজি-সম্পৰ্কীয় জিন আৱিষ্কাৰ কৰিছিল। বিশেষকৈ, ইয়োশিনোৰি ওহছুমি আৰু মাইকেল থাম-এ উপবাস-আৱেশিত অনিৰ্বাচিত অটোফেজি পৰীক্ষা কৰিছিল; এই সময়তে, ডেনিয়েল জে. ক্লিয়নস্কি-এ চাইট’প্লাজম-টু-ভেকুৱল টাৰ্গেটিং (CVT) পথ আৱিষ্কাৰ কৰিছিল, যি হৈছে এক বিশেষ ধৰণৰ নিৰ্বাচিত অটোফেজি। তেওঁলোকে তৎক্ষণাৎ উপলব্ধি কৰিছিল যে তেওঁলোকৰ পৰীক্ষাৰ পথ মূলতঃ একেটাই, কেৱল তাৰ বিৱৰণ পৃথক-পৃথক দৃষ্টিকোণৰ পৰা দিয়া হৈছে।১৩১৪
প্ৰাথমিকভাৱে, এই গোট আৰু অন্য ভেঁকুৰ বিজ্ঞানীৰ দলৰ দ্বাৰা আৱিষ্কৃত জিনসমূহৰ বিভিন্ন নাম দিয়া হৈছিল (যেনে APG, AUT, CVT, GSA, PAG, PAZ, আৰু PDD)। ২০০৩ চনত ভেঁকুৰ বিজ্ঞানীৰ দলে অটোফেজি জিন চিহ্নিত কৰিবলৈ "ATG" (Autophagy Genes) নাম ব্যৱহাৰ কৰাৰ বাবে এটা ঐক্যবদ্ধ নামপদ্ধতি গ্ৰহণৰ পৰামৰ্শ দিয়ে।১৫]
২০১৬ চনত ফিজিঅ’লজী বা মেডিচিনত ন’বেল বঁটা ইয়োশিনোৰি ওহছুমিক প্ৰদান কৰা হয়,১৬ যদিও কিছুমানৰ মতে এই বঁটা আন কেইবাজনো বিজ্ঞানীয়ে পোৱা উচিত আছিল। অটোফেজি গবেষণাৰ কাম-কাজ একবিংশ শতিকাৰ আৰম্ভণিতে তীব্ৰ গতিত বৃদ্ধি পায়। ATG জিনসমূহৰ বিষয়ে লাভ কৰা জ্ঞানৰ সহায়ত বিজ্ঞানীসকলে মানৱ স্বাস্থ্য আৰু ৰোগত অটোফেজিৰ কাৰ্যবোৰ পৰ্যবেক্ষণ কৰিবলৈ অধিক সুবিধাজনক উপায় বিচাৰি পালে। ১৯৯৯ চনত বেথ লেভিনৰ দলে অটোফেজি আৰু কেঞ্চাৰৰ সৈতে সংযোগ স্থাপন কৰা এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ প্ৰকাশ কৰে।১৭ এতিয়ালৈকে, কেঞ্চাৰ আৰু অটোফেজিৰ মাজৰ সম্পৰ্ক অটোফেজি গৱেষণাৰ এটা মুখ্য বিষয় হৈ আহিছে। নিউৰোডিজেনাৰেশ্বন আৰু ৰোগ-প্ৰতিৰোধত থকা অটোফেজিৰ ভূমিকাইও যথেষ্ট গুৰুত্ব লাভ কৰিছে। ২০০৩ চনত, অটোফেজিৰ ওপৰত প্ৰথম গৰ্ডন ৰিছাৰ্ছ কনফাৰেন্স ৱাটাৰভিলেত অনুষ্ঠিত হৈছিল।১৮ ২০০৫ চনত, ডেনিয়েল জে. ক্লিয়নস্কিয়ে অটোফেজি(Autophagy) নামৰ এখনি বিজ্ঞান সাময়িকী আৰম্ভ কৰে। ২০০৭ চনত মণ্টেৰেই-ত অটোফেজিৰ বিষয়ে প্ৰথম কীষ্ট'ন চিম্পচিয়া(Keystone Symposia) অনুষ্ঠিত হয়।১৯
২০০৮ চনত, কেৰ’ল এ. মাৰ্চাৰ-এ BHMT ফিউজন প্ৰ’টিন (GST-BHMT) সৃষ্টি কৰে, যি কোষৰ ভিতৰত উপবাসৰ ফলত নিৰ্দিষ্ট স্থানত হোৱা কোষ বিভাজন দেখুৱায়। বেটেইন হোম’ছিষ্টেইন মেথাইলট্ৰান্সফাৰেজ (BHMT) এটা মেটাবলিক এনজাইম আৰু ইয়াৰ ক্ষয়ীকৰণৰ সহায়ত স্তন্যপায়ী কোষত অটোফেজিৰ পৰিৱৰ্তন জুখিব পৰা গৈছিল।
মেক্ৰ’অটোফেজি, মাইক্ৰ’অটোফেজি, আৰু চেপাৰ’ণ-মিডিয়েটেড অটোফেজি ATG জিন আৰু ইয়াৰ সংশ্লিষ্ট এনজাইমসমূহৰ দ্বাৰা নিৰ্ধাৰিত।২০২১২২ মেক্ৰ’অটোফেজিক এনজাইমবোৰ থূপ আৰু নিৰ্বাচনক্ষম অটোফেজিত বিভক্ত। নিৰ্বাচনক্ষম অটোফেজিত অংগাণুবোৰৰ বিশেষ অটোফেজি থাকে, যেনে মাইটফেজি (Mitophagy), লিপোফেজি (Lipophagy), পেক্সফেজি (Pexophagy), ক্ল’ৰ’ফেজি (Chlorophagy), ৰিব’ফেজি (Ribophagy) আদি।২৩ ২৪২৫ ২৬ ২৭
