ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঘণ্টাই মন্দিৰ
ঘণ্টাই মন্দিৰ ভাৰতৰ মধ্যপ্ৰদেশৰ খাজুৰাহো চহৰৰ এটা ধ্বংসপ্ৰাপ্ত দিগম্বৰা জৈন মন্দিৰ ঘন্টী মন্দিৰ বুলিও জনাজাত। পাৰ্শ্বনাথ মন্দিৰৰ দৰেই ইয়াকো জৈন তীৰ্থংকৰ ঋষভনাথ (আদিনাথ নামেৰেও জনাজাত)ৰ নামত উৎসৰ্গা কৰা হৈছিল।
-
ঘুগুহা দৌল
ঘুগুহা দৌল অসমৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল। অসম পুৰাতত্ত্ব বিভাগৰ অনুসৰি এই দৌল আহোম ৰজা শিৱসিংহই (১৭১৪-১৭৪৪) নিজৰ ৰাণী অম্বিকা দেৱীৰ কাৰণে নিৰ্মাণ কৰিছিল।
-
ঘৰচিৰিকাৰ হেৰুৱা বীনটো
ঘৰচিৰিকাৰ হেৰুৱা বীনটো (নেপাল ভাষা: चखुंचायागु तंगु कयगू, ইংৰাজী: The Sparrow's Lost Bean) নেপাল মণ্ডলৰ নেৱাৰসকলৰ মাজত প্ৰচলিত আটাইতকৈ জনপ্ৰিয় শিশু কাহিনীৰ ভিতৰত অন্যতম নেপালী সাধুকথা।
-
চাই নেনেচি
চাই নেনেচি পানীত থকা তুৰ্কী আত্মা, যি সাধাৰণতে খালৰ বাবে প্ৰয়োগ কৰা এটা নাম। জলাশয় আৰু হ্ৰদত মানুহক চুহি খোৱাৰ লগতে নিস্তব্ধ পানীৰ ওচৰত থিয় হৈ থকা জীৱ-জন্তুবোৰক হত্যা কৰাৰ কৰ্তৃত্বও তেওঁৰ।
-
চান্দ কৌৰ
চান্দ কৌৰ (জন্ম: ১৮০২ – মৃত্যু: ১১ জুন ১৮৪২) শিখ সাম্ৰাজ্যৰ চতুৰ্থ শাসক আছিল; তেওঁক ১৮৪০ চনৰ ২ ডিচেম্বৰত মালিকা মুকাদ্দিছা হিচাপে ঘোষণা কৰা হৈছিল। তেওঁ কানহাইয়া মিছলৰ চৰ্দাৰ জয়মল সিঙৰ ঘৰত জন্মগ্ৰহণ কৰে।
-
চাৰমিনাৰ
চাৰমিনাৰ (, Charminar) হৈছে ভাৰতৰ তেলংগানা ৰাজ্যৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক। ১৫৯১ চনত নিৰ্মাণ কৰা এই সীমাচিহ্ন বা লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াক তেলেংগানাৰ প্ৰতীক ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে।
-
চাৰিজন স্বৰ্গীয় ৰজা
চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়।
-
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক অৰ্থাৎ উঝোকৰ চেইণ্ট মাইকেল আৰ্চেঞ্জেল গীৰ্জা (St. Michael Church) ১৭৪৫ চনত ইউক্ৰেইনৰ উঝোক নামৰ এক উপকণ্ঠ অঞ্চলত নিৰ্মাণ কৰা হৈছিল। এই ঐতিহাসিক গাঁথনিটো তিনিটা কাঠৰ নেভ আৰু ইটাৰে নিৰ্মিত এটা ধৰ্মীয় কোঠাৰে গঠিত।
-
