বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইণ্ডিয়ান এম্বুলেঞ্চ ক'ৰ্পছ
ইণ্ডিয়ান এম্বুলেঞ্চ ক'ৰ্পছ (Indian Ambulance Corps) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঠন কৰা এম্বুলেন্স বাহিনী। দ্বিতীয় বোৱেৰ যুদ্ধৰ সময়ত ব্ৰিটিছসকলে ষ্ট্ৰেচ্ছাৰ বাহক হিচাপে ব্যৱহাৰ কৰাৰ বাবে মহাত্মা গান্ধীয়ে নাটাল ইণ্ডিয়ান এম্বুলেন্স কৰ্পছ গঠন কৰিছিল।
-
ইণ্ডোনেছিয়াৰ ভিছা নীতি
ইণ্ডোনেছিয়ালৈ অহা বেছিভাগ দৰ্শকে ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব পাৰে, যদিহে তেওঁলোক ভিছা ৰেহাই পোৱা দেশসমূহৰ কোনো এখনৰ নাগৰিক নহয়। অৱশ্যে কিছুমান দেশ ইণ্ডোনেছিয়াত প্ৰৱেশৰ অনুমতি দিয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ কোনোবা এটা কূটনৈতিক মিছনৰ পৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
ইথানল ইন্ধন
ইথানল ইন্ধন হৈছে সাধাৰণতে কুঁহিয়াৰ, মাকৈ আৰু অন্যান্য জৈৱবস্তুৰ দৰে শস্যৰপৰা চেনি কিম্বন কৰি উৎপাদিত এলকহল ভিত্তিক ইন্ধন যদিও ইয়াক পেট্ৰলিয়ামৰ ডেৰাইভেটিভৰপৰাও সংশ্লেষণ কৰিব পাৰি।
-
ইয়াংঝৌ হত্যাকাণ্ড
ইয়াংঝৌ হত্যাকাণ্ড (:The Yangzhou massacre)বুলিলে চীনৰ ইয়াংঝৌ চহৰত সংঘটিত হোৱা এক বৃহৎ গণহত্যাক বুজায়। এই হত্যাকাণ্ড মাঞ্চু ৰাজকুমাৰ ড’ডোৰ আদেশত সংঘটিত হৈছিল আৰু চিং (Qing) ৰাজবংশৰ সেনাবাহিনীয়ে ইয়াক কাৰ্যকৰী কৰিছিল।
-
ইয়াছয়
ইয়াছয় পেৰুৰ আমাজন অৱবাহিকাৰ শ্বেমান আৰু যাদুকৰসকলে সৃষ্টি কৰা এটা বিশেষ ধৰণৰ কফ, যিটোত তেওঁলোকৰ শক্তিৰ সাৰমৰ্ম ভাইৰ'ট, চেনছাক, ডাৰ্ট, কাঁড় বা হাড়ৰ টুকুৰাৰ ৰূপত থাকে বুলি বিশ্বাস কৰা হয়। এইবোৰ মুখৰ পৰা থুঁৱাই দিব পাৰে, আৰু ভাইৰ’টে স্পৰ্শ কৰিলে বিভিন্ন অৱস্থাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।
-
ইয়ামুৰিকুমা
ইয়ামুৰিকুমা হৈছে থলুৱা ৱাউজা জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ নাৰীক প্ৰতিনিধিত্ব কৰা এগৰাকী নাৰী আত্মা।দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ উজনি ছিংগু নদীত অৱস্থিত ৱাউজা জনগোষ্ঠী। ৱাউজা মানুহে যুগ যুগ ধৰি আচাৰ-অনুষ্ঠান, অনুষ্ঠান আৰু পৰম্পৰাৰে ইয়ামুৰিকুমা উদ্যাপন কৰি আহিছে।
-
ইয়েকিউৱা
ইয়েকিউৱা বা "মাতৃ প্ৰাণী" মানে ইয়াকুট আত্মাৰ এটা শ্ৰেণী, যি বসন্ত কালত বৰফ গলি যোৱালৈকে লুকাই থাকে। ইয়াকুটসকল তুৰ্কীসকলৰ এটা জনগোষ্ঠী। প্ৰতিটো ইয়েকিউৱা এটা বিশেষ প্ৰাণীৰ সৈতে জড়িত। ইয়াকুট শ্বেমানক ৰক্ষা কৰিবলৈ তেওঁলোকে চিনাকি আত্মা হিচাপে কাম কৰে।
-
ইলুমিনেটি
