অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চেলা চৈত্য

চেলা চৈত্য বা চেলা চেটিয়া, যাক সিংহলী ভাষাত আম্বাষ্টালা ডাগাবা বুলিও কোৱা হয়, শ্ৰীলংকাৰ মিহিণ্টালে ৰয়েল ৰক মন্দিৰত অৱস্থিত এক উল্লেখযোগ্য স্তুপ। মন্দিৰ চৌহদৰ ভিতৰত থকা পাঁচটা স্তুপৰ ভিতৰত ই অন্যতম আৰু ইয়াক ১৬টা মূল উপাসনাস্থলী বা সোলোস্মাস্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চেলা চৈত্য বা চেলা চেটিয়া, যাক সিংহলী ভাষাত আম্বাষ্টালা ডাগাবা বুলিও কোৱা হয়, শ্ৰীলংকাৰ মিহিণ্টালে ৰয়েল ৰক মন্দিৰত অৱস্থিত এক উল্লেখযোগ্য স্তুপ। মন্দিৰ চৌহদৰ ভিতৰত থকা পাঁচটা স্তুপৰ ভিতৰত ই অন্যতম আৰু ইয়াক ১৬টা মূল উপাসনাস্থলী বা সোলোস্মাস্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।১

মহিন্দ থেৰ’ই ৰজা দেৱানম্পিয়তীছক লগ পোৱা ঠাইতে ৰজা মহাদাটিকা মহানাগাই এই স্তুপটো নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হৈছে। এই স্তুপৰ ঐতিহাসিক তাৎপৰ্য আছে, কাৰণ ইয়াৰ দ্বাৰা শ্ৰীলংকাত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰা হৈছিল।২ চেলা চেটিয়া গৌতম বুদ্ধৰ সৈতেও জড়িত, যিয়ে শ্ৰীলংকালৈ তৃতীয়বাৰৰ বাবে এই স্থানলৈ গৈছিল বুলি কোৱা হয়। উৰ্না ৰোমা নামেৰে জনাজাত, ভ্ৰূৰ মাজত থকা বুদ্ধৰ নোমৰ অৱশেষ স্থানত ৰাখিবলৈ এই স্তুপটো নিৰ্মাণ কৰা হৈছিল।১

দ্বিতীয় বা তৃতীয় শতিকাত এই স্তুপটোক প্ৰাচীন শ্ৰীলংকাৰ এক অনন্য স্থাপত্য বৈশিষ্ট্য বাতাদাগে শৈলীলৈ ৰূপান্তৰিত কৰা হয়। মূল কাঠৰ চালৰপৰা প্ৰায়বোৰ খুঁটা আজিও থিয় হৈ আছে। প্ৰাচীন মঠটোৰ ১৮৪০টা ঢাপত উঠি মিহিণ্টালে কমপ্লেক্সৰ ওপৰৰ টেৰেচত উপনীত হোৱাৰ লগে লগে চেলা চেটিয়া হৈছে প্ৰথম ধ্বংসাৱশেষ। ইয়াৰ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্য্যই ইয়াক মিহিণ্টালে ৰয়েল ৰক মন্দিৰৰ এটা মূল বৈশিষ্ট্য কৰি তোলে।২

তথ্যসূত্ৰ

  1. ↑ Sela Cetiya at Mihintale. Nekhor
  2. ↑ Ambasthala Stupa. Amazing Lanka

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ মঠশ্ৰীলংকাৰ স্থাপত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলা চৈত্য” প্ৰবন্ধৰ সংশোধন ৫৬৩০১১ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।