অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আইৰণ মেন

আইৰণ মেন (ইংৰাজী: Iron Man; লৌহ মানৱ) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকাৰ কমিক গ্ৰন্থত বৰ্ণনা কৰা এজন মহানায়ক। লেখক আৰু সম্পাদক ষ্টেন লীৰ সহযোগিতাত সৃষ্টি কৰা এই চৰিত্ৰটো চিত্ৰনাট্যকাৰ লেৰী লিবাৰে বিকশিত কৰা আৰু শিল্পী ডন হেক আৰু জেক কিৰ্বিৰ দ্বাৰা সজ্জিত কৰা হৈছিল।

হালনাগাদ: ১১ এপ্ৰিল ২০২৪ ৫৫৩ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আইৰণ মেন (ইংৰাজী: Iron Man; লৌহ মানৱ) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকাৰ কমিক গ্ৰন্থত বৰ্ণনা কৰা এজন মহানায়ক। লেখক আৰু সম্পাদক ষ্টেন লীৰ সহযোগিতাত সৃষ্টি কৰা এই চৰিত্ৰটো চিত্ৰনাট্যকাৰ লেৰী লিবাৰে বিকশিত কৰা আৰু শিল্পী ডন হেক আৰু জেক কিৰ্বিৰ দ্বাৰা সজ্জিত কৰা হৈছিল। এই চৰিত্ৰটোৱে প্ৰথমবাৰৰ বাবে ১৯৬৩ চনত টেলছ অৱ ছাচপেন্স #৩৯ত আত্মপ্ৰকাশ কৰে আৰু আইৰণ মেন #১ত (১৯৬৮) থৰ, এণ্ট-মেন, ৱাছপ আৰু হাল্কৰ সৈতে এভেঞ্জাৰছ নামৰ এটা মহানায়কৰ দলৰ প্ৰতিষ্ঠাপক সদস্য আছিল। সৃষ্টিৰ পিছৰ পৰাই আইৰণ মেনৰ কাহিনী, ব্যক্তিগতভাৱে আৰু এভেঞ্জাৰছৰ অন্য চৰিত্ৰসমূহৰ সৈতে একেলগে ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে।

আইৰন মেন হৈছে অস্ত্ৰ নিৰ্মাতা কোম্পানী ষ্টাৰ্ক ইণ্ডাষ্ট্ৰীজ পৰিচালনা কৰা ব্যৱসায়ী তথা অভিযন্তা এণ্টনি এডৱাৰ্ড "টনি" ষ্টাৰ্কৰ মহানায়ক ব্যক্তিত্ব। যেতিয়া ষ্টাৰ্ক যুদ্ধক্ষেত্ৰত বন্দী হয় আৰু হৃদযন্ত্ৰৰ গুৰুতৰ ঘাঁ হয়, তেতিয়া তেওঁ শত্ৰুৰ বন্দী শিবিৰত সংগোপনে আইৰন মেন কৱচ নিৰ্মাণ কৰে আৰু সেই কৱচ পৰিধান কৰি তাৰ পৰা পলায়ন কৰে। আইৰন মেনৰ কৱচে তেওঁক অতিমানৱীয় শক্তি, উৰণ, শক্তি, প্ৰক্ষেপণ শক্তি আৰু অন্যান্য ক্ষমতা প্ৰদান কৰে। এই চৰিত্ৰটোৰ সহায়ত ৰাজনৈতিক বিষয়বস্তু অন্বেষণ কৰা হৈছিল আৰু আৰম্ভণিৰ আইৰন মেনৰ কাহিনীবোৰৰ পৰিৱেশ শীতল যুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল। পিছৰ গল্পসমূহে অন্যান্য বিষয়বস্তু যেনে নাগৰিক অশান্তি, প্ৰযুক্তিৰ উন্নতি, কৰ্পৰেট চোৰাংচোৱাগিৰি, মদ্যপান, চৰকাৰী কৰ্তৃত্ব আদি সাঙুৰি লৈছিল।

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছে নিৰ্মাণ কৰা আইৰণ মেনৰ প্ৰথমখন ছবি আইৰন মেনত (২০০৮) টনি ষ্টাৰ্কৰ চৰিত্ৰত ৰবাৰ্ট ডাউনী জুনিয়ৰে অভিনয় কৰিছিল আৰু এভেঞ্জাৰছ: এণ্ডগেমত (২০১৯) চূড়ান্ত অভিনয়লৈকে চৰিত্ৰটো তেওঁ ৰূপায়ন কৰি গৈছিল। ডাউনীৰ চিত্ৰণে চৰিত্ৰটোক জনপ্ৰিয় কৰি তুলিছিল আৰু আইৰন মেনক মাৰ্ভেলৰ অন্যতম চিনাকি মহানায়কলৈ উন্নীত কৰিছিল।

