বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আক্সা শ্বেইখ
আক্সা শ্বেইখ (জন্ম: ১৯৮৩) হৈছে জামিয়া হামদাৰ্ড, নতুন দিল্লীৰ হামদাৰ্ড ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেস এণ্ড ৰিচাৰ্চৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰফেছৰ। তেওঁ এজন ট্ৰান্সজেণ্ডাৰ মহিলা আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰ সক্ৰিয় ব্যক্তি।
-
আচেনা
আচেনা মধ্যযুগৰ তুৰ্কীৰ গকতুৰ্ক সংস্কৃতিত পৌৰাণিক কাহিনীৰ সৈতে জড়িত এগৰাকী মাইকী পহুৰ নাম। গকতুৰ্কসকলৰ পূৰ্বপুৰুষ এগৰাকী মাইকী পহু বুলি দুটা ভিন্ন "পহু কাহিনী"ত উল্লেখ কৰা হৈছে যদিও নাম উল্লেখ কৰা হোৱা নাই।
-
আচেৰী
আচেৰী দক্ষিণ হিমালয়ৰ বিশেষকৈ কুমাওনৰ আশে-পাশে থকা অঞ্চলৰ লোককথাৰ একোগৰাকী কণমানি ছোৱালীৰ আত্মা। দিনত প্ৰায়ে পাহাৰৰ ওপৰত বাস কৰে আৰু গধূলিৰ সময়ত নামি আহি আপোনমনে উমলি-জামলি নৃত্য কৰে।
-
আছিমা
আছিমা এগৰাকী প্ৰাচীন চেমিটিক দেৱী। আছিমা আছিল আক্কাদিয়ান দেৱী শ্বিমতি ("ভাগ্য")ৰ সৈতে সম্পৰ্কিত পশ্চিম চেমিটিক ভাগ্যৰ দেৱী, যি নিজৰ বলত এগৰাকী দেৱী আছিল যদিও ডামকিনা আৰু ইষ্টাৰৰ দৰে আন দেৱীৰ উপাধিও আছিল। উদাহৰণস্বৰূপে ডামকিনাক বানাট শ্বিমতি, "ভাগ্যৰ সৃষ্টিকৰ্তা" বুলি উপাধি দিয়া হৈছিল।
-
আজাতাৰ
আজাতাৰ ফিনিছ লোককথাত থকা এটা দুষ্ট নাৰী আত্মা। নামটো কেতিয়াবা আজাত্তাৰা বুলিও লিখা হয়।
-
আজাদী টাৱাৰ
আজাদী টাৱাৰ (Azadi Tower) হ'ল ইৰানৰ ৰাজধানী চহৰ তেহৰানত অৱস্থিত এটা স্মৃতিসৌধ। ইয়াক স্থানীয়ভাৱে বৰ্জ-ই আজাদি বা ফ্ৰিডম টাৱাৰনামেৰে জনা যায়। ইয়াৰ পুৰণি নাম, শ্বাহ্যাদ টাৱাৰ পৰিচিত। এই স্মৃতিসৌধটো তেহৰানৰ অন্যতম প্ৰধান কীৰ্তীচিহ্ন বুলিব পাৰি।
-
আজি চাকা
আজি চাকা জাভা ভাষাৰ এটা কিংবদন্তি, যিয়ে জাভালৈ কেনেকৈ সভ্যতা আহিছিল আৰু ইয়াক জাভাৰ কিংবদন্তি প্ৰথম ৰজা আজি চাকাই অনাৰ কাহিনী আৰু জাভা লিপিৰ উৎপত্তিৰ পৌৰাণিক কাহিনী আছে।
-
আজেৰবাইজানী লোককথা
আজেৰবাইজানী লোককথা (ইংৰাজী: Azerbaijani folklore) হৈছে আজেৰবাইজান জনগোষ্ঠীৰ লোক পৰম্পৰা।
-
আঞ্চলিক ৰন্ধনশৈলী
আঞ্চলিক ৰন্ধনশৈলী হৈছে ৰাষ্ট্ৰীয়, ৰাজ্যিক বা স্থানীয় অঞ্চলৰ ওপৰত আধাৰিত এক বিশেষ ৰন্ধনশৈলী। কোনো এখন অঞ্চলৰ ভৌগোলিক অৱস্থান, জলবায়ু, কৃষি উৎপাদন, খাদ্য উপকৰণৰ উপলব্ধতা, বাণিজ্যিক যোগাযোগ, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰভাৱত আঞ্চলিক ৰন্ধনশৈলীৰ বিকাশ ঘটে।
-
আট্টাৰৱালা
আট্টাৰৱালা ভাৰতৰ গুজৰাট ৰাজ্যৰ যথেষ্টসংখ্যক থকা এটা মুছলমান সম্প্ৰদায়।
-
আনডিংছি গুহাসমূহ
আনডিংছি গুহাসমূহ (Andingsi Grottoes) ১১৩২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা চীনৰ এক বৌদ্ধ স্থান। এই সৰু গুহাটোৰ দুটা কোঠাৰ দেৱাল আৰু স্তম্ভত শ শ বোধিসত্ত্ব, অৰ্হৎ আৰু বুদ্ধৰ মূৰ্তি খোদিত কৰা হৈছে।
-
আন্না বাণ্টি
