অগ্ৰেছৰ পুত্ৰ (ইংৰাজী ভাষা: The Son of the Ogress (দ্য ছন অৱ অগ্ৰেছ); ফৰাচী ভাষা: Le Fils de l'Ogresse) এটা বাৰ্বাৰ লোককথা।১ নৃতত্ত্ববিদ লিঅ' ফ্ৰবেনিয়াছে কাবিলিয়াত জাৰ্মান ভাষা ভাষাত প্ৰথমবাৰৰ বাবে এই লোককথাটো সংগ্ৰহ কৰি ১৯২২ চনত প্ৰকাশ কৰিছিল। ইয়াৰ কাহিনী এজনী মানৱী কন্যাৰ বিষয়ে যিয়ে এগৰাকী নৰখাদক টেৰিয়েলৰ পুত্ৰক বিবাহ কৰায়, বিশ্বাসভংগ কৰাৰ বাবে তেওঁক হেৰুৱায় আৰু পিছলৈ তেওঁৰ সন্ধানত তেওঁৰ মাতৃৰ ঘৰলৈ যায়। তাত তেওঁক কঠিন কাম কৰিবলৈ বাধ্য কৰা হয়।
পণ্ডিতসকলে এই কাহিনীটোক আন্তঃৰাষ্ট্ৰীয় বিষয়বস্তু এনিমেল এজ ব্ৰাইডগ্ৰুম বা দ্য ছাৰ্চ ফৰ দ্য লষ্ট হাজবেণ্ডৰ সৈতে সম্পৰ্কিত কৰে, য'ত এগৰাকী মানৱ ৰাজকুমাৰীয়ে এজন অলৌকিক স্বামী বা জন্তুৰূপী মানুহক বিয়া কৰায়, তেওঁক হেৰুৱায় আৰু তেওঁক বিচাৰি অভিযানত ওলাই যায়। এই কাহিনীটোৰ সৈতে গ্ৰীক-ৰোমান মিথ কিউপিড এণ্ড চাইকীৰো সাদৃশ্য লক্ষ্য কৰা হয়।
সাৰাংশ
এজন দেউতাকে বিদেশ যাত্ৰালৈ যোৱাৰ আগতে তেওঁৰ চাৰিগৰাকী কন্যাক সুধিলে যে উভতি আহিলে তেওঁলোকৰ বাবে কি উপহাৰ আনিব লাগে। ডাঙৰ তিনিগৰাকীয়ে ধুনীয়া সাজ-পাৰ বিচাৰিলে, কিন্তু আটাইতকৈ সৰুজনীয়ে এটা আচৰিত উপহাৰ বিচাৰিলে: এখন পথাৰত অকলে নাচি থকা এটা কপৌ চৰাই।
দেউতাকে যাত্ৰাৰ সময়ত সাজ-পাৰকেইটা পালে যদিও কপৌটো বিচাৰি নাপালে আৰু ইয়াৰ বিষয়ে কোনো তথ্যও ক'তো লাভ নকৰিলে। অৱশেষত এখন হাবিৰ সীমান্তত তেওঁ সেই সৰু চৰাইটো দেখা পালে। তেওঁ চৰাইটো ধৰিবলৈ চেষ্টা কৰোঁতেই এটা ৰহস্যময় গম্ভীৰ মাত শুনা পালে যিয়ে তেওঁক বাধা দিলে। দেউতাকে বুজাবলৈ চেষ্টা কৰিলে যে এইটো তেওঁৰ ছোৱালীৰ বাবে এটা উপহাৰ আৰু তেওঁ সেয়া কিনিবলৈও প্ৰস্তুত। কিন্তু সেই মাতটো আছিল এজন 'টেৰিয়েল'ৰ পুত্ৰ আছফ’ৰুলেহোৱাৰ, যিয়ে চৰাইটো বিক্ৰী কৰিবলৈ অমান্তি হ'ল। আছফ’ৰুলেহোৱাই অৱশেষত চৰাইটো দিবলৈ মান্তি হ'ল, কিন্তু চৰ্ত ৰাখিলে যে মানুহজনে তেওঁৰ সৰু কন্যাক তেওঁৰ পত্নী হিচাপে দিব লাগিব। মানুহজনে জানিছিল যে 'টেৰিয়েল' হ'ল নৰখাদক জীৱ, সেয়েহে তেওঁ জীয়েকৰ প্ৰাণৰ সংশয়ত ভয় খালে। কিন্তু আছফ’ৰুলেহোৱাই আশ্বাস দিলে যে তাইৰ কোনো অনিষ্ট নহয় আৰু তেওঁ এটা উটৰ ৰূপত তেওঁলোকৰ ঘৰলৈ আহিব বুলি ক'লে।
মানুহজনে ঘৰলৈ উভতি উপহাৰবোৰ দিলে। মৃত্যুশয্যাত থাকোঁতে তেওঁ জীয়ৰীহঁতক ক’লে যে এটা উটৰ আৱিৰ্ভাৱ হ’ব। কিছু সময়ৰ পিছত উটটো তেওঁলোকৰ দুৱাৰমুখত হাজিৰ হ'ল। চাৰিওগৰাকী কন্যাই ইজনীৰ পিছত সিজনীকৈ উটটোত উঠিবলৈ চেষ্টা কৰিলে যদিও উটটো লৰচৰ নকৰিলে। কেৱল চতুৰ্থগৰাকী কন্যাই কপৌটোৰ সৈতে উটটোত উঠাৰ পিছতহে জন্তুটোৱে লৰচৰ কৰিলে আৰু ছোৱালীজনীক এখন সুসজ্জিত ঠাইলৈ লৈ গ’ল। ছোৱালীজনীয়ে লক্ষ্য কৰিলে যে প্ৰতি নিশা কোনোবা এজন তাইৰ শোৱনি কোঠালৈ আহে আৰু তাইক কোনো চাকি নজলাবলৈ নিৰ্দেশ দিয়ে।
