অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমৰ চূণ

চূণ ( lime) সাধাৰণতে এবিধ খনিজাত দ্ৰব্য৷ ই কেলচিয়ামযুক্ত অজৈৱ পদাৰ্থ৷ কিন্তু অসমত প্ৰাচীন কালত এবিধ বিশেষ প্ৰকাৰৰ চূণ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হৈছিল যাক গৃহ নিৰ্মাণৰ পৰা তামোল-পাণৰ লগত খোৱালৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল৷ অসমত এই চূণ উৎপাদনৰ লগত এক শ্ৰেণীৰ মানুহ জড়িত হৈ থাকি এক সম্প্ৰদায়ৰো…

হালনাগাদ: ২৯ জানুৱাৰী ২০২৩ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

চূণ ( lime) সাধাৰণতে এবিধ খনিজাত দ্ৰব্য৷ ই কেলচিয়ামযুক্ত অজৈৱ পদাৰ্থ৷ কিন্তু অসমত প্ৰাচীন কালত এবিধ বিশেষ প্ৰকাৰৰ চূণ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হৈছিল যাক গৃহ নিৰ্মাণৰ পৰা তামোল-পাণৰ লগত খোৱালৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল৷ অসমত এই চূণ উৎপাদনৰ লগত এক শ্ৰেণীৰ মানুহ জড়িত হৈ থাকি এক সম্প্ৰদায়ৰো সৃষ্টি হৈছিল৷

ব্যৱহাৰ

আহোম যুগত দ’ল-দেৱালয়, মৈদাম আদি সাজিবলৈ স্থানীয়ভাৱে কৰাল তৈয়াৰ কৰা হৈছিল আৰু এই কৰালত চূণ অপৰিহাৰ্য আছিল৷ খনিজাত চূণতকৈ পৰম্পৰাগতভাৱে তৈয়াৰী শামুকৰ চূণ ব্যৱহাৰ কৰিলে কৰাল অধিক মিহি হৈছিল আৰু ইয়াৰে নিৰ্মিত স্থাপত্য নিমজ হৈছিল৷১ চূণ খাদ্য হিচাপে তামোল-পাণৰ লগত খোৱা হয়৷ চূণত কেলচিয়াম আৰু ভিটামিন বি পোৱা যায়৷ ইয়াৰ ঔষধি গুণো থকা বুলি বিশ্বাস৷ সেয়ে কঁকালৰ বিষ, গাঁঠিৰ বিষ, পেটৰ অসুখ আদিত চূণেৰে মালিচ কৰে আৰু খাবলৈ দিয়া হয়৷২

চূণ উৎপাদন পদ্ধতি

অসমৰ পৰম্পৰাগতভাৱে উৎপাদিত চূণ হ’ল শামুকৰ পেটত উৎপাদন কৰা চূণ৷ ইয়াৰ বাবে এক বিশেষ পদ্ধতি প্ৰয়োগ কৰা হয়৷ চূণ প্ৰস্তুত কৰিবলৈ শামুকবোৰৰ পেটৰ মঙহাল অংশ উলিয়াই পেলাই ৰ’দত শুকুৱাই লোৱা হয়৷ তাৰপিছত আলতীয়া মাটিৰে ঘূৰণীয়াকৈ সজা ভাটিত খোলাবোৰ পোৰা হয়৷ ভাটিটো জাপি জাপি শামুকৰ খোলাবোৰ থৈ তলত জুই দি খোলাবোৰ ভালদৰে পুৰি যোৱাৰ পিছত জুই নুমুৱাই ছাইখিনি ঠাণ্ডা হ’বলৈ দিব লাগে৷ তাৰপিছত চালনীৰে চালি আৱৰ্জনা আৰু এঙাৰবোৰ আঁতৰাই তাত জোখমতে পানী ঢালিব লাগে৷ তেতিয়া ছাইখিনি থপথপীয়া হয় আৰু খোৱাৰ উপযুক্ত হৈ পৰে৷ এই চূণৰ শিলৰ পৰা পোৱা চূণতকৈ চোক বেছি৷২৩

চূণ শিল্পৰ সৈতে জড়িত লোক

অসমত চূণ শিল্পৰ সৈতে জড়িত লোকসকলক মুখী নামে জনা যায়৷ ২ আহোম ৰজা চুচেংফাই বৃত্তিয়াল লোকসকলক ঠায়ে ঠায়ে গাওঁ পাতি বহুৱাইছিল৷ তেওঁলোকে ৰজাই নিৰ্ধাৰণ কৰি দিয়া কৰ্মকে পৰম্পৰাগতভাৱে কৰিছিল আৰু তেওঁলোকক সেই কৰ্মৰ নামেৰে জনা গৈছিল৷৩ চূণ উৎপাদনৰ লগত জড়িত লোকসকলক চুনেৰীও বোলা হৈছিল৷ মুখী আৰু চুনেৰীসকলৰ মাজত এটা পাৰ্থক্য আছিল যে, মুখীসকলে শামুক পুৰি ছাই উলিওৱা কামটো মুকলিকৈ কৰিছিল আৰু চুনেৰীসকলে এই কাম বন্ধ ভাটিত কৰিছিল৷ মুকলিত চূণ পুৰিলে বেয়া গোন্ধ ওলাইছিল আৰু ই অস্বাস্থ্যকৰ পৰিৱেশত হৈছিল বাবে মুখী সম্প্ৰদায়টোক চুনেৰীতকৈ মানুহে হীন চকুৰে চাইছিল৷৪

তথ্যসূত্ৰ

  1. ↑ গগৈ, চাও লোকেশ্বৰ. (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল প্ৰকাশন. পৃ. ৭২৩
  2. ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃ. ৪২০
  3. ↑ ৰাজকুমাৰ, ৺সৰ্বানন্দ. (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃ. ১৬৪. ISBN 81-7339-308-7
  4. ↑ শইকীয়া, ড° ৰক্তিম ৰঞ্জন. (২০২২). প্ৰাক্-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস৷. অসম পাব্লিচিং কোম্পানী. পৃ. ৪১৫. ISBN 978-93-92305-41-2

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ চূণ” প্ৰবন্ধৰ সংশোধন ৩৪৩৪৫৬ (২৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।