ছাইৰেন (প্ৰাচীন গ্ৰীক: একবচন: Σειρήν, ছাইৰেন; বহুবচন: Σειρῆνες, ছাইৰেনেছ; ইংৰাজী: Siren) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত আকৰ্ষণীয় কণ্ঠস্বৰৰ গৰাকী মানৱসদৃশ নাৰী সত্তা; অডিচিৰ এটা দৃশ্যত তেওঁলোকক দেখা পোৱা যায় য'ত অডিচিয়াছে নিজৰ দলৰ জীৱন ৰক্ষা কৰে।১ ৰোমান কবিসকলে তেওঁলোকক ছাইৰেনাম স্কুপুলি (Sirenum scopuli) নামৰ কিছুমান সৰু সৰু দ্বীপত থাকে বুলি কৈছে। পিছৰ কিছুমান যুক্তিবাদী পৰম্পৰা মতে তেওঁলোক এন্থেম'ছা বা এন্থেমুছাৰ আক্ষৰিকভাবে "ফুলময়" দ্বীপ২ বুলি কোৱা কেপ পেল'ৰাম আৰু আন কিছুমানত পেষ্টামৰ ওচৰৰ চাইৰেনুছ নামেৰে জনাজাত দ্বীপসমূহত বা কেপ্ৰেয়াত থাকে।৩ সাধাৰণতে এই সকলোবোৰ স্থানৰ চাৰিওফালে শিল দেখা পোৱা যায়।
মধ্যযুগীয় সমগ্ৰ খ্ৰীষ্টান শিল্পত ছাইৰেনক নিয়মিতভাৱে মূৰ্ত কৰি তোলা মহিলাৰ বিপজ্জনক প্ৰলোভনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। "ছাইৰেন"ক অতি আকৰ্ষণীয় আৰু বিপজ্জনক দুয়োটা বুলি গণ্য কৰা মহিলাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।৪
কিংবদন্তি
অভিডৰ মতে (খ্ৰীষ্টপূৰ্ব ৪৩–১৭ খ্ৰীষ্টাব্দ) ছাইৰেনবোৰ আছিল গাভৰু পাৰ্চিফোনিৰ সংগী। যেতিয়া পাৰ্চিফোনিক হেডিছে অপহৰণ কৰিছিল, তেতিয়া তেওঁক বিচাৰিবলৈ ডিমিটাৰে তেওঁলোকক ডেউকা প্ৰদান কৰিছিল। কিন্তু হাইজিনাছৰ ফেবুলে (খ্ৰীষ্টপূৰ্ব ৬৪–১৭ খ্ৰীষ্টাব্দ)ত ডিমিটাৰে পাৰ্চিফোনিৰ অপহৰণত হস্তক্ষেপ নকৰাৰ বাবে ছাইৰেনসকলক গালি পাৰে বুলি লিখিছে। হাইজিনাছৰ মতে ছাইৰেনৰ গীত শুনা মৰ্ত্যলোকৰ বাসিন্দা তেওঁলোকৰ কাষেৰে পাৰ হৈ নযোৱালৈকেহে জীয়াই থাকে বুলি কোৱা হৈছে।
এটা কিংবদন্তি অনুসৰি দেৱতাৰ ৰাণী হীৰাই ছাইৰেনসকলক মিউজৰ সৈতে গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাইছিল। মিউজসকল প্ৰতিযোগিতাত জয়ী হয় আৰু তাৰ পিছত ছাইৰেনৰ সকলো পাখি উলিয়াই তাৰ পৰা মুকুট তৈয়াৰ কৰে। প্ৰতিযোগিতাত পৰাস্ত হোৱাৰ পোৱা এই যন্ত্ৰণাৰ ফলত ছাইৰেনবোৰ বগা হৈ আপ্টেৰা ("পাখিবিহীন")ত সাগৰত পৰে আৰু তাত দ্বীপলৈ ৰূপান্তৰিত হয় যিবোৰক লেউকাই বুলি কোৱা হৈছিল।৫
প্ৰথম শতিকাৰ ৰোমান ইতিহাসবিদ প্লিনি দ্য এল্ডাৰৰ মতে ছাইৰেনসকল বিশুদ্ধ উপকথা নহয়, "যদিও ক্লিয়াৰকাছৰ পিতৃ ডিননে ভাৰতত ইয়াৰ অস্তিত্ব আছে বুলি দাবী কৰে আৰু তেওঁলোকে মানুহক নিজৰ গীতেৰে মোহিত কৰে আৰু প্ৰথমে তেওঁলোকক টোপনি যোৱাই আৰু পিছত টুকুৰা-টুকুৰ কৰি কাটি পেলায়।"৬
তথ্যসূত্ৰ
- ↑ Scholiast on হোমাৰ, ওডিছী 12.168 with Hesiod as the authority, translated by Evelyn-White
- ↑ "We must steer clear of the sirens, their enchanting song, their meadow starred with flowers" is Robert Fagles's rendering of Odyssey 12.158–9
- ↑ Strabo i. 22; 's Homeric commentaries §1709; Servius I.e
- ↑ . Siren. dictionary.cambridge.org. Cambridge Dictionary
- ↑ Caroline M. Galt, "A marble fragment at Mount Holyoke College from the Cretan city of Aptera", Art and Archaeology'6' (1920:150)
- ↑ Pliny the Elder, Natural History X, 70
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাইৰেন (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৭২৩১ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।