গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায়। ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু।
বীজগণিতীয় বৈশিষ্ট্য
পূৰণ
অধিক তথ্য: যোগাত্মক বিপৰীত
কোনো এটা সংখ্যাক −১ৰে পূৰণকৰাটো সংখ্যাটোৰ চিহ্ন সলনি কৰাৰ লেখিয়া কথা। যিকোনো ৰ বাবে আমি পাওঁ-। এইটো বিনিয়োগ বিধি প্ৰয়োগেৰে প্ৰমাণ কৰিব পাৰি আৰু ১ হৈছে গুণাত্মক অভেদ:
.
ইয়াত ব্যৱহৃত কথাটো এই যে যিকোনো নম্বৰ ৰ ০ গুণ ০ ৰ সমান।
.
অন্যভাৱে,
,
গতিকে ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ
−১ৰ বৰ্গ
−১ৰ বৰ্গ অৰ্থাৎ, −১ক −১ৰে পূৰণ কৰিলে ১ পোৱা যায়। ফলস্বৰূপে দুটা ঋণাত্মক সংখ্যাৰ গুণফল ধনাত্মক হয়।
এই ফলাফলৰ বীজগণিতীয় প্ৰমাণৰ বাবে সমীকৰণটো হ'ব-
.
প্ৰথম সমতাই ওপৰৰ ফলাফলক অনুসৰণ কৰে, আৰু দ্বিতীয়টোৱে −১ ৰ সংজ্ঞাক অনুসৰণ কৰে যে ই ১ ৰ যোগাত্মক বিপৰীত: ই ঠিক সেই সংখ্যাটোৱেই যিটো ১ ৰ সৈতে যোগ কৰিলে ০ পোৱা যায়। এতিয়া বিতৰণবিধি ব্যৱহাৰ কৰিলে দেখা যায় যে-
.
উপৰ্যুক্ত কাৰকক অনুসৰণ কৰা তৃতীয় সমতা অনুসৰি ১ হৈছে গুণাত্মক অভেদ। কিন্তু শেষৰ সমীকৰণটোৰ দুয়োপক্ষত ১ যোগ কৰিলে পোৱা যায়-
.
ওপৰৰ যুক্তিসমূহ যিকোনো গাণিতিক ক্ষেত্ৰত প্ৰযোজ্য। এয়া বিমূৰ্ত বীজগণিত, পূৰ্ণসংখ্যা আৰু বাস্তৱ সংখ্যাসমূহ সাধাৰণীকৰণ কৰাৰ এটা ধাৰণা।১ জটিলসংখ্যাৰ কোৱাটাৰনিয়নৰ বীজগণিতীয় ক্ষেত্ৰত – য'ত মৌলিক উপপাদ্যৰ নিয়ম নাখাটে, ইয়াৰ সমীকৰণ ৰ অসীমসংখ্যক সমাধান আছে।২৩
তথ্যসূত্ৰ
- ↑ Nathanson, Melvyn B. (2000). Elementary Methods in Number Theory. Graduate Texts in Mathematics. Springer. পৃ. xviii, 1−514. ISBN 978-0-387-98912-9
- ↑ Perlis, Sam. (1971). Historical Topics in Algebra. Historical Topics for the Mathematical Classroom. National Council of Teachers of Mathematics. পৃ. 39. ISBN 9780873530583
- ↑ Porteous, Ian R. (1995). Clifford Algebras and the Classical Groups. Cambridge Studies in Advanced Mathematics. Cambridge University Press. পৃ. 60. ISBN 9780521551779
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “−১” প্ৰবন্ধৰ সংশোধন ৩৯৮২৩৮ (১৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।