আন্না বাণ্টি ( Anna Banti; জন্ম: লুচিয়া লোপ্ৰেষ্টি; ২৭ জুন ১৮৯৫ – ২ ছেপ্টেম্বৰ ১৯৮৫) আছিল এগৰাকী ইটালীয় লেখিকা, শিল্প ইতিহাসবিদ, সমালোচক আৰু অনুবাদক।
-
আফ্ৰিকান চুলিৰ থ্ৰেডিং
আফ্ৰিকান চুলিৰ থ্ৰেডিং (হেয়াৰ থ্ৰেডিং/ থ্ৰেডিং বুলিও কোৱা হয়) হৈছে আফ্ৰিকান সংস্কৃতিত গভীৰভাৱে শিপাই থকা এটা পৰম্পৰাগত কেশ বিন্যাসৰ কৌশল। বহুমুখিতা, সৌন্দৰ্য আৰু সাংস্কৃতিক তাৎপৰ্যৰ বাবে ইয়াক প্ৰতিপালন কৰা হয়।
-
আবটু
আবটু (প্ৰাচীন মিচৰীয়: ꜣbḏw) মিচৰৰ পৌৰাণিক কাহিনী অনুসৰি এটা পৱিত্ৰ মাছৰ নাম আৰু অচিৰিছ আৰু মিচৰৰ আদিম শাসকসকলক সমাধিস্থ কৰা ঠাই আবিডোছ চহৰৰ নাম।
-
আবুৰা আকাগো
আবুৰা-আকাগো (জাপানী ভাষাত "তেলৰ শিশু") হৈছে জাপানী শিশু আত্মা বা ভূতৰ এক প্ৰকাৰ। ট’ৰিয়ামা চেকিয়েনৰ মাজভাগৰ ইডো যুগত কঞ্জাকু গাজু জোকু হায়াকিত চিত্ৰিত হোৱা এটা ইয়োকাই, এণ্ডন লেম্পৰ পৰা তেল উলিয়াই লোৱা এটা শিশু আত্মা হিচাপে চিত্ৰণ কৰা হৈছে।
-
আমূল কন্যা
ভাৰতীয় দুগ্ধ উৎপাদনকাৰী আমূলৰ দ্বাৰা বিজ্ঞাপনত ব্যৱহৃত সৌভাগ্যৰ প্ৰতীক হৈছে, এগৰাকী আমূল কন্যাৰ ছবি। এই প্ৰতীকটো নীলা চুলি আৰু আধা বেণী বান্ধি থোৱা ৰঙা ফুটফুটীয়া ফ্ৰক পিন্ধা এজনী ভাৰতীয় ছোৱালীৰ হাতেৰে অংকন কৰা এটা কাৰ্টুন আমুল কন্যাৰ বিজ্ঞাপনক ইয়াৰ হাস্যৰসৰ বাবে প্ৰায়ে ভাৰতীয় বিজ্ঞাপনৰ অন্যতম…
-
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ সম্বন্ধ
১৯৮০ৰ পৰা ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কোনো আনুষ্ঠানিক সম্পৰ্ক নাই। পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানৰ ৰক্ষক শক্তি ৰূপে কাম কৰে আৰু চুইজাৰলেণ্ডে সেই ভূমিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ইৰানত পালন কৰে।
-
আয়ে নেইন থু
আয়ে নেইন থু (: Aye Nyein Thu,বাৰ্মিজ: အေးငြိမ်းသူ, ৰোমানীকৃত: Ayyngyaim Suu; জন্ম প্ৰায় ১৯৯৫ ), A Nyein নামেৰেও পৰিচিত, ম্যানমাৰৰ চিন ৰাজ্যত আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰা স্বেচ্ছামূলক কামৰ বাবে পৰিচিত এগৰাকী বাৰ্মিজ চিকিৎসক।
-
আলফা প্ৰজন্ম
আলফা প্ৰজন্ম (Generation Alpha; সংক্ষিপ্তত জেন আলফা) হৈছে জেড প্ৰজন্ম আৰু পৰৱৰ্তী বিটাৰ মাজৰ জনগাঁথনিগত গোট। গৱেষক আৰু জনপ্ৰিয় সংবাদ মাধ্যমে সাধাৰণতে ২০১০ চনক এই প্ৰজন্মৰ আৰম্ভণিৰ জন্ম বৰ্ষ আৰু ২০২০ চনৰ মাজভাগক শেষৰটো জন্ম বৰ্ষ হিচাপে চিনাক্ত কৰিলেও এই পৰিসৰসমূহ সঠিকভাৱে সংজ্ঞায়িত কৰা হোৱা নাই…
-
আলফ্ৰেড হাইস্কুল
ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।
-
আলবেনিয়ান লোকবিশ্বাস
আলবেনিয়ান লোকবিশ্বাস (ইংৰাজী: Albanian folk beliefs) আৰু আলবেনিয়ান পৌৰাণিক কাহিনী (Albanian mythology) সমূহে আলবেনিয়ান জনসাধাৰণৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, শ্ৰুতিকথা, কিংবদন্তি আৰু কাহিনীত প্ৰকাশ পোৱা বিশ্বাসসমূহক সামৰি লৈছে।
-
আলমেড চাটেল