কিছুদিনৰ পিছত তাইৰ বাইদেউহঁতে তাইক দেখা কৰিবলৈ আহিল। তাই ক’লে যে তাই বৰ আৰামেৰে আছে, কিন্তু আছফ’ৰুলেহোৱাৰ আচল মুখখন তাই কেতিয়াও দেখা নাই। বাইদেউহঁতে তাইক বুদ্ধি দিলে যে ৰাতি যেতিয়া তেওঁ আহিব, তাই যেন গোপনে তেওঁক চাই লয়। সেইদিনা নিশা তাই এডাল মমবাতি জ্বলাই এটা পাত্ৰৰ ঢাকনিৰে ঢাকি ৰাখিলে। তাইৰ স্বামী আহি বিছনাত শুই পৰিল। তাই পাত্ৰৰ ঢাকনিখন আঁতৰাই মমবাতিডাল ওপৰলৈ তুলি ধৰিলে: আছফ’ৰুলেহোৱা আছিল এজন অতি ধুনীয়া যুৱক। তাই তেওঁৰ শৰীৰৰ ওচৰত কিছুমান সৰু দেৱদূত (মূলত 'মালাইকা') দেখিবলৈ পালে। দেৱদূতবোৰে তাইক ক’লে যে তেওঁলোকে আছফ’ৰুলেহোৱাৰ পত্নীৰ বাবে এটা সাজ তৈয়াৰ কৰিছে। হঠাতে আছফ’ৰুলেহোৱাৰ টোপনি ভাঙিল আৰু বিশ্বাসভংগ কৰাৰ বাবে পত্নীক তিৰস্কাৰ কৰিলে। তেওঁ কাপোৰ-কানি লৈ খৰখেদাকৈ তাৰ পৰা গুচি গ’ল।
ছোৱালীজনীয়েও তেওঁৰ পিছে পিছে গ'ল। আছফ’ৰুলেহোৱা তেওঁৰ মাকৰ ঘৰলৈ ঢাপলি মেলিলে। যেতিয়া তেওঁ তাত পালেগৈ, তেওঁৰ মানৱী পত্নীও তাত উপস্থিত হ’ল। আছফ’ৰুলেহোৱাই তাইক ক’লে যে সেই ঠাইখন তেওঁৰ মাতৃ এগৰাকী 'টেৰিয়েল'ৰ, যিয়ে তাইক ভক্ষণ কৰিব পাৰে। সেয়েহে তেওঁ তাইক ওচৰৰে এজোপা খেজুৰ গছত উঠিবলৈ ক'লে আৰু যেতিয়ালৈকে তেওঁৰ মাকে তেওঁৰ নামত তাইৰ অনিষ্ট নকৰাৰ প্ৰতিশ্ৰুতি নিদিয়ে, তেতিয়ালৈকে তাতে থাকিবলৈ ক'লে।
আছফ’ৰুলেহোৱা ঘৰত প্ৰৱেশ কৰিলত মাকে তেওঁক আদৰণি জনালে। মাকে ওচৰৰ এটা পুখুৰীৰ পৰা পানী আনিবলৈ বুলি বাহিৰলৈ গ’ল। পানীৰ কলহটো লৈ যাওঁতে মাকে পানীত ছোৱালীজনীৰ প্ৰতিবিম্ব দেখা পালে। পানীত কোনোবা মানুহ থকা বুলি ভাবি তেওঁ প্ৰতিবিম্বটো ধৰি খাবলৈ চেষ্টা কৰিলে। তেওঁ বিফল হ’ল আৰু পানীৰ কলহটো ভাঙি পেলালে। কেইবাবাৰো চেষ্টা কৰাৰ পিছত তেওঁ গছজোপাত ছোৱালীজনীক দেখা পালে আৰু তাইক নামি আহিবলৈ ক’লে। ছোৱালীজনীয়ে ক’লে যে প্ৰথমে মাকে তেওঁৰ পুত্ৰৰ নামত তাইৰ অনিষ্ট নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব।
আছফ’ৰুলেহোৱাই ছোৱালীজনীক তেওঁৰ মানৱী পত্নী হিচাপে পৰিচয় কৰাই দিলে। পিছদিনা টেৰিয়েলগৰাকীয়ে তাইক আদেশ দিলে যে তেওঁ বাহিৰলৈ ওলাই যোৱাৰ লগে লগে তাই যেন তেওঁলোকৰ বিশাল চোতালখন চাফা কৰে আৰু ধূলিৰ এটা কণিকাও যেন নাথাকে, নহ’লে তাইক তেওঁ খাই পেলাব। ছোৱালীজনীয়ে এই কথা স্বামীক জনালে; আছফ’ৰুলেহোৱাই এটা শিলত আঘাত কৰি পানীৰ এটা বিশাল সোঁত নমাই আনি নিমিষতে চোতালখন পৰিষ্কাৰ কৰি দিলে।