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া অৰ্থাৎ ইয়াচিনিয়াৰ লৰ্ডছ এচেনচন গীৰ্জা (Church of the Ascension; ইউক্ৰেইনীয়ান: Вознесенська церква) হ’ল ইউক্ৰেইনৰ জাকৰপাতীয়া ওব্লাষ্টৰ ৰাখিভ ৰায়ঁৰ অন্তৰ্গত ইয়াচিনিয়াত অৱস্থিত এটা ঐতিহাসিক কাঠৰ গীৰ্জা।
-
চাৰ্চ অৱ দ্য হলি স্পিৰিট (ৰোহাটিন)
ৰোহাটিনৰ হলি স্পিৰিট গীৰ্জা (ৰোহাটিন হলি স্পিৰিট গীৰ্জা; অধিক সঠিক নাম চাৰ্চ অৱ দ্য ডেচেণ্ট অৱ দ্য হলি স্পিৰিট, যিটো গীৰ্জাৰ ইকন'ষ্টেছিছত এইদৰে উল্লেখ কৰা হৈছে) হৈছে ইউক্ৰেইনৰ ইভানো-ফ্ৰাংকিভস্ক অব্লাষ্টৰ ৰোহাটিন চহৰত অৱস্থিত এখন ঐতিহাসিক কাঠৰ গীৰ্জা।
-
চাৰ্চ গ্ৰিম
চাৰ্চ গ্ৰিমহৈছে ইংলেণ্ড আৰু নৰ্ডিক লোককথাত বৰ্ণিত এক অভিভাৱক আত্মা, যি নিৰ্দিষ্ট খ্ৰীষ্টীয় গীৰ্জাৰ মঙ্গল আৰু গীৰ্জাৰ চৌহদৰ পৱিত্ৰতা ৰক্ষা কৰে। সাধাৰণতে, ইয়াক ডাঙৰ ক'লা কুকুৰৰ ৰূপত দেখা যায়, যদিও ই আন জন্তুৰ ৰূপও ধাৰণ কৰিব পাৰে।
-
চিজিন
মায়া পৌৰাণিক কাহিনীত চিজিন হৈছে মৃত্যু আৰু ভূমিকম্পৰ দেৱতা। পণ্ডিতসকলে তেওঁক “গড-A’’ বুলি কয়। ইউকাটান মায়াসকলৰ বাবে তেওঁ আছিল হান-কেম আৰু ৱুকুব-কাম।
-
চীনা শ্ৰুতিকথা
চীনা পৌৰাণিক কাহিনী বা চীনা শ্ৰুতিকথা (সৰলীকৃত চীনা: 中国神话; পৰম্পৰাগত চীনা: 中國神話; ইংৰাজী: Chinese mythology) হৈছে মৌখিক ৰূপত প্ৰচাৰিত বা বৰ্তমান বৃহত্তৰ চীন নামেৰে জনাজাত সমগ্ৰ অঞ্চলটোৰ সাহিত্যত লিপিবদ্ধ হোৱা পৌৰাণিক কাহিনীৰ সম্ভাৰ।
-
চীনৰ পৌৰাণিক কাহিনীত চৰাই
চীনা পৌৰাণিক কাহিনী আৰু কিংবদন্তিৰ চৰাইবোৰ অসংখ্য প্ৰকাৰৰ আৰু এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। কিছুমান স্পষ্টভাৱে প্ৰকৃত চৰাইৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, আন কিছুমান স্পষ্টভাৱে নহয় আৰু কিছুমান ইয়াৰ মাজত। পৌৰাণিক বৰ্ধনৰ সৈতে প্ৰকৃত ধৰণৰ চৰাইৰ উদাহৰণ ক্ৰেন।
-
চীলিন
চীলিন (ইংৰাজী: /tʃiˈlɪn/ chee-LIN; চীনা: 麒麟) হৈছে চীনা লোককথাত পোৱা এটা কিংবদন্তিমূলক জীৱ। ই এবিধ খুৰাযুক্ত ড্ৰেগন সদৃশ জীৱ, আৰু কোনো ঋষি বা বিখ্যাত শাসকৰ আগমন বা আসন্ন মৃত্যুৰ সময়ত ই দেখা দিয়ে। চীলিন হৈছে এটা শিং থকা জন্তুৰ লিন নামৰ এক বিশেষ প্ৰকাৰৰ পৌৰাণিক পৰিয়ালৰ অন্তৰ্গত জীৱ।
-
চুণ্ডেল বলং
