অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অভিবাসীৰ শ্ৰেণীসমূহ

অভিবাসী হৈছে এনে এজন ব্যক্তি যিয়ে নিজৰ মূল দেশ এৰি অন্য এখন দেশত স্থায়ীভাৱে বা দীৰ্ঘম্যাদীভাৱে বসবাস কৰিবলৈ যায়। বিভিন্ন কাৰণত মানুহে দেশান্তৰ কৰে আৰু এই ভিত্তিত অভিবাসীসকলক কেইবাটাও প্ৰধান শ্ৰেণীত ভগাব পাৰি। আন্তৰ্জাতিক আইন আৰু বিভিন্ন দেশৰ অভিবাসন নীতি অনুসৰি এই শ্ৰেণীবিভাজন কৰা হয়।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

অভিবাসী হৈছে এনে এজন ব্যক্তি যিয়ে নিজৰ মূল দেশ এৰি অন্য এখন দেশত স্থায়ীভাৱে বা দীৰ্ঘম্যাদীভাৱে বসবাস কৰিবলৈ যায়। বিভিন্ন কাৰণত মানুহে দেশান্তৰ কৰে আৰু এই ভিত্তিত অভিবাসীসকলক কেইবাটাও প্ৰধান শ্ৰেণীত ভগাব পাৰি। আন্তৰ্জাতিক আইন আৰু বিভিন্ন দেশৰ অভিবাসন নীতি অনুসৰি এই শ্ৰেণীবিভাজন কৰা হয়।

প্ৰধান শ্ৰেণীসমূহ

সাধাৰণতে অভিবাসীসকলক চাৰিটা প্ৰধান শ্ৰেণীত ভগাব পাৰি:

১. অৰ্থনৈতিক অভিবাসী (Economic Immigrants)

যিসকল লোকে উন্নত জীৱিকা, কৰ্মসংস্থান বা ব্যৱসায়ৰ সুযোগৰ সন্ধানত দেশান্তৰ কৰে, তেওঁলোকক অৰ্থনৈতিক অভিবাসী বুলি কোৱা হয়। ইয়াৰ ভিতৰত দক্ষ পেছাদাৰী লোক, কাৰিকৰী শ্ৰমিক আৰু বিনিয়োগকাৰী সকলো অন্তৰ্ভুক্ত। বহুতো দেশে নিজৰ অৰ্থনীতিৰ উন্নতিৰ বাবে এনে দক্ষ অভিবাসীক বিশেষ গুৰুত্ব প্ৰদান কৰে।

২. পৰিয়াল-পৃষ্ঠপোষকতা প্ৰাপ্ত অভিবাসী (Family-Sponsored Immigrants)

যিসকল ব্যক্তি ইতিমধ্যে এখন দেশত বৈধভাৱে বসবাস কৰি থকা নিজৰ পৰিয়ালৰ সদস্যৰ (যেনে- স্বামী বা স্ত্ৰী, সন্তান, পিতৃ-মাতৃ বা ভাই-ভনী) সৈতে একত্ৰিত হ'বলৈ দেশান্তৰ কৰে, তেওঁলোক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। বহু দেশৰ অভিবাসন নীতিত পৰিয়াল পুনৰ্মিলনক এক গুৰুত্বপূৰ্ণ অধিকাৰ হিচাপে গণ্য কৰা হয়।

৩. শৰণাৰ্থী আৰু আশ্ৰয় প্ৰাৰ্থী (Refugees and Asylum Seekers)

যিসকল লোকে যুদ্ধ, নিৰ্যাতন, ধৰ্মীয় বা ৰাজনৈতিক কাৰণত নিজৰ দেশ এৰি পলাই যাবলৈ বাধ্য হয় আৰু আন এখন দেশত সুৰক্ষা বিচাৰে, তেওঁলোকক শৰণাৰ্থী(refuge) বুলি কোৱা হয়। আশ্ৰয় প্ৰাৰ্থী হৈছে এনে ব্যক্তি যিয়ে আনুষ্ঠানিকভাৱে শৰণাৰ্থীৰ মৰ্যাদা বিচাৰি আবেদন কৰে কিন্তু যাৰ আবেদন এতিয়াও বিচাৰাধীন অৱস্থাত থাকে। আন্তৰ্জাতিক আইনে তেওঁলোকক বিশেষ সুৰক্ষা প্ৰদান কৰে।

৪. অনুমোদনবিহীন বা দলিলবিহীন অভিবাসী (Undocumented Immigrants)

যিসকল লোকে বৈধ ভ্ৰমণ দলিল বা চৰকাৰী অনুমতি অবিহনে এখন দেশত প্ৰৱেশ কৰে, অথবা বৈধভাৱে প্ৰৱেশ কৰিও নিৰ্ধাৰিত ভিছাৰ সময়সীমা অতিক্ৰম কৰি তাত থাকে, তেওঁলোকক অনুমোদনবিহীন অভিবাসী বুলি কোৱা হয়। তেওঁলোকৰ আইনী মৰ্যাদা সীমিত আৰু তেওঁলোকে প্ৰায়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

তথ্য সংগ্ৰহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিবাসীৰ শ্ৰেণীসমূহ” প্ৰবন্ধৰ সংশোধন ৬২৮৮৪২ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।