পিছদিনা পুৱা টেৰিয়েল মাতৃয়ে বোৱাৰীয়েকক সূৰ্যাস্তৰ আগতে সকলো চৰাইৰ পাখিৰে এটা গাৰু ভৰ্তি কৰিবলৈ আদেশ দিলে। আছফ’ৰুলেহোৱাই ছোৱালীজনীক পাহাৰৰ ওপৰলৈ গৈ চিঞৰিবলৈ ক’লে যে আছফ’ৰুলেহোৱা বেমাৰী আৰু তেওঁক এটা গাৰু লাগে। তেতিয়াই চৰাইবোৰে আহি তাইক পাখি দিলে। তৃতীয়টো কাম আছিল প্ৰতিটো পাখি তাৰ আচল গৰাকীক ঘূৰাই দিয়া। আছফ’ৰুলেহোৱাই তাইক একেখন পাহাৰলৈ গৈ চৰাইবোৰক মাতি আনি সহায়ৰ বাবে ধন্যবাদ জনাই পাখি ঘূৰাই দিবলৈ ক’লে।
ইয়াৰ পিছৰ কামটো আছিল টেৰিয়েলে মিহলাই দিয়া গাখীৰ আৰু পানী পৃথক কৰা। আছফ’ৰুলেহোৱাই ক’লে যে তেওঁলোকে এইটো কৰিব নোৱাৰে আৰু স্বীকাৰ কৰিলে যে তেওঁৰ টেৰিয়েল মাকে যোৱা কেইদিনমানৰ পৰা তাইক হত্যা কৰিবলৈ চেষ্টা কৰি আছে। সেইদিনা ৰাতি টেৰিয়েলগৰাকী ঘৰলৈ আহি দেখিলে যে কামটো হোৱা নাই। আছফ’ৰুলেহোৱাই মাকক বুজাই নিজৰ ভনীয়েকক এটা ভোজলৈ মাতিলে য’ত ছোৱালীজনীক মূল খাদ্য হিচাপে ৰখা হ’ব বুলি ক’লে। কিন্তু তেওঁ পত্নীক লুকুৱাই ৰাখি এটা ষাঁড় গৰুহে পুৰিলে। তেওঁ ভোজন কক্ষত এটা গাঁত খন্দাই তাত চৰ্বি আৰু জ্বলি থকা আঙঠাৰে ভৰ্তি কৰি মাটিৰে ঢাকি দিলে। তেওঁ মাক আৰু মাহীয়েকহঁতক ভোজন কক্ষলৈ আমন্ত্ৰণ জনাই সেই নিৰ্দিষ্ট ঠাইত বহিবলৈ দিলে। তেওঁ মাকক তেওঁৰ শপতৰ কথা সোঁৱৰাই দিলে আৰু মাটিখন ফাটি যাবলৈ আদেশ দিলে। লগে লগে মাটি ফাটি গ'ল আৰু টেৰিয়েল মাতৃ তথা মাহীয়েকহঁত সেই জুইত জাহ গ'ল।
আছফ’ৰুলেহোৱা আৰু তেওঁৰ পত্নীয়ে সেই ঠাই সদায়ৰ বাবে ত্যাগ কৰি তাইৰ দেউতাকৰ ঘৰলৈ উভতি আহিল।২৩৪৫
তথ্যসূত্ৰ
- ↑ Swahn, Jan Öjvind. The Tale of Cupid and Psyche. Lund, C.W.K. Gleerup. 1955. p. 48
- ↑ Frobenius, Leo. Atlantis: Volksmärchen und Volksdichtungen Afrikas. Band II: Volksmärchen der Kabylen, Band 2: Das Ungeheuerliche. Jena: Diederichs. 1922. pp. 281-293
- ↑ (1967). Märchen der Kabylen. Märchen der Weltliteratur. Diederichs. পৃ. 171-184 (text for tale nr. 21)
- ↑ Frobenius, Leo. (1995). Contes kabyles. Edisud. পৃ. 334–347
- ↑ Plantade, Emmanuel. (2023). Le conte de Psyché et Cupidon, témoin du folklore d'Afrique du nord: essai sur la poétique transculturelle d'Apulée. Georg Olms Verlag. পৃ. 16–19. ISBN 9783487164137
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্ৰেছৰ পুত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৮৮৯৬০ (১৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।