ইলুমিনেটি ( লেটিন ভাষা: illuminatus ৰ বহুবচন ) হৈছে কেইবাটাও বাস্তৱ আৰু কাল্পনিক প্ৰাচীন আৰু আধুনিক সংগঠনক দিয়া নাম যদিও ইয়াৰ অৰ্থ আলোকিত। এই নামটোৱে মূলতঃ ১৭৭৬ চনৰ ১ মে'ত প্ৰতিষ্ঠা হোৱা বাভাৰিয়ান ইলুমিনেটিক বুজায় ইলুমিনেটিৰ আৰম্ভণি হৈছিল ১৭৭৬ চনৰ ১ মে’ত বৰ্তমানৰ জাৰ্মানীৰ অংশ বাভাৰিয়াত পাঁচজন…
-
ইল্বল আৰু বাতাপী
ইল্বল আৰু বাতাপি হিন্দু পৌৰাণিক কাহিনীত অসুৰ ভাতৃ। মহাভাৰতত তেওঁলোকৰ বিষয়ে উল্লেখ কৰা হৈছে, য'ত তেওঁলোকে লোৱা হত্যাৰ পৰিকল্পনাৰ অন্ত পেলাইছে অগস্ত্য ঋষিয়ে।
-
ইহুদী লোককথা
ইহুদী লোককথা (Jewish Folklore) হৈছে ইহুদী ধৰ্মৰ পৰম্পৰা, কিংবদন্তি, সংগীত, মৌখিক ইতিহাস, প্ৰবাদ, কৌতুক, জনবিশ্বাস, সাধুকথা, কাহিনী আৰু ৰীতি-নীতি। লোককথাৰ বৈশিষ্ট্য হৈছে অস্বাভাৱিক ব্যক্তিত্বৰ উপস্থিতি; মানুহৰ হঠাতে জন্তুলৈ ৰূপান্তৰণ বা জন্তু আকস্মিকভাৱে মানুহলৈ পৰিৱৰ্তিত হোৱা পৰিঘটনা বা কল্পকথা।
-
ইৰচি
তুৰ্কী পৌৰাণিক কাহিনীত ইৰচি (তুৰ্কী: İrşi) এক প্ৰকাৰৰ পৌৰাণিক সত্তা বা কিংবদন্তি পৰী সদৃশ জীৱ যিটো আত্মাৰ ৰূপত থাকে, প্ৰায়ে অতিপ্ৰাকৃতিক বা অপ্ৰাকৃতিক বুলি বৰ্ণনা কৰা হয়।
-
ইৰান জৰ্জিয়াৰ সম্পৰ্ক
ইৰাণ বা পূৰ্বৰ পাৰস্য আৰু জৰ্জিয়াৰ মাজৰ সম্পৰ্ক হাজাৰ হাজাৰ বছৰ আগৰ যদিও ২০ শতিকাত, ১৯৯২ চনৰ ১৫ মে'ত দুয়োখন দেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হৈছিল। তেহৰাণত থকা জৰ্জিয়াৰ দূতাবাসে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ইৰাণৰ দূতাবাস টিবিলিচিত।
-
ইৰান-পাকিস্তান গেছ পাইপলাইন
ইৰাণ–পাকিস্তান গেছ পাইপলাইন (Iran–Pakistan gas pipeline) ক ‘শান্তি পাইপলাইন’ বা ‘আই পি গেছ’ বুলিও কোৱা হয়, ইৰাণৰপৰা পাকিস্তানলৈ প্ৰাকৃতিক গেছ পৰিবহণৰ লক্ষ্যৰে ২,৭৭৫ কিলোমিটাৰ (১,৭২৪ মাইল) দৈৰ্ঘ্যৰ নিৰ্মাণ চলি থকা পাইপলাইন।
-
ইৰানত অপৰাধ
ইৰাণত অপৰাধ (Crime in Iran)বুলি কলে বিভিন্ন ৰূপত বিদ্যমান থকা অপৰাধক বুজায়। এইবিলাকৰ ভিতৰত তলত দিয়া ধৰণৰ হ'ব পাৰে: হত্যা, অপহৰণ, চুৰি, জালিয়াতি, ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, মদৰ সৰবৰাহ, তেল সৰবৰাহ, কৰ ফাঁকি, সন্ত্ৰাসবাদ, সমকামিতা, গাইডেন্স পেট্ৰ'ল, ৰমজানৰ সময়ত খোৱা-বোৱা…
-
ইৰানৰ গণমাধ্যম
ইৰাণৰ গণমাধ্যম (Mass media in Iran) ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা মালিকানাধীন যদিও সকলো চেনেল চেঞ্চৰশ্বিপৰ অধীনত। ২০১৬ চনত ইৰাণৰ ১৭৮খন বাতৰি কাকত, ৮৩খন আলোচনী, ১৫,০০০খন তথ্য ছাইট আৰু ২০ লাখ ব্লগ আছিল।
-
ইৰানৰ পৰা মানৱ মূলধনৰ বহিঃপ্ৰবাহ