চুণ্ডেল বলং ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত উল্লেখ থকা এক পৌৰাণিক ভূত, যি এটাৰী ধুনীয়া দীঘল ক’লা চুলি আৰু দীঘল বগা পোছাক পিন্ধা এগৰাকী মহিলা (তেওঁৰ ৰূপ পণ্টিয়ানাকৰ সৈতে মিল আছে)।
-
চুত (বেলাৰুছিয়ান পৌৰাণিক কাহিনী)
চুত (বেলাৰুছিয়ান: Хут) বেলাৰুছীয় পৌৰাণিক কাহিনীত উল্লিখিত এক গৃহ আত্মা। ই ঘৰলৈ ধন-সম্পত্তি, শস্য আৰু সফলতা আনি দিয়ে, কিন্তু যদি ইয়াক খাবলৈ দিয়া নহয়, তেন্তে ই কঠোৰ প্ৰতিশোধ ল'ব পাৰে।
-
চুপ্ফনিঅ'
চুপ্ফণিঅ (Sopfünuo) এগৰাকী মহিলা আৰু তেওঁৰ সন্তানৰ বিষয়ে আংগামী নগা লোককাহিনী। তেওঁলোকৰ জন্মভূমি ৰুচমা গাঁৱলৈ উভতি অহাৰ পথত কৰুণভাৱে মৃত্যু ঘটিছিল। মৃত্যুৰ পিছত তেওঁলোক শিলাখণ্ডলৈ ৰূপান্তৰিত হৈছিল।
-
চুল্লাচাকি
চুল্লাচাকি (ইংৰাজী: Chullachaki) পেৰু আৰু ব্ৰাজিলৰ আমাজান অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ। এই জীৱটোক চুল্লাচাকী (Chullachaqui) আৰু শ্বাপিছিকো (Shapishico) বুলিও কোৱা হয়৷
-
চেইণ্ট নিকোলাছ গীৰ্জা
চেইণ্ট নিকোলাছ গীৰ্জা (ইউক্ৰেইনীয়ান: Церква Святого Миколая) টেৰ্নোপিল ওব্লাষ্টৰ বুচাচ চহৰত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য কীৰ্তিচিহ্ন। ই চহৰখনৰ আটাইতকৈ পুৰণি সংৰক্ষিত শিলৰ গীৰ্জা। ইয়াক এটা অৰ্থডক্স গীৰ্জা হিচাপে নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ এটা উপাসনাগৃহ।
-
চেতনা প্ৰৱাহ
চেতনা প্ৰৱাহ হ'ল মানুহৰ মনৰ ভিতৰত অবিৰতভাৱে চলি থকা চিন্তা, অনুভৱ, স্মৃতি আৰু সংবেদনৰ এক নিৰৱচ্ছিন্ন সোঁত। আধুনিক মনোবিজ্ঞান আৰু সাহিত্যৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ধাৰণা আৰু কৌশল হিচাপে পৰিগণিত হৈছে।
-
চেলা চৈত্য
চেলা চৈত্য বা চেলা চেটিয়া, যাক সিংহলী ভাষাত আম্বাষ্টালা ডাগাবা বুলিও কোৱা হয়, শ্ৰীলংকাৰ মিহিণ্টালে ৰয়েল ৰক মন্দিৰত অৱস্থিত এক উল্লেখযোগ্য স্তুপ। মন্দিৰ চৌহদৰ ভিতৰত থকা পাঁচটা স্তুপৰ ভিতৰত ই অন্যতম আৰু ইয়াক ১৬টা মূল উপাসনাস্থলী বা সোলোস্মাস্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
চোটিনিয়েচৰ ইশ্বৰৰ মাতৃৰ গীৰ্জা
চোটিনিয়েচৰ ঈশ্বৰৰ মাতৃৰ গীৰ্জা (Mother of God Church, Chotyniec) হৈছে পোলেণ্ডৰ চোটিনিয়েচ গাঁৱত অৱস্থিত সপ্তদশ শতিকাৰ এখন গথিক স্থাপত্য কাঠৰ গীৰ্জা। এই গীৰ্জাখন পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ চেৰ্কভাসমূহৰ অংশ হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃত।