জীৱনী

এক গাড়ী দুৰ্ঘটনাত পিতৃ-মাতৃ নিহত হোৱাৰ পিছত টনি ষ্টাৰকে তেওঁৰ পৰিয়ালৰ ব্যৱসায় ষ্টাৰ্ক ইণ্ডাষ্ট্ৰীজ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে।১ এবাৰ আমেৰিকাৰ সেনাবাহিনীৰ বাবে নতুন অস্ত্ৰ বিকশিত কৰি যুদ্ধক্ষেত্ৰলৈ গৈ অস্ত্ৰ পৰীক্ষণৰ সময়ত তেওঁক অপহৰণ কৰা হয়। তেওঁ গুৰুতৰভাৱে হৃদপিণ্ডত আঘাতপ্ৰাপ্ত হয়। অপহৰণকাৰী কমিউনিষ্ট ৱং-চুৱে তেওঁক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ দাবী কৰে। টনীয়ে অস্ত্ৰ নিৰ্মাণ কৰাৰ চলেৰে তেওঁৰ হৃদযন্ত্ৰ সক্ৰিয় কৰি ৰখা এটা লৌহ কৱচৰ নিৰ্মাণ কৰে আৰু সেই কৱচ পৰিধান কৰি তাৰ পৰা পলায়ন কৰে।২৩ তাৰ পিছৰে পৰা তেওঁ আইৰণ মেন নামেৰে প্ৰখ্যাত হৈ পৰে। টনীয়ে অস্ত্ৰ পৰীক্ষণৰ বাবে যোৱা যুদ্ধক্ষেত্ৰখন বিভিন্ন লেখকে চৰিত্ৰটোৰ বয়সৰ লগত মিল থকাকৈ একাধিকবাৰ সলনি কৰিছে, যাৰ ব্যাখ্যা হৈছে "ধাৰাবাহিকতাৰ স্লাইডিং স্কেল" য'ত মাৰ্ভেলৰ জগতখনৰ উল্লেখযোগ্য পৰিঘটনাৰ সময় সলনি হ'ব পাৰে। আইৰন মেনৰ ইতিহাসৰ প্ৰথম দশকবোৰৰ বাবে এই সংঘাত হৈছে ভিয়েটনাম যুদ্ধ।৪ ১৯৯০ চনত ইয়াক পুৰ্ববৰ্তীভাৱে সলনি কৰি নাম উল্লেখ নকৰা দক্ষিণ-পূব এছিয়াৰ দেশৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰা হয়,৫ আৰু অৱশেষত এই অসামঞ্জস্যতাক ন্যায্যতা প্ৰদান কৰিবলৈ কাল্পনিক দেশ ছিয়ানকঙত সংঘাতৰ সৃষ্টি কৰা হয়।৬

আইৰন মেন এজন মহানায়ক হৈ আমেৰিকালৈ উভতি আহে আৰু জনসাধাৰণক পতিয়ন নিয়াই যে আইৰন মেন টনি ষ্টাৰ্কৰ দেহৰক্ষী।৭ যেতিয়া তেওঁক হাল্কক বশ কৰিবলৈ মাতি অনা হয় আৰু গম পায় যে হাল্কৰ আক্ৰমণৰ আঁৰত লোকি আছে, তেতিয়া তেওঁ হাল্ক, থৰ, এণ্ট-মেন আৰু ৱাছপৰ সৈতে মিলি লোকিক পৰাস্ত কৰে আৰু তেওঁলোকে এভেঞ্জাৰছ নামৰ এটা মহানায়কৰ দল গঠন কৰিবলৈ সন্মত হয়।৮ একে সময়তে তেওঁ “শ্বীল্ড” (S.H.I.E.L.D.) নামৰ এটা চোৰাংচোৱা সংস্থা প্ৰতিষ্ঠা কৰাতো সহায় কৰে, সংস্থাটোক তেওঁ সঁজুলিৰ যোগান ধৰে।৯ আইৰন মেনে অস্ত্ৰ নিৰ্মাণৰ সৈতে জড়িত হোৱাৰ বাবে অনুশোচনা কৰে আৰু ষ্টাৰ্ক ইণ্ডাষ্ট্ৰীজক ষ্টাৰ্ক ইণ্টাৰনেশ্যনেললৈ সলনি কৰে। এই নতুন ইলেক্ট্ৰনিকছ কোম্পানীটোৱে পৰিৱেশবাদ আৰু বিশ্বৰ ক্ষুধাৰ অন্ত পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১০১১ শ্বীল্ডে ব্যৱসায়টো দখল কৰি পুনৰ অস্ত্ৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। একে সময়তে আইৰন মেনৰ ওপৰত হত্যাৰ গোচৰত আৰোপ কৰা হয়। এই মানসিক চাপৰ বাবে তেওঁ অধিক মদ্যপান কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ মদ্যাসক্ত হৈ পৰে।১২ তেওঁ মদ্যাসক্তিৰ পৰা আৰোগ্য লাভ কৰে যদিও পিছলৈ ওবদিয়া ষ্টেনৰ চক্ৰান্তত পুনৰ মদ্যপানৰ ক্ষেত্ৰখনত সোমাই পৰে।১৩

তথ্যসূত্ৰ

  1. ↑ Hoskin 2010
  2. ↑ Patton 2015, পৃ. 8
  3. ↑ Howe 2012, পৃ. 43
  4. ↑ Friedenthal 2021, পৃ. 73–74
  5. ↑ Darowski 2015b, পৃ. 176
  6. ↑ Friedenthal 2021, পৃ. 74–75
  7. ↑ Hoskin 2010
  8. ↑ Friedenthal 2021, পৃ. 30–31
  9. ↑ Hoskin 2010
  10. ↑ Henebry 2015, পৃ. 95–96
  11. ↑ Hoskin 2010
  12. ↑ Sacks 2015, পৃ. 141
  13. ↑ Hoskin 2010

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইৰণ মেন” প্ৰবন্ধৰ সংশোধন ৪১৮০২৪ (১১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।