অনাথ (Orphan) হৈছে এনে শিশু যাৰ পিতৃ-মাতৃ মৃত, অজ্ঞাত, অথবা চিৰদিনৰ বাবে শিশুটিক ত্যাগ কৰিছে।১২ সাধাৰণ ব্যৱহাৰত, কেৱল মৃত্যুৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুক অনাথ বুলি কোৱা হয়। কিন্তু জন্তুৰ ক্ষেত্ৰত কেৱল মাতৃৰ অৱস্থাহে প্ৰাসংগিক হয়। অৰ্থাৎ যদি মাতৃ নাথাকে, পিতৃৰ অৱস্থা নিৰ্বিশেষে সন্তানক অনাথ আখ্যা দিয়া হয়।৩
বিভিন্ন গোটে অনাথ সকলক চিনাক্ত কৰিবলৈ বিভিন্ন সংজ্ঞা ব্যৱহাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰত ব্যৱহৃত এটা আইনী সংজ্ঞামতে অনাথ হৈছে এজন নাবালক যাৰ পিতৃ-মাতৃ দুয়োজনৰ মৃত্যু হৈছে বা নিৰুদ্দেশ বা পৰিত্যক্ত হৈছে।৪ সাধাৰণ ব্যৱহাৰত, এজন অনাথৰ যত্ন লোৱাৰ বাবে কোনো জীৱিত পিতৃ-মাতৃ নাথাকে। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (ইউনিচেফ), এইচ.আই.ভি. আৰু ইউনাইটেড নেসনচ এইডছ (ইউ.এন.এইডছ), আৰু অন্যান্য গোটে পিতৃ বা মাতৃ যিকোনো এজন হেৰুওৱা শিশুকো অনাথ বুলি আখ্য দিয়ে। এই পদ্ধতিত, যি শিশুৰ মাতৃৰ মৃত্যু হয় তেওঁক মাতৃ-অনাথ, আৰু যাৰ দেউতাকৰ মৃত্যু হৈছে তাক পিতৃ-অনাথ, আৰু যি শিশোৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তাক দ্বৈত-অনাথ বোলা হয়।৫ কেৱল এজন অভিভাৱক হেৰুওৱা শিশুক বৰ্ণনা কৰিবলৈ অৰ্ধ-অনাথৰ পুৰণি ব্যৱহাৰৰ সৈতে উক্ত সঙ্গ্যাৰ বিপৰীততা দেখা যায়।৬
ইতিহাস
এইডছৰ দৰে যুদ্ধ আৰু মহামাৰীৰ দ্বাৰা বহুতো শিশু অনাথ হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, বিভিন্ন দেশত বৃহৎ সংখ্যক শিশু অনাথ হৈছিল, যাৰ ভিতৰত আছে ইউৰোপত প্ৰায় ১,000,000 – ১৩,000,000জন গণ মৃত্যু আৰু মানুহৰ প্ৰব্ৰজনৰ ফলত। জাদে (২০০৬) অনুমান কৰিছিল যে চেকস্লোভাকিয়াত ৯,০০০ অনাথ, নেডাৰলেণ্ডছত ৬০,০০০, পোলেণ্ডত ৩,০০,০০০, যুগোশ্লাভিয়াত ২,০০,০০০ আৰু লগতে ছ'ভিয়েট সংঘ, জাৰ্মানী, ইটালী আৰু অন্যান্য ঠাইত আন বহুতো অনাথ শিশু আছে। ৭
জনসংখ্যা
উন্নত দেশবোৰত অনাথ শিশুৰ সংখ্যা তুলনামূলকভাৱে কম, কিয়নো কেঁচুৱাটো ডাঙৰ নোহোৱালৈকে পিতৃ-মাতৃ দুয়ো জীয়াই থাকে। যুদ্ধবিধ্বস্ত দেশবোৰত (যেনে আফগানিস্তান) অধিক অনাথ শিশু দেখা যায়।
| মহাদেশ | অনাথৰ সংখ্যা (হেজাৰত) | অনাথৰ শিশুৰ শতকৰা হাৰ |
|---|---|---|
| আফ্ৰিকা | ৩৪.২৯৪ | ১১.৯% |
| এছিয়া | ৬৫,৫০৪ | ৬.৫% |
| লেটিন আমেৰিকা আৰু কেৰিবিয়ান | ৮,১৬৬ | ৭.৪% |
| মুঠ | ১০৭,৯৬৪ | ৭.৬% |
উল্লেখযোগ্য অনাথ
বিখ্যাত অনাথ সকলৰ ভিতৰত আছে আলেকজেণ্ডাৰ হেমিল্টন, এৰন বুৰ আৰু এণ্ড্ৰিউ জেকচন আদিৰ দৰে বিশ্বৰ নেতা; এডগাৰ এলান পো আৰু লেৱ তলস্ত’য়ৰ দৰে লিখক; আৰু এৰন হাৰ্নান্দেজৰ দৰে খেলুৱৈ। আমেৰিকাৰ অনাথ হেনৰী ডাৰ্গাৰে তেওঁৰ কেনভাচত তেওঁৰ অনাথ আশ্ৰমৰ ভয়ংকৰ পৰিস্থিতি ৰচনা লিখ থৈ গৈছিল। অন্যান্য উল্লেখযোগ্য অনাথ সকলৰ ভিতৰত আছে লুই আৰ্মষ্ট্ৰং, মেৰিলিন মনৰো, বেব ৰুথ, ৰে চাৰ্লছ আৰু ফ্ৰান্সেছ মেকডৰমেণ্ডৰ দৰে মনোৰঞ্জনৰ মহান ব্যক্তি, আৰু সাহিত্য আৰু কমিক্সৰ অসংখ্য কাল্পনিক চৰিত্ৰ।
তথ্যসূত্ৰ
- ↑ Merriam-Webster online dictionary
- ↑ The Shorter Oxford English Dictionary, 3rd edition "One deprived by death of father or mother, or (usu.) of both; a fatherless or motherless child."
- ↑ orphan. Dictionary.com
- ↑ USCIS definition for immigration purposes
- ↑ UNAIDS Global Report 2008
- ↑ See, for example, this 19th-century news story about The Society for the Relief of Half-Orphan and Destitute Children, or this one about the Protestant Half-Orphan Asylum
- ↑ For a high estimate see I.C.B. Dear and M.R.D. Foot, eds. The Oxford companion to World War II (1995) p. 208; for lower, see Tony Judt, Postwar: a history of Europe since 1945 (2006) p. 21
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাথ” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।