অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথা (ইংৰাজী: Mythology of Australia) বহুলাংশে ১৭৮৮ চনৰ পৰা অষ্ট্ৰেলিয়াত উপনিবেশ স্থাপন কৰা ইউৰোপীয়সকলৰ পৰা, পৰৱৰ্তী ঘৰুৱা উদ্ভাৱনৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী আৰু ড্ৰিমটাইমৰ (Dreamtime) কাহিনীৰ সৈতে জড়িত খিলঞ্জীয়া অষ্ট্ৰেলিয়ান পৰম্পৰাৰ পৰা উদ্ভৱ হৈছে। অষ্ট্ৰেলিয়াৰ পৌৰাণিক কাহিনীবোৰ মৌখিক পৰম্পৰা, ঐতিহাসিক বিৱৰণী আৰু আদিবাসী সম্প্ৰদায়ৰ ভিতৰত থকা ড্ৰিমটাইমৰ প্ৰথা আৰু বিশ্বাসৰ সংমিশ্ৰণৰ যোগেদি জীয়াই আছে।১২
ড্ৰিমটাইম
অষ্ট্ৰেলিয়াৰ পৌৰাণিক কাহিনীৰ আৰম্ভণি ৬৫,০০০ বছৰ আগৰ “ড্ৰিমটাইম” নামেৰে জনাজাত আদিবাসী বিশ্বাস ব্যৱস্থাৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠিছে। আদিবাসীসকলে বিশ্বাস কৰিছিল যে পৃথিৱীখন আধ্যাত্মিক সত্তাই সৃষ্টি কৰিছে যিয়ে ভৌতিকভাৱে ভূমি, সাগৰ, প্ৰাণী আৰু মানুহক প্ৰতিনিধিত্ব কৰে। “প্ৰাকৃতিক জগতৰ সকলো বস্তুৱেই আধ্যাত্মিক সত্তাৰ প্ৰতীকী পদচিহ্ন, যাৰ কাৰ্য্যই আমাৰ পৃথিৱীখন সৃষ্টি কৰিছিল।”৩ গল্প কোৱা, নৃত্য আৰু শিল্পৰ দৰে অনুশীলনৰ জৰিয়তে ড্ৰিমটাইমে আদিবাসী সংস্কৃতি আৰু আধ্যাত্মিকতাৰ ভেটি প্ৰতিস্থা কৰিছিল।৪
ঔপনিৱেশিক শ্ৰুতিকথা আৰু লোককথা
ইউৰোপীয় বসতিৰ পিছৰে পৰা অষ্ট্ৰেলিয়াৰ পৌৰাণিক কাহিনীবোৰে ড্ৰিমটাইমৰ পৰা আঁতৰি আহি সাধাৰণ অষ্ট্ৰেলিয়াৰ শ্ৰমিকৰ আদৰ্শৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰে।৫ এই নতুনকৈ সৃষ্টি হোৱা কাহিনীবোৰৰ এটা শক্তিশালী কেন্দ্ৰীয় বিষয়বস্তু আছিল বিদ্ৰোহ, য'ত সাধাৰণ নায়কসকলৰ কাহিনী আছিল অন্তৰ্ভুক্ত কৰা হৈছিল। এই নায়কসকলে “প্ৰতিকূলতাৰ সন্মুখীন হৈ হাঁহে, বৃহৎ অসুবিধাৰ সন্মুখীন হয় আৰু ইচ্ছাকৃতভাৱে কৰ্তৃত্ব আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে অগ্ৰসৰ হয়”।১
অষ্ট্ৰেলিয়াৰ “সোণৰ পিছত দৌৰা”ৰ (সোণ খন্দা অভিযান) সময়ত এই নায়কসকলক আৰু অধিক ৰোমাণ্টিক কৰি তোলা হৈছিল, জনসাধাৰণে মৰমেৰে তেওঁলোকক “দ্য ডিগাৰ্ছ”৬ (The Diggers) বুলি অভিহিত কৰিছিল; যিয়ে গীত আৰু কবিতা লিখিছিল আৰু সাধাৰণতে সেইবোৰে তেওঁলোকৰ লগতে তেওঁলোকৰ জীৱন আদৰ্শগত কৰি তুলিছিল। প্ৰথম বিশ্বযুদ্ধত সেৱা আগবঢ়োৱা সৈনিকসকলকো “দ্য ডিগাৰ্ছ” বুলিও অভিহিত কৰাৰ পৰাই মূলসুঁতিৰ পৰ্যায়ত ই অধিক প্ৰভাৱশালী বুলি প্ৰমাণিত হয় আৰু এই নামটো আজিও প্ৰচলিত হৈ আছে।৭
বান্যিপ