মেক্ৰঅটোফেজি হৈছে ক্ষতিগ্ৰস্ত কোষৰ অৰ্গানেল বা অব্যৱহৃত প্ৰ'টিনসমূহ নিৰ্মূল কৰিবলৈ ব্যৱহৃত প্ৰধান উপায়।২৭ প্ৰথমে ফেগ'ফ'ৰে ক্ষয় কৰিবলগীয়া নিৰ্দিষ্ট সামগ্ৰীটো আৱৰি ধৰে, যাৰ ফলত অটোফেগ'জ'ম নামৰ এখন ডাবল আচ্ছাদনৰ গঠন হয়। এই আচ্ছাদনে বিনাশৰ বাবে চিহ্নিত অৰ্গানেলটোক ধৰি ৰাখে।২১২৮ অটোফেগ'জ’মটো কোষৰ চাইট'প্লাজমৰ মাজেৰে গতি কৰি স্তন্যপায়ী প্ৰাণীৰ লাইছ’ছোম বা ইষ্ট আৰু উদ্ভিদৰ ভেকুৱ'ললৈ যায়,২৯[43] আৰু এই দুই অৰ্গানেল মিলি যায়।২১ Within the lysosome/vacuole, the contents of the autophagosome are degraded via acidic lysosomal hydrolase.৩০ লাইছ’ছোম বা ভেকুৱ'লৰ ভিতৰত অটোফেগ'জ’মৰ পদাৰ্থখিনি এছিডিক লাইছ’ছোমাল হাইড্ৰ'লেচৰ মাধ্যমত অৱনমিত হয়।
মাইক্ৰঅটোফেজিৰ ক্ষেত্ৰত চাইট'প্লাজমিক সামগ্ৰীটো পোনপটীয়াকৈ লাইছ’ছোমত সন্নিবিষ্ট হয়।৩১ এই প্ৰক্ৰিয়া লাইছ’ছোমেল আচ্ছাদন ভিতৰলৈ ভাঁজ লাগি (ইনভাজিনেচন) বা কোষীয় বহি:প্ৰসাৰণৰ দ্বাৰা সংঘটিত হয়।২৮
চেপাৰ'ন-মেডিয়েটেড অটোফেজি (CMA) হৈছে এক জটিল আৰু সুনিৰ্দিষ্ট পথ, য'ত hsc70 সম্বলিত কমপ্লেক্সৰ দ্বাৰা স্বীকৃতি জড়িত।২৮৩২ ইয়াৰ অৰ্থ হৈছে প্ৰ'টিনটোত hsc70 কমপ্লেক্সৰ স্বীকৃতিৰ স্থান থাকিব লাগিব, যি ইয়াক চেপাৰ'নটোৰ সৈতে জড়িত কৰি CMA-ৰ চাবষ্ট্ৰেট/চেপাৰ'ন কমপ্লেক্স গঠন কৰে।৩০ এই কমপ্লেক্সটো লাইছ’ছোমেল মেমব্ৰেন-বাউণ্ড প্ৰ'টিনৰ ওচৰলৈ গতি কৰে, যি CMA ৰিছেপ্টৰৰ সৈতে জড়িত হয়। চিনাক্তকৰণৰ পাছত চাবষ্ট্ৰেট প্ৰ'টিনটো ভাঁজ মুক্ত হয় আৰু লাইছ’ছোমেল hsc70 চেপাৰ'নৰ সহায়ত লাইছ’ছোম আচ্ছাদন পাৰ হৈ যায়।২০২১ CMA বাকীবোৰ অটোফেজিৰ পৰা বেলেগ, কাৰণ ই প্ৰ'টিন সামগ্ৰীবোৰ এটা এটাকৈ স্থানান্তৰ কৰে, আৰু লাইছ'ছোমৰ বাধা অতিক্ৰমি যাবলগীয়া পদাৰ্থবোৰৰ নিৰ্বাচনত বিশেষ গুৰুত্ব দিয়ে।২৭
মিট’ফেজি হৈছে মাইটোকণ্ড্ৰিয়াৰ নিৰ্বাচিত অপসাৰণ। সাধাৰণতে ক্ষতি বা চাপৰ পাছত,ক্ষতিগ্ৰস্ত/ ত্ৰুটিযুক্ত মাইটোকণ্ড্ৰিয়াৰ ক্ষেত্ৰত ই সংঘটিত হয়। মিট’ফেজিয়ে মাইটোকণ্ড্ৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে আৰু অক্ষম মাইটোকণ্ড্ৰিয়াৰ সঞ্চয় ৰোধ কৰি কোষীয় ক্ষয় ৰোধ কৰে। ইয়াৰ নিয়ন্ত্ৰণ Atg32 (ইষ্টত) আৰু NIX আৰু ইয়াৰ নিয়ামক BNIP3 (প্ৰাণীৰ ক্ষেত্ৰত) দ্বাৰা হয়। মিট’ফেজি PINK1 আৰু পাৰ্কিন প্ৰ'টিনৰ দ্বাৰা নিয়ন্ত্ৰিত। মিট’ফেজি সংঘটন কেৱল ক্ষতিগ্ৰস্ত মাইটোকণ্ড্ৰিয়াতে সীমাবদ্ধ নহয়, ই সুস্থ মাইটোকণ্ড্ৰিয়াৰ ক্ষেত্ৰতো ঘটে।২২
