অশুভ দৃষ্টি (नज़र; evil eye) হৈছে এক অতিপ্ৰাকৃতবিশ্বাস।১ অশুভ দৃষ্টিৰ দ্বাৰা কোনো ব্যক্তিৰ জীৱনলৈ অমংগল কঢ়িয়াই অনা হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে এজন ব্যক্তিৰ অজ্ঞাতে এই দৃষ্টি নিক্ষেপ কৰা হয়। প্ৰাচীন গ্ৰীক ধ্ৰুপদী কালৰ পৰা এই ধাৰণাটোৰ আৰম্ভ হৈছে বুলি জনা যায়। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত চালচিডিয়ান সুৰাপানৰ পাত্ৰত এক প্ৰকাৰৰ এপোট্ৰোপাইক যাদু হিচাপে এনে এক চিত্ৰণ দেখা গৈছিল,২ যাক 'আই কাপ' বুলি কোৱা হৈছিল।৩ ভূমধ্যসাগৰীয় অঞ্চলৰ বহুতো সংস্কৃতিত এই বিশ্বাসৰ প্ৰচলন দেখা যায়। এই সংস্কৃতিয় বিশ্বাস অনুসৰি অশুভ দৃষ্টিৰ প্ৰভাৱত কোনো লোকৰ দুৰ্ভাগ্য বা আঘাত হোৱাৰ সম্ভাৱনা থাকে।৪ আনহাতে কোনো কোনো বিশ্বাস অনুসৰি ই এক প্ৰকাৰৰ অতিপ্ৰাকৃতিক শক্তি যি আনৰ (বিশেষকৈ নিৰীহ লোক) ক্ষতি কৰিব বিচৰা লোকসকলক এক অশুভ দৃষ্টি প্ৰদান কৰে বা প্ৰতিফলিত কৰে।
অশুভ দৃষ্টিৰ সুৰক্ষাৰ চিহ্নটোৰ পুৰণি কৱচ সমূহ প্ৰায়ে চিৰামিক বা মাটিৰে তৈয়াৰ কৰা হৈছিল। অৱশ্যে খ্ৰীষ্টপূৰ্ব প্ৰায় ১৫০০ চনত ভূমধ্যসাগৰীয় অঞ্চল সমূহত কাঁচৰ মণি উপলব্ধ হোৱাৰ পিছত ফোনিচিয়ান, পাৰ্চী, গ্ৰীক, ৰোমান আৰু অটোমানসকলৰ মাজত এই কাঁচৰ মণিৰ সহায়ত বনোৱা কৱচ জনপ্ৰিয় হৈ উঠিছিল। এই সামগ্ৰী নিৰ্মাণত নীলা ৰঙৰ ব্যৱহাৰ হোৱাৰ মূলতে নীলৰ উপলব্ধতা বুলি ধাৰণা কৰা হয়। কিয়নো সেইসময়ত এই ৰঙ সৃষ্টি কৰা তুলনামূলকভাৱে সহজ আছিল। অৱশ্যে আধুনিক অশুভ দৃষ্টিৰ সুৰক্ষা কৱচ সমূহৰ ৰঙৰ পৰিসৰ বিভিন্ন হ'ব পাৰে।
এই শব্দটোৰ দ্বাৰা প্ৰকাশিত ধাৰণাটোৱে বিভিন্ন সংস্কৃতিক ইয়াৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰে। বিশ্বৰ প্ৰায় ৪০% লোকে অশুভ দৃষ্টিক বিশ্বাস কৰে। .৫ বিভিন্ন সংস্কৃতিৰ মাজত ধাৰণা আৰু ইয়াৰ তাৎপৰ্য ব্যাপকভাৱে পৃথক, কিন্তু ভূমধ্যসাগৰীয় আৰু পশ্চিম এছিয়াত ই বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইহুদী ৰাব্বিনিক সাহিত্যত এই ধাৰণাটো একাধিকবাৰ দেখা যায়।৬ অশুভ দৃষ্টিৰ পৰা আঁতৰি থাকিবলৈ ব্যৱহৃত অন্যান্য জনপ্ৰিয় তাবিজ বা কৱচ বোৰৰ ভিতৰত হামচা, কৰ্ণিচেলো (বিশেষকৈ দক্ষিণ ইটালীৰ), চিমাৰুটা আৰু শিঙৰ চিহ্নকে ধৰি অশুভ দৃষ্টিৰ বিৰুদ্ধে প্ৰতিৰক্ষা ৰখাৰ বাবে বিভিন্ন ধৰণৰ অনন্য আকৰ্ষক আৰু ভঙ্গী ব্যৱহাৰ কৰা হৈছিল।
ইজিপ্তিয়ান আই অৱ হোৰাছ হৈছে সুৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে ব্যৱহাৰ হোৱা এনেধৰণৰে এক প্ৰতীক। একেদৰে, টেল ব্ৰেক আই টেম্পলতৰ খননত উদ্ধাৰ হোৱা চকুৰ-আৰ্হিবোৰ (৮৭০০-৩৫০০ খ্ৰীষ্টপূৰ্ব) দেৱতাসকললৈ আগবঢ়োৱা মূৰ্তি আছিল বুলি বিশ্বাস কৰা হয়। মেট্ৰ'পলিটান মিউজিয়াম অফ আৰ্টৰ মতে এই সমূহ অশুভ দৃষ্টিৰ বিশ্বাসৰ সৈতে সম্পৰ্কিত নহয়।৭৮