ইৰাণৰপৰা মানৱ মূলধনৰ বহিঃপ্ৰৱাহ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰেপৰা ইৰানৰপৰা মানৱ পুঁজিৰ বহিঃপ্ৰৱাহ এক উল্লেখযোগ্য পৰিঘটনা। ১৯৯০ চনৰ আৰম্ভণিতে প্ৰতি বছৰে ১ লাখ ৫০ হাজাৰতকৈ অধিক ইৰাণীয়ে ইছলামিক গণৰাজ্য এৰি থৈ যায় আৰু সেই সময়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰা সকলো ইৰাণীৰ অনুমাণিক ২৫ শতাংশই বিদেশত…
-
ইৰানৰ ভিছা নীতি
ইৰানৰ ভিছা নীতি ইৰাণলৈ অহা বেছিভাগ পৰ্য্যটকে ভিছা ৰেহাই পোৱা দেশ বা ই-ভিছাৰ বাবে যোগ্য নোহোৱা দেশৰ নাগৰিকৰ বাহিৰে ইৰানলৈ অহাৰ আগতে ইলেক্ট্ৰনিক ভিছা (ই-ভিছা) ল’ব লাগিব; এনে ক্ষেত্ৰত তেওঁলোকে বিশ্বজুৰি ইৰাণৰ যিকোনো কূটনৈতিক মিছনৰপৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
ঈশান উদয়
ঈশান উদয় হ'ল ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয় অনুদান আয়োগ (The University Grants Commission, UGC) আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়-এ (Ministry of Human Resource Development, MHRD) উত্তৰ-পূৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ বৃত্তি।
-
উকমুকৰ পোৱালি
উকমুকৰ পোৱালি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ইয়াক কেতিয়াবা ধেমেলিয়া বা খুহুটিয়া, কেতিয়াবা ব্যংগোক্তি বা কেতিয়াবা বক্ৰোক্তি হিচাবে ব্যৱহাৰ কৰা হয়। সমাৰ্থক অন্য জটুৱা ঠাঁচ হৈছে ঘোঁড়াৰ ডিম বা অশ্বডিম্ব, শিয়ালৰ শিং আদি৷ পৃথিৱীৰ অন্যান্য ভাষা, জাতি বা বিভিন্ন সমাজ বা গোটৰ মাজতো সমাৰ্থক উক্তি বা…
-
উগাণ্ডাৰ লোক কাহিনী
উগাণ্ডাৰ লোককাহিনী ত আফ্ৰিকাৰ দেশ উগাণ্ডাৰ পৰম্পৰাগত লোককাহিনী আৰু অন্যান্য লোককাহিনী অন্তৰ্ভুক্ত আছে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অৰ্থ আৰু অভিজ্ঞতা প্ৰকাশ কৰে এই লোককাহিনী বোৰে।পৰম্পৰাগতভাৱে লোককাহিনীবোৰে অনুশাসন আৰু ভাল আচৰণ সৃষ্টি কৰিছিল যি উগাণ্ডাৰ সমাজৰ ভিতৰত সামাজিক বিশ্বাস আৰু নিয়মবোৰ গঢ়ি…
-
উচেক লেংমেইটং
উচেক লেংমেইটং (উচেক লেংমেইডং) বা চেকলা লেংমেইটং (চেকলা লেংমেইডং)ৰ কাহিনী প্ৰাচীন কাংগলেইপাক (আৰম্ভণি মণিপুৰ)ৰ মেইটেই লোককথা। ইয়াত "হায়াইনু" (উৰ্ধ্বতন নংডাম আটম্বি) নামৰ এগৰাকী ছোৱালীৰ কাহিনী কোৱা হৈছে, যিয়ে নিজৰ নিষ্ঠুৰ সতীয়া মাকৰ দুৰ্ব্যৱহাৰ সহ্য কৰিব নোৱাৰি নিজকে লেংমেইটং (মেইটেই ভাষাত…
-
উডুক্কু
উডুক্কু বা উডুক্কাই দক্ষিণ ভাৰতৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। কেৰালা, তামিলনাডু আৰু শ্ৰীলংকাৰ উত্তৰ আৰু পূব অংশত ই জনপ্ৰিয়। ই ডম্বৰু আৰু এডাক্কাৰ দৰে একে। আকৃতিৰ ফালৰ পৰা ই ডম্বৰুতকৈ ডাঙৰ, কিন্তু এডাক্কাতকৈ সৰু।
-
উত্তৰণৰ বিধি