আলমেড চাটেল (ইংৰাজী: Almede Chattelle) আছিল এজন যাযাবৰী ব্যক্তি যাক ১৮৯৪ চনত ওণ্টাৰিঅ'ৰ লিষ্টৱেলত ১৩বছৰীয়া জেচি কিথৰ হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।
-
আল্ফ আৰু আলফিল্ড
গেষ্টা ডানোৰামৰ মতে, গেটিছ ৰজা ছিৱাৰ্ডৰ কন্যা আলফিল্ড আছিল এগৰাকী পুৰুষ যোদ্ধাৰ সমকক্ষ যুৱতী, যিয়ে মহিলা জলদস্যুৰ এটা দলৰ সৈতে নিজাকৈ লংশ্বিপৰ মহল আছিল আৰু বাল্টিক সাগৰৰ উপকূলত আক্ৰমণ চলাইছিল।
-
আৰাবেলা ডৰ্মান
আৰাবেলা ডৰ্মান (: Arabella Dorman; জন্ম: ১৯৭৫ চনত লণ্ডনত) এগৰাকী বৃটিছ যুদ্ধ শিল্পী আৰু প্ৰতিকৃতি চিত্ৰকৰ। ২০১৪ চনত বিবিচিৰ "১০০ মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।
-
আৱিষ্কাৰ মতবাদ
আৱিষ্কাৰ মতবাদ (Discovery doctrine) আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ধাৰাবাহিক সিদ্ধান্তত ব্যাখ্যা কৰা ৰাজহুৱা আন্তঃৰাষ্ট্ৰীয় আইনৰ এটা ধাৰণা, বিশেষকৈ ১৮২৩ চনত জনছন বনাম এম’ইণ্টছ।
-
ইংগেলা গাথেনহেম
ইংগেলা অল্ফছডটাৰ গাথেনহেম (জন্ম নাম, হামাৰ; ১১ ছেপ্টেম্বৰ ১৬৯২ – ২৯ এপ্ৰিল ১৭২৯) গ্ৰেট নৰ্ডাৰ্ন যুদ্ধৰ সময়ত ছুইডেনৰ ৰজা দ্বাদশ চাৰ্লছৰ সেৱাত থকা এগৰাকী ছুইডেনৰ জাহাজৰ মালিক আৰু ব্যক্তিগত জাহাজ মালিক আছিল।
-
ইউক্ৰেইনৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকা
ইউক্ৰেইনৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকা: ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা। ১৯৭২ চনত প্ৰতিষ্ঠা কৰা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলনৰ স্বাক্ষৰকাৰী দেশসমূহে মনোনীত কৰা অসাধাৰণ সৰ্বজনীন মূল্যসম্পন্ন সাংস্কৃতিক বা প্ৰাকৃতিক ঐতিহ্যসমূহক ইউনেস্কোৱে বিশ্ব ঐতিহ্য স্থান…
-
ইজিপ্তত ধৰ্ষণ
ইজিপ্তত ধৰ্ষণ কৰাটো এটা অপৰাধমূলক অপৰাধ আৰু ইয়াৰ শাস্তি আজীৱন কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে হয়। বৈবাহিক ধৰ্ষণ বৈধ। ২০০৮ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘই ইজিপ্তৰ স্বৰাজ মন্ত্ৰালয়ৰ হিচাপ উদ্ধৃত কৰে যে, প্ৰতি বছৰে ২০,০০০ ধৰ্ষণ সংঘটিত হয়, যদিও সমাজকৰ্মী এংগি ঘোজলান (ECWR)ৰ মতে, স্বৰাজ মন্ত্ৰালয়ে…
-
ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট
ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট (IPP, ভাৰত স্বাভিমান পৰিযোজনা) হৈছে শিল্প অনুৰাগীসকলৰ এটা তৃণমূল পৰ্যায়ৰ গোট যিয়ে ভাৰতৰ মন্দিৰৰ পৰা চুৰি হোৱা ধৰ্মীয় সামগ্ৰী চিনাক্তকৰণৰ বাবে মুক্ত উৎসৰ চোৰাংচোৱাগিৰি ব্যৱহাৰ কৰে যাতে তেওঁলোকৰ উভতি অহাৰ সুবিধা হয়।
-
ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট
ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট ভাৰতৰ ৰাজধানী নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা এখন মান্যতাবিহীন প্ৰতিষ্ঠান, সমগ্ৰ দেশ জুৰি ১৮টা শাখা আছিল। প্ৰতিষ্ঠানখন মিছা বিজ্ঞাপন আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে বহুলভাবে সমালোচিত হৈছে।