লিপ’ফেজি হৈছে লিপিডৰ অপসাৰণৰ এক প্ৰক্ৰিয়া, যি প্ৰাণী আৰু ভেঁকুৰৰ কোষৰ ক্ষেত্ৰত উপস্থিত৩৩৩৪। উদ্ভিদৰ কোষত লিপ’ফেজিৰ ভূমিকা এতিয়াও জানিব পৰা হোৱা নাই।৩৫ লিপ’ফেজিৰ ক্ষেত্ৰত লক্ষ্যবস্তু হৈছে লিপিড ড্ৰপলেটস (LDs)। প্ৰাণীৰ কোষত, মূল লিপ’ফেজিক পথ হৈছে মেক্ৰ'অটোফেজিৰ জৰিয়তে LDs আবৃত কৰা। আনহাতে, ভেঁকুৰ কোষত মাইক্ৰ'প্লিপ’ফেজি প্ৰধান পথ৩৬। ২০০৯ চনত লিপ’ফ্যাজি প্ৰথমে আৱিষ্কৃত হৈছিল।৩৭
তথ্যসূত্ৰ
- ↑ αὐτό-φαγος. A Greek–English Lexicon. tufts.edu
- ↑ κύτος. A Greek–English Lexicon. tufts.edu
- ↑ (August 2008). Autophagy revisited: a conversation with Christian de Duve. Autophagy. পৃ. 740–3
- ↑ (November 2011). Autophagy: renovation of cells and tissues. Cell. পৃ. 728–41
- ↑ (April 2020). Autophagy Induction as a Therapeutic Strategy for Neurodegenerative Diseases. Journal of Molecular Biology. পৃ. 2799–2821
- ↑ (September 2017). Targeting autophagy in cancer. Nature Reviews. Cancer. পৃ. 528–542
- ↑ (January 1962). Cytoplasmic components in hepatic cell lysosomes. The Journal of Cell Biology. পৃ. 198–202
- ↑ (June 1963). Focal cytoplasmic degradation. The American Journal of Pathology. পৃ. 657–83
- ↑ (November 1967). Participation of lysosomes in cellular autophagy induced in rat liver by glucagon. The Journal of Cell Biology. পৃ. C11–6
- ↑ (May 1967). Influence of glucagon, an inducer of cellular autophagy, on some physical properties of rat liver lysosomes. The Journal of Cell Biology. পৃ. 437–49
- ↑ (December 1983). Lysosomes revisited. European Journal of Biochemistry. পৃ. 391–7
- ↑ (2013). Autophagy and Cancer. Springer. পৃ. 3–4. ISBN 978-1-4614-6561-4
- ↑ (July 1996). Genetic and phenotypic overlap between autophagy and the cytoplasm to vacuole protein targeting pathway. The Journal of Biological Chemistry. পৃ. 17621–4
- ↑ (October 1996). Cytoplasm-to-vacuole targeting and autophagy employ the same machinery to deliver proteins to the yeast vacuole. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 12304–8
- ↑ (October 2003). A unified nomenclature for yeast autophagy-related genes. Developmental Cell. পৃ. 539–45
- ↑ (October 2016). Medicine Nobel for research on how cells 'eat themselves'. Nature. পৃ. 18–19
- ↑ (December 1999). Induction of autophagy and inhibition of tumorigenesis by beclin 1. Nature. পৃ. 672–6
- ↑ (2003). Autophagy in Stress, Development & Disease. Gordon Research Conference
- ↑ (2007). Autophagy in Health and Disease (Z3). Keystone Symposia on Molecular and Cellular Biology
