অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অজ্ঞাতব্যক্তিভীতি

অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়। সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
thumb|আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশিত ৰাজনৈতিক কাৰ্টুন: 'আংকাল ছেমে' 'ছাইনামেন'ক গুৰিয়াই খেদিছে। ১৯ শতিকাত প্ৰকাশিত কাৰ্টুনটোৱে '''চাইনিজ এক্সক্লুজন'''
thumb|আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশিত ৰাজনৈতিক কাৰ্টুন: 'আংকাল ছেমে' 'ছাইনামেন'ক গুৰিয়াই খেদিছে। ১৯ শতিকাত প্ৰকাশিত কাৰ্টুনটোৱে চাইনিজ এক্সক্লুজনছবি: The George Dee Magic Washing Machine Company · Public domain

অজ্ঞাতব্যক্তিভীতি (Xenophobia) হৈছে বাহিৰাৰ বা আচৰিতৰ ভয়।১২ অজ্ঞাতব্যক্তিভীতিৰ প্ৰভাৱ গোটৰ ভিতৰৰ মানুহৰ গোটৰ বাহিৰৰ মানুহৰ ওপৰত বা বিষয়ে সম্বন্ধ, বুজন আদিত দেখা যায়। নিজৰ চিনাকি হেৰুৱাৰ ভয়, কৰ্মকাণ্ডৰ ওপৰত সন্দেহ, উগ্ৰতা, আৰু তাৰ উপস্থিতি নাইকিয়া কৰি পূৰ্বতে ধাৰণা কৰি লোৱা পৱিত্ৰতা ৰক্ষা আদি ইয়াৰ অন্তৰ্গত।৩ অজ্ঞাতব্যক্তিভীতিক "আন সংস্কৃতিৰ অসমালোচনামূলক উৎকৰ্ষ"তো দেখা যায়, য'ত কোনো সংস্কৃতিক "অবাস্তৱ, ৰূঢ়িবদ্ধভাৱে ধাৰিত আৰু বিদেশী" আখ্যা দিয়া হয়।৩

অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়।৪ সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।৪

সংজ্ঞা

অজ্ঞাতব্যক্তিভীতিক "বহিৰাগতৰ প্ৰতি দকৈ সোমাই থকা ভয়" বা "অচিনৰ ভয়" বুলিব পাৰি।৫ অজ্ঞাতভীতিৰ ইংৰাজী শব্দ জেন'ফবিয়া (xenophobia) আহিছে গ্ৰীক জেনছ (ξένος) অৰ্থাৎ "আচৰিত", "বহিৰাগত" আৰু ফ'ব'ছ (φόβος) অৰ্থাৎ "ভয়"ৰপৰা।

আফ্ৰিকা

দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাত অজ্ঞাতব্যক্তিভীতি বৰ্ণভেদৰ যুগ আৰু বৰ্ণভেদৰ পাছৰ যুগ, উভয়তে দেখা গৈছে। দ্বিতীয় বুআৰ্ছ যুদ্ধৰ পাছত বুআৰসকল আৰু ব্ৰিটিছসকলৰ মাজৰ সম্বন্ধ অধিক দুৰ্বল হৈ পৰিল। অনেক দুখীয় আফ্ৰিকানাৰে ব্ৰিটিছসকলৰ ব্যৱসায়স্থান আক্ৰমণ কৰিছিল।৬ দক্ষিণ আফ্ৰিকাত তেনে অনেক বিধেয়কো গৃহীত হ'ল, যেনে "ইচ্ছিত নোহোৱা" ইণ্ডিয়ানসকলক বাহিৰ কৰিবলৈ বিকাশ কৰা ১৯১৩ৰ ইমিগ্ৰেণ্টছ ৰেগুলেচন এক্ট অৱ ১৯১৩। টাউঞ্ছিপ ফ্ৰেঞ্চাইচ অৰ্ডিনেন্স অৱ ১৯২৪এ ভাৰতীয়সকলক মিউনিচিপাল ফ্ৰেন্সাইচৰপৰা বঞ্চিত কৰিবলৈ বিকাশ কৰা হৈছিল।৭

১৯৯৪ আৰু ১৯৯৫ত য়হনেছ্‌বাৰ্গত বিদেশীসকলৰ ওপৰত আক্ৰমণ চলোৱা হ'ল। দাবী কৰা হ'ল যে আৰক্ষীয়ে বিদেশীক বাহিৰ কৰক।৮ ২০০৮ত একে ঠাইতে পুনৰ তেনে হ'ল।৯১০১১ হাজাৰ হাজাৰ বিদেশীয়ে স্থান ত্যাগ কৰিবলগীয়া হ'ল; সম্পত্তি, বাণিজ্য আৰু ঘৰ লুট কৰা হ'ল।১২ ৫৬জনৰ মৃত্যু হ'ল।১৩

২০১৫ত দক্ষিণ আফ্ৰিকাত জিম্বাবৱেৰপৰা অহা সকলৰ বিৰুদ্ধে পুনৰ অজ্ঞাতব্যক্তিভীতি সম্বন্ধীয় আক্ৰমণ সংঘটিত হ'ল।১৪ জুলু ৰজা গুদৱিল জ্বেলিথিনি কভেকুজুলুৱে বিদেশীসকলে "টোপোলা বান্ধি যাবই" কোৱাৰ পাছতেই এনে হ'ল।১৫১৬ ২০ এপ্ৰিল ২০১৫লৈকে ৭জনৰ মৃত্যু, আৰু ২০০০+ বিদেশী স্থানান্তৰিত হ'ল।১৭

তথ্যসূত্ৰ

  1. ↑ Xenophobia - definition of xenophobia in English from the Oxford dictionary. oxforddictionaries.com
  2. ↑ Xenophobia - Define Xenophobia at Dictionary.com. Dictionary.com
  3. ↑ Guido Bolaffi
  4. ↑ Xenophobia. United Nations Educational, Scientific and Cultural Organization
  5. ↑ Webster's New Universal Unabridged Dictionary, Dorset and Baber, Simon & Schuster
  6. ↑ Giliomee, Hermann. (2003). The Afrikaners: Biography of a People. C. Hurst & Co. Publishers. পৃ. 383. ISBN 9781850657149
  7. ↑ Anti-Indian Legislation 1800s - 1959. South African History Online
  8. ↑ Xenophobic violence in democratic South Africa. South Africa History Online
  9. ↑ (20 May 2008). South Afrians Take Out Rage on Immigrants. The New York Times
  10. ↑ (20 May 2008). Thousands seek sanctuary as South Africans turn on refugees. The Guardian
  11. ↑ (19 May 2008). Thousands flee S Africa attacks. BBC NEWS
  12. ↑ (28 May 2013). Analysis: The ugly truth behind SA’s xenophobic violence. Daily Maverick
  13. ↑ Xenophobic violence in democratic South Africa. South Africa History Online
  14. ↑ Kazunga, Oliver. (20 April 2015). Xenophobia death toll climbs to 7. The Chronicle
  15. ↑ Xenophobic violence in democratic South Africa. South Africa History Online
  16. ↑ (15 April 2015). Deaths in South Africa as mobs target foreigners. Al Jazeera
  17. ↑ Kazunga, Oliver. (20 April 2015). Xenophobia death toll climbs to 7. The Chronicle

সম্পৰ্কিত শ্ৰেণী

ভেদভাৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজ্ঞাতব্যক্তিভীতি” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।