অঁতোৱান মাৰী জঁ-বাতিস্ত ৰ’জে, ৱিকঁৎ দ্য ছেঁৎ-এগজ্যুপেৰী, যিজন অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী (Antoine de Saint-Exupéry,; ২৯ জুন ১৯০০ – ৩১ জুলাই ১৯৪৪) নামেৰে সুপৰিচিত, এজন ফৰাচী লেখক, সাংবাদিক, বৈমানিক আৰু সামৰিক কৰ্মকৰ্তা আছিল। তেওঁৰ শিশুসাহিত্যধৰ্মী গ্ৰন্থ ল্য প্যতি প্ৰেঁছ বিশ্ববিখ্যাত এখন উপন্যাসিকা।
ছেঁৎ-এগজ্যুপেৰী দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে এজন সফল বাণিজ্যিক বৈমানিক আছিল। তেওঁ ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন বিমান ডাকপথত উৰাজাহাজ চলাইছিল। যুদ্ধৰ আৰম্ভণিতে তেওঁ ফৰাচী বিমানবাহিনীত যোগদান কৰে আৰু ১৯৪০ চনত জাৰ্মানীৰ সৈতে ফ্ৰাঞ্চৰ যুদ্ধবিৰতি পৰ্যন্ত অনুসন্ধানমূলক (ৰ্যকনেছঁছ) অভিযানত উৰণ সম্পন্ন কৰে। ফৰাচী বিমানবাহিনীৰ পৰা অব্যাহতি লাভ কৰাৰ পিছত তেওঁ নাৎছী জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ ফৰাচী চৰকাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।
ছেঁৎ-এগজ্যুপেৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ২৮ মাহ অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁ তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিখন গ্ৰন্থ ৰচনা কৰে। ইয়াৰ পিছত তেওঁ উত্তৰ আফ্ৰিকাত মুক্ত ফৰাচী বিমানবাহিনীত যোগদান কৰে, যদিও এনে বৈমানিকসকলৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ বয়সসীমা তেওঁ অতিক্ৰম কৰিছিল আৰু তেওঁৰ স্বাস্থ্যও ক্ৰমে অৱনতি ঘটিছিল। ১৯৪৪ চনৰ ৩১ জুলাইত ফৰাচী কৰ্চিকা দ্বীপৰ পৰা ভূমধ্যসাগৰৰ ওপৰত এক অনুসন্ধানমূলক (ৰ্যকনেছঁছ) অভিযানত ওলাই যোৱাৰ সময়ত তেওঁ নিৰুদ্দেশ হয় আৰু সেই সময়তেই তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়।১ যদিও ২০০০ চনত তেওঁৰ উৰাজাহাজৰ ধ্বংসাৱশেষ মাৰ্ছেই উপকূলত উদ্ধাৰ কৰা হৈছিল, তথাপিও দুৰ্ঘটনাটোৰ চূড়ান্ত কাৰণ এতিয়াও অজ্ঞাত হৈয়ে আছে।২
তথ্যসূত্ৰ
- ↑ Tagliabue, John. (2008-04-11). Clues to the Mystery of a Writer Pilot Who Disappeared. The New York Times
- ↑ Kocis, Desiree. (17 December 2019). Mysteries of Flight: The Disappearance of Antoine de Saint-Exupéry. Plane & Pilot Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী” প্ৰবন্ধৰ সংশোধন ৬১৫৭০৭ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।