- ↑ (January 2012). Autophagy, mitochondria and oxidative stress: cross-talk and redox signalling. The Biochemical Journal. পৃ. 523–40
- ↑ (December 2002). Autophagosome formation in mammalian cells. Cell Structure and Function. পৃ. 421–9
- ↑ (January 2011). Mechanisms of mitophagy. Nature Reviews Molecular Cell Biology. পৃ. 9–14
- ↑ (July 2012). Mitophagy: mechanisms, pathophysiological roles, and analysis. Biological Chemistry. পৃ. 547–64
- ↑ (2012). Pexophagy: the selective degradation of peroxisomes. International Journal of Cell Biology. পৃ. 512721
- ↑ (March 2017). Chlorophagy: Preventing sunburn. Nature Plants. পৃ. 17026
- ↑ (February 2018). Systematic analysis of ribophagy in human cells reveals bystander flux during selective autophagy. Nature Cell Biology. পৃ. 135–143
- ↑ (January 2011). Autophagy in immunity and inflammation. Nature. পৃ. 323–35
- ↑ (July 2012). Lysosomal pathways to cell death and their therapeutic applications. Experimental Cell Research. পৃ. 1245–51
- ↑ (April 2012). Variations on a theme: plant autophagy in comparison to yeast and mammals. Protoplasma. পৃ. 285–99
- ↑ (2011). List of autophagy-related proteins and 3D structures. Autophagy Database
- ↑ (2010). The Discovery of Lysosomes and Autophagy. Nature Education. পৃ. 49
- ↑ (September 2008). The chaperone-mediated autophagy receptor organizes in dynamic protein complexes at the lysosomal membrane. Molecular and Cellular Biology. পৃ. 5747–63
- ↑ (January 2013). Regulation of lipid stores and metabolism by lipophagy. Cell Death and Differentiation. পৃ. 3–11
- ↑ (April 2016). Autophagy, lipophagy and lysosomal lipid storage disorders. Biochimica et Biophysica Acta (BBA) - Molecular and Cell Biology of Lipids. পৃ. 269–84
- ↑ (March 2018). Autophagy in turnover of lipid stores: trans-kingdom comparison. Journal of Experimental Botany. পৃ. 1301–1311
- ↑ (January 2014). Lipid droplet autophagy in the yeast Saccharomyces cerevisiae. Molecular Biology of the Cell. পৃ. 290–301
- ↑ (April 2009). Autophagy regulates lipid metabolism. Nature. পৃ. 1131–5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অটোফেজি” প্ৰবন্ধৰ সংশোধন ৬২৪০৫৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।