বান্যিপ (Bunyip) হৈছে অষ্ট্ৰেলিয়াৰ আদিবাসী পৌৰাণিক কাহিনীৰ অন্তৰ্গত এটা বৃহৎ কিংবদন্তিমূলক জীৱ। এই জীৱটো জলাশয় বা সৰু সৰু জলাশয়ত (বিলাবং) আত্মগোপন কৰি থাকে আৰু তাৰ তীৰলৈ অহা মানুহক খায় বুলি বিশ্বাস কৰা হয়। বৰ্ণনাৰ ভিন্নতা থাকিলেও এই জীৱটোক সৰীসৃপ আৰু মাৰ্চুপিয়াল (কেঙ্গেৰু আদি থলীযুক্ত প্ৰাণী)ৰ বৰ্ণসংকৰ বুলি কোৱা হয়, যাক হিংস্ৰ আচৰণৰ প্ৰদৰ্শন কৰা "এটা ডাঙৰ কুকুৰ"ৰ সৈতে তুলনা কৰিব পাৰি।৮ পৌৰাণিক কাহিনীত ধাৰাবাহিকভাৱে জলাশয় আৰু নদীক বান্যিপ পছন্দৰ ঘৰ হিচাপে নামকৰণ কৰা হৈছে, য'ত কোৱা হৈছে যে বছৰ বছৰ ধৰি বসতি স্থাপন কৰা এই জীৱটোক স্থানীয় লোকসকলে আমনি কৰাৰ বাবে ই স্থানীয় লোকসকলক আক্ৰমণ কৰিছিল। এই জীৱটোৱে প্ৰায়ে মহিলা আৰু শিশুক আক্ৰমণ কৰিবলৈ বেছি "পছন্দ" কৰে।৯
ড্ৰপ বেৰ
ড্ৰপ বেৰ (Drop Bear) হৈছে ইউৰোপীয়সকলৰ পৰা উদ্ভৱ হোৱা অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথাৰ এটা পৌৰাণিক অষ্ট্ৰেলিয়ান মাৰ্চুপিয়াল জাতীয় জীৱ। ড্ৰপ বিয়াৰ ডাঙৰ, মাংসভোজী কোৱালা (koala) বুলি কোৱা হয় যিয়ে গছৰ শিখৰত বাস কৰে আৰু ওপৰৰ পৰা মূৰত তললৈ পেলাই নিজৰ চিকাৰক আক্ৰমণ কৰে। সাধাৰণতে নিষ্ক্ৰিয় কোৱালাৰ আচৰণৰ বৈশিষ্ট্যসমূহক অতিৰঞ্জিত কৰা বাবে অষ্ট্ৰেলিয়ানসকলে এই শ্ৰুতিটোক প্ৰায়ে হাস্যকৰ বুলি গণ্য কৰে।১০
য়ৱি
য়ৱি (Yowie) হৈছে অষ্ট্ৰেলিয়াৰ সীমান্তত বাস কৰা এজন পৌৰাণিক মানৱ সদৃশ জীৱ। এই জীৱটোৰ বৰ্ণনা ইউৰোপীয় আৰু আদিবাসী দুয়ো প্ৰকাৰৰ শ্ৰুতিকথাতেই পোৱা যায়। "দীঘল, ঠেক" মানৱসদৃশ জীৱ হিচাপে বৰ্ণনা কৰা য়ৱিসকলক ভূখণ্ডীয় আৰু আদিম প্ৰকৃতিৰ বুলি কোৱা হৈছিল। কিছুমান ক্ষেত্ৰত য়ৱিসকল নৃশংস আছিল, তেওঁলোকে পাতি থোৱা বিশৃংখল ফান্দত পৰা মানুহক চিকাৰ কৰিছিল আৰু ভোজ খাইছিল।১১ ১৯৯০ চনত “কেডবেৰী” মিঠাই কোম্পানী এটাই পৌৰাণিক কাহিনীৰ সৈতে জড়িত চকলেট তৈয়াৰ কৰাৰ পিছৰে পৰা এই কিংবদন্তিটোৱে মূলসুঁতিৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে এনে মানুহ-মাৰ্চুপিয়াল বৰ্ণসংকৰ ছটা চৰিত্ৰ সৃষ্টি কৰিছিল।১২
তথ্যসূত্ৰ
- ↑ (2008-02-25). Australian folklore. australia.gov.au
- ↑ Editors, various. The Dreaming | Australian Aboriginal mythology. Britannica.com
- ↑ Why the stories are told
- ↑ AUSTRALIAN HISTORY: DREAMTIME
- ↑ (2016-02-02). Australia's Culture - Tourism Australia. Australia.com
- ↑ The Story. Monsterneeting.net
- ↑ (2015-02-11). The Australian gold rush. Australia.gov.au
- ↑ Bunyips have their origins in the folklore of the Aborigines. Murrayriver.com.au
- ↑ (2007-01-12). Bunyip. Paranormal-encyclopedia.com
- ↑ Drop Bear. Australian Museum
- ↑ Chapter1 - The Yowie in Aboriginal Myth and Legend. The Australian Yowie Research Centre
- ↑ Fact File
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথা” প্ৰবন্ধৰ সংশোধন ৬১৯২৫৮ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।