-
ছাইকী
ছাইকী (Psyche,; Ψυχή) হৈছে এগৰাকী আত্মাৰ গ্ৰীক দেৱী। ছাইকী এগৰাকী নশ্বৰ মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, ছাইকী সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিতকৈও অধিক সুন্দৰী আছিল। দ্বিতীয় শতিকাত লুছিয়াছ এপুলিয়াছে ৰচনা কৰা দ্য গোল্ডেন এছ নামৰ কাহিনীটোৰ পৰা ছাইকী জনাজাত।
-
ছাইৰেন (শ্ৰুতিকথা)
ছাইৰেন (প্ৰাচীন গ্ৰীক: একবচন: Σειρήν, ছাইৰেন; বহুবচন: Σειρῆνες, ছাইৰেনেছ; ইংৰাজী: Siren) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত আকৰ্ষণীয় কণ্ঠস্বৰৰ গৰাকী মানৱসদৃশ নাৰী সত্তা; অডিচিৰ এটা দৃশ্যত তেওঁলোকক দেখা পোৱা যায় য'ত অডিচিয়াছে নিজৰ দলৰ জীৱন ৰক্ষা কৰে।
-
ছান্নি ইয়াকুমা
ছান্নি ইয়াকুমা, যাক কেতিয়াবা দাহা আতা ছান্নিয়াচ বুলিও জনা যায়, সিংহলীসকলৰ পৰম্পৰাগত ভূত-প্ৰেত বিতাৰণৰ অনুষ্ঠান। এই অনুষ্ঠানত ১৮টা মুখা পিন্ধা নৃত্য থাকে, প্ৰতিটো নৃত্যত মানুহক আক্ৰান্ত কৰা কোনো বিশেষ ৰোগ বা ৰোগৰ চিত্ৰণ কৰা হয়।
-
ছামছ
ছামছ, যাক ছামছুম বা ধাত-বা’ ধনুম বুলিও মতা হয় বা কোৱা হয়, আৰবীয় পৌৰাণিক কাহিনীৰ এগৰাকী সূৰ্য দেৱী। তেওঁ হিমিয়াৰী ৰাজ্যৰ পৃষ্ঠপোষক দেৱী আছিল। তেওঁ নামৰ অৰ্থ আছিল ‘উজ্জ্বল’, ‘সূৰ্য’, বা ‘উজ্জ্বল’। উত্তৰ আৰবৰ সূৰ্য দেৱী নুহাৰ দক্ষিণ আৰবৰ সমতুল্য আছিল তেওঁ।
-
ছিন (দেৱতা)
ছিনক কু, কেভিল (‘মূৰ্তি’ বুলি গ্ল’ছ কৰা, সম্ভৱতঃ ক’ৱিইলক বুজায়), আৰু মৰাণৰ সৈতে একেলগে আন পুৰুষ দেৱতা আৰু মানুহৰ সৈতে যৌন সম্পৰ্ক প্ৰদৰ্শন কৰা বুলি কোৱা পুৰুষ দেৱতাৰ নাম হিচাপে উল্লেখ কৰা হৈছে।
-
ছিন্নমুণ্ডা
ছিন্নমুণ্ডা এগৰাকী বৌদ্ধ দেৱী। তেওঁক বজ্ৰযোগিনী বা বজ্ৰৱৰাহীৰ এটা ৰূপ হিচাপে ধৰা হয়।
-
ছু ইয়েছি
তুৰ্কী পৌৰাণিক কাহিনীত ছু ইয়েছি (আক্ষৰিক অৰ্থত "পানীৰ মাষ্টাৰ") এটা জল আত্মা। তুৰ্কী সংস্কৃতিত ই অপেশ্বৰৰ সৈতে মিল খায়। ই এটা অশৰীৰী, অস্পষ্ট সত্তা, কিন্তু ই ইয়েৰ টানৰীৰ কন্যা পুৰুষৰ লগতে নাৰী জীৱলৈও ৰূপান্তৰিত হ’ব পাৰে। কেতিয়াবা পানীৰ মালিকক বলধৰ ৰূপত চিত্ৰিত কৰা হয়।.