ইতিহাস
অশুভ দৃষ্টিৰ ওপৰত প্ৰজন্মৰ বিশ্বাস অতি কমেও প্ৰাচীন উগাৰিটৰ পৰা আৰম্ভ হৈছে বুলি ধাৰণা কৰা হয়। চিৰিয়াৰ ধ্বংসাৱশেষ সম্পৰ্কীয় গ্ৰন্থত এই তথ্যৰ প্ৰমাণ পোৱা গৈছে। যিহেতু চহৰখন প্ৰায় ১২৫০ খ্ৰীষ্টপূৰ্বত ধ্বংস হৈছিল অৰ্থাৎ ব্ৰঞ্জ যুগৰ শেষৰ ফালে। সেয়ে এই বিশ্বাস চিৰিয়াৰ পুনৰ নিৰ্মাণৰ পূৰ্বৰে বা ইৰাৰো আগৰে পৰা প্ৰচলিত বিশ্বাস কৰা হয়।৯
বিশ্বৰ প্ৰেক্ষাপটত

পশ্চিম এছিয়া, লেটিন আমেৰিকা, পূব আৰু পশ্চিম আফ্ৰিকা, মধ্য আমেৰিকা, দক্ষিণ এছিয়া, মধ্য এছিয়া আৰু ইউৰোপ, বিশেষকৈ ভূমধ্যসাগৰীয় অঞ্চলত অশুভ দৃষ্টিৰ ওপৰত বিশ্বাস আটাইতকৈ শক্তিশালী; ই উত্তৰ ইউৰোপ, বিশেষকৈ চেল্টিক অঞ্চল, আৰু আমেৰিকাকে ধৰি অন্যান্য অঞ্চলবোৰলৈও বিয়পি পৰিছে। এই বিশ্বাসক ইউৰোপীয় উপনিবেশবাদী আৰু পশ্চিম এছিয়াৰ অনুপ্ৰৱেশকাৰীসকলে কঢ়িয়াই আনিছিল বুলি কোৱা হয়।
ইছলামী নবী মুহাম্মাদ ৰ মন্তব্যৰ ওপৰত ভিত্তিকৰি ইছলামী মতবাদত অশুভ দৃষ্টিৰ ওপৰত থকা বিশ্বাসৰ উদাহৰণ পোৱা যায়, "অশুভ দৃষ্টিৰ প্ৰভাৱ হৈছে এক 'সত্য'..." [চাহিহ মুছলিম, কিতাপ ২৬, নম্বৰ ৫৪২৭]।১০ অশুভ দৃষ্টি ৰক্ষা কৰাৰ প্ৰামাণিক প্ৰথাও সাধাৰণতে মুছলমানসকলৰ মাজত প্ৰচলিত। উদাহৰণ স্বৰূপে, শিশুৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাৰ সলনি, মাছা'আল্লা অৰ্থাৎ "ঈশ্বৰে ইচ্ছা কৰিছে" বুলি কোৱা, বা প্ৰশংসিত হোৱা বস্তু বা ব্যক্তিৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ প্ৰয়োগ কৰা।১১
অশুভ দৃষ্টিৰ বিষয়ে কেইবাটাও বিশ্বাস লোক ধৰ্মত পোৱা যায়, সাধাৰণতে সুৰক্ষাৰ মাধ্যম হিচাপে তাবিজ বা কৱচৰ ব্যৱহাৰ।
এজিয়ন প্ৰদেশ আৰু অন্যান্য অঞ্চলত য'ত পাতল ৰঙৰ চকু তুলনামূলকভাৱে বিৰল সেয়ে সেউজীয়া চকু, আৰু বিশেষকৈ নীলা চকুথকা লোকসকলে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে অভিশাপ প্ৰদান কৰে বুলি ধাৰণা কৰা হয়।১২
যিসকলে নিজৰ সংস্কৃতিৰ প্ৰভাৱত অশুভ দৃষ্টি ধাৰণাটোক আক্ষৰিক ভাৱে নলয় বা বিশ্বাস নকৰে, তেওঁলোকৰ বাবে "কাৰোবাক বেয়া চকুৰে চোৱা" বাক্যাংশৰ অৰ্থ হৈছে সাধাৰণতে কেৱল খং বা ঘৃণাৰে ব্যক্তিজনৰ ফালে চকু ফুৰোঁৱা।
নজৰ বট্টু