উত্তৰণৰ বিধি বা ৰিট অৱ পেচেজ হ’ল পৰিৱৰ্তনৰ এক পৰ্ব বা আচাৰ যিটো তেতিয়া সংঘটিত হয় যেতিয়া কোনো ব্যক্তিয়ে এটা গোট এৰি আন এটা গোটত প্ৰৱেশ কৰে। ইয়াৰ লগত সমাজৰ মৰ্যাদাৰ উল্লেখযোগ্য পৰিৱৰ্তন জড়িত হৈ আছে।
-
উথ্ৰালিক্কাভু পূৰম
উথ্ৰালিক্কাভু পূৰম (:Uthralikkavu Pooram,মালয়ালম: ഉത്രാളിക്കാവ്), হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ থ্ৰিছূৰ জিলাৰ ৱাডাক্কানচেৰীত থকা থালাপ্পিল্লি তালুকৰ শ্ৰী ৰুধিৰমহাকালিকাভু মন্দিৰত অনুষ্ঠিত এক প্ৰসিদ্ধ উৎসৱ। এই মন্দিৰত প্ৰতি বছৰে ফেব্ৰুৱাৰী–মাৰ্চ মাহত অনুষ্ঠিত হোৱা পূৰম উৎসৱৰ বাবে বিশেষভাৱে জনাজাত।
-
উদাৰপন্থী হমফবিয়া
উদাৰপন্থী হমফবিয়া হ’ল সমকামিতাক যেতিয়ালৈকে লুকাই থাকে তেতিয়ালৈকে গ্ৰহণ কৰা। যৌন বৈচিত্ৰ্যক গ্ৰহণ কৰাৰ পিছতো এলজিবিটিকিউ লোকসকলক প্ৰান্তীয় বা তুচ্ছজ্ঞান কৰা পক্ষপাতিত্ব আৰু কু- সংস্কাৰক স্থায়ী কৰি ৰখা হয়।
-
উৰ্ডি হাউচ
উৰ্ডি হাউচ ( Urdi House, নৰ্ৱেজিয়ান: উৰ্ডিহুচেট বা কেৱল উৰ্ডি) নৰৱেৰ বাৰ্গেন চহৰৰ বাহিৰত থকা গিলডেনপ্ৰিছ চুবুৰীৰ এটা মেন'ৰ হাউচ। ই মাইকেল ক্ৰ’ন ষ্ট্ৰীট (মাইকেল ক্ৰ’নছ গেট) নং ৬২ত অৱস্থিত। ঘৰটো লেট এম্পায়াৰ শৈলীৰ স্থাপত্যৰ এক উদাহৰণ।
-
ঋষি মাণ্ডব্য
মাণ্ডব্য (সংস্কৃত: माण्डव्य), যাক অনি মাণ্ডব্য বুলিও কোৱা হয়, হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁক ৰজাই অন্যায়ভাৱে শাস্তি দিয়া কিম্বদন্তিৰ বাবে বেছিকৈ পৰিচিত।
-
এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা
এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা (Second voyage of HMS Beagle) আছিল কেপ্টেইন ৰবাৰ্ট ফিটজৰয়ৰ নেতৃত্বত হোৱা বিগল জাহাজৰ দ্বিতীয়টো সমুদ্ৰযাত্ৰা। এই যাত্ৰাটো ১৮৩১ চনৰ ২৭ ডিচেম্বৰত আৰম্ভ হৈ ১৮৩৬ চনৰ ২ অক্টোবৰত শেষ হৈছিল।
-
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী (EtP) হৈছে তামিলনাডুৰ তিৰুভান্নামলাইত পঞ্জীয়নভুক্ত এটা অলাভজনক ফাউণ্ডেশ্যন। ২০১২ চনত প্ৰতিষ্ঠা হোৱা এই ট্ৰাষ্টটোৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰত আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহত ফটোগ্ৰাফীৰ ইতিহাস, সমাজ-সংস্কৃতি আৰু নান্দনিক বিকাশক নথিভুক্ত কৰা আৰু সংৰক্ষণ কৰা।
-
এগ্যঁ-হৱিট (১৯৯২) অন্তৰ্নিহিত বিকাশ আৰ্হি
সৃষ্টিশীল ধ্বংসৰ মাধ্যমেৰে বিকাশৰ এগ্যঁ-হৱিট আৰ্হি এটি শ্বাম্পেটাৰীয় অন্তৰ্নিহিত বিকাশ আৰ্হি যি পোণপ্ৰথমবাৰৰ বাবে ১৯৯০ত এক এন বি ই আৰ প্ৰবন্ধৰ ৰূপত প্ৰকাশিত হৈছিল আৰু ১৯৯২ চনত ইকনমেট্ৰিকাত প্ৰকাশিত হৈছিল।