ভাৰতীয় বা পাকিস্তানৰ জনবিশ্বাসত অশুভ দৃষ্টিৰ পৰা সুৰক্ষাৰ বাবে প্ৰচলিত নজৰ বট্টু হৈছে এক সুৰক্ষা মূলক চিহ্ন, আকৃতি, টেটু বা অন্যান্য বস্তু বা আৰ্হি।১৩ পাৰ্চী আৰু আফগান লোকগাথাত ইয়াক 'চেছম নজৰ' বা 'নজৰ কুৰবাণী' বুলি কোৱা হয়।১৪ ভাৰত আৰু পাকিস্তানত পাৰ্চী মূলৰ 'চশম-ই-বদদুৰ' হিন্দী-উৰ্দু শ্লোগান অশুভ চকুৰ পৰা আঁতৰি থাকিবলৈ ব্যৱহাৰ কৰা হয়। নজৰ বট্টু একপ্ৰকাৰৰ অন্ধ বিশ্বাস। নজৰ বট্টু ব্যৱহাৰ কৰিলে লোকৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰা হয়। সেয়ে সৰু ল'ৰা-ছোৱালী, ঘৰ-অট্টালিকা, ব্যৱসায়-প্ৰতিষ্ঠান, যান-বাহন আদিত প্ৰায়ে নজৰ বট্টু ব্যৱহাৰ কৰা দেখা যায়। পাৰ্চী আৰু আফগান লোকগাথাত ইয়াক 'চেছম নজৰ' বা 'নজৰ কুৰবাণী' বুলি কোৱা হয়।
তথ্যসূত্ৰ
- ↑ Hargitai, Quinn. (19 February 2018). The strange power of the 'evil eye'. BBC
- ↑ Neophytou, Douka. Eye Cup. Museum of Cycladic Art
- ↑ Hildburgh, W. (1946). Apotropaism in Greek Vase-Paintings. Folklore. পৃ. 154–178
- ↑ Ross, C. (2010). Hypothesis:The Electrophysicological Basis of the Evil Eye Belief. Anthropology of Consciousness. পৃ. 47–57
- ↑ Galt, Anthony H. (1982). The evil eye as synthetic image and its meanings on the Island of Pantelleria, Italy. American Ethnologist. পৃ. 664–681
- ↑ Ulmer, Rivka. (1994). The evil eye in the Bible and in rabbinic literature. পৃ. 176. ISBN 978-0-88125-463-1
- ↑ Rakic, Yelena. Discovering the Art of the Ancient Near East: Archaeological Excavations Supported by The Metropolitan Museum of Art. The Metropolitan Museum of Art
- ↑ Cooper, Arabella. (2016). The Eyes Have It: An In-Depth Study of the Tell Brak Eye Idols in the 4th Millennium BCE: with a primary focus on function and meaning. The University of Sydney
- ↑ Pardee, Dennis. (2002). Writings from the Ancient World: Ritual and Cult at Ugarit (vol. 10). Society of Biblical Literature. পৃ. 161–166. ISBN 1-58983-026-1
- ↑ USC-MSA Compendium of Muslim Texts. Usc.edu
- ↑ Du'a – What to say when in fear of afflicting something or someone with one?s eye. Makedua.com
- ↑ Cora Lynn Daniels, et al., eds, Encyclopædia of Superstitions, Folklore, and the Occult Sciences of the World (Volume III), p. 1273, Univ. Press of the Pacific, Honolulu
- ↑ Stanley A. Wolpert. Encyclopedia of India, Volume 1. Charles Scribner & Sons, 2005. ISBN 9780684313498
- ↑ M. Moin: A Persian Dictionary, 3rd edition, p. 4752 (in Persian)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশুভ দৃষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৪৬৭২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।