চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়। প্ৰাচীন সংস্কৃত ভাষাত তেওঁলোকক "চতুৰ্মহাৰাজ" বা "চতুৰ্মহাৰাজিকাদেৱ", অৰ্থাৎ "চাৰি মহৎ স্বৰ্গীয় ৰজা" বুলি কোৱা হয়।এওঁলোক চীনা বৌদ্ধ মন্দিৰৰ এক মানসম্পন্ন অংগ। তেওঁলোক "লোকপাল" নামেৰেও জনাজাত।
চাৰিজন স্বৰ্গীয় ৰজা বৰ্তমান সুমেৰু পৰ্বতৰ নিম্ন অংশত অৱস্থিত চতুৰ্মহাৰাজিকা স্বৰ্গত বাস কৰে বুলি কোৱা হয়। এই স্বৰ্গ কামধাতুৰ দেৱতাসকলৰ ছখন নিবাসৰ ভিতৰত সৰ্বনিম্ন। তেওঁলোক হৈছে জগতৰ ৰক্ষক আৰু অশুভ শক্তিৰ প্ৰতিদ্বন্দ্বীি। ধৰ্ম ৰক্ষাৰ অৰ্থে তেওঁলোকৰ প্ৰতিজনেও অতি প্ৰাকৃতিক জীৱৰ একো একোটা গোটক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম।
কিংবদন্তি
এই চাৰিজন ৰজাই ত্ৰয়স্ত্ৰিংশৰ দেৱতাসকলৰ ৰজা চক্ৰক সেৱা আগবঢ়ায়। প্ৰত্যেক চান্দ্ৰ মাহৰ অষ্টম, চতুৰ্দশ আৰু পঞ্চদশ দিনত চাৰিওজন ৰজাই মানৱ জগতৰ গুণ আৰু নৈতিকতা পৰীক্ষা কৰিবলৈ প্ৰতিনিধি পঠায় বা নিজেও যায়। তাৰপাছত তেওঁলোকে এই বিষয়ে ত্ৰয়স্ত্ৰিংশৰ দেৱতাসকলৰ সভালৈ প্ৰতিবেদনআগবঢ়ায়।
চক্ৰৰ আদেশত, এই চাৰি ৰজা আৰু তেওঁলোকৰ অনুগামীসকলে ত্ৰয়স্ত্ৰিংশক অসুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সদা সচেতন হৈ থাকে। তেওঁলোকে বুদ্ধ, ধৰ্ম আৰু বুদ্ধৰ অনুগামীসকলক বিপদৰ পৰা ৰক্ষা কৰিবলৈও অঙ্গীকাৰৱদ্ধ। চীনা বৌদ্ধ ধৰ্মত চাৰিজন স্বৰ্গীয় ৰজাক ২০ জন বা ২৪ জন লোকপালৰ অন্তৰ্গত বুলি গণ্য কৰা হয়, যিসকলে ধৰ্ম ৰক্ষা কৰিবলৈ আৱিৰ্ভূত হয়।১
ৰূপবৰ্ণন
| পালি | ভেচ্চবন | বিৰুলহক | ধতৰাত্থ | বিৰূপাক্খ |
| দেৱনাগৰী সংস্কৃত | বৈশ্ৰৱণ (কুবেৰ) | বিৰূধক | ধৃতৰাষ্ট্ৰ | বিৰূপাক্ষ |
| অৰ্থ | তেওঁ সকলো কথা শুনে | যিজন বৃদ্ধিৰ কাৰক | যি ৰাজ্যখনক ৰক্ষা কৰে | যিজনে সকলোকে দেখে |
| নিয়ন্ত্ৰণ | যক্ষ | কুম্ভণ্ড | গন্ধৰ্ব | নাগ |
| বিৱৰণ | তেওঁ চাৰিজন ৰজাৰ মূৰব্বী আৰু উত্তৰ দিশৰ ৰক্ষক। তেওঁ বৰষুণৰআধিকাৰী। তেওঁৰ প্ৰতীক অস্ত্ৰ হ'ল ছত্ৰ বা পেগোদা। তেওঁ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আৰু তেওঁৰ সোঁ হাতত ছত্ৰ ধাৰণ কৰে। তেওঁক প্ৰায়ে প্ৰাচীন শ্ৰীলংকাৰ সম্পদৰ দেৱতা কুবেৰৰ সৈতে সম্পৰ্কিত কৰা হয়। তেওঁ হালধীয়া বা সেউজীয়া ৰঙৰ সৈতে সম্পৰ্কিত। | দক্ষিণ দিশৰ গৰাকী। তেওঁ শিপাৰ শ্ৰীবৃদ্ধিৰ কাৰক। তেওঁ বায়ুৰ অধিকাৰী। তেওঁৰ প্ৰতীক অস্ত্ৰ হ'ল তৰোৱাল। নীলা ৰঙৰ সৈতে সম্পৰ্কিত। | পূব দিশৰ গৰাকী আৰু সংগীতৰ দেৱতা। তেওঁৰ প্ৰতীক অস্ত্ৰ হ'ল পিপা। তেওঁ সমন্বয়শীল আৰু সহানুভূতিশীল আৰু সকলো প্ৰাণীক সুৰক্ষা দিয়ে। তেওঁ আন লোকসকলক বৌদ্ধ ধৰ্মলৈ ৰূপান্তৰ কৰিবলৈ তেওঁৰ সংগীত ব্যৱহাৰ কৰে। বগা ৰঙৰ সৈতে সম্পৰ্কিত। | পশ্চিমৰ গৰাকী আৰু তেওঁ সকলো দেখা পায়। তেওঁৰ প্ৰতীক অস্ত্ৰ হ'ল ড্ৰেগনৰ প্ৰতিনিধিত্ব কৰা এডাল ৰঙা ফিটা বা এটা সৰ্প। স্বৰ্গৰ চকুৰ দৰে, তেওঁ বৌদ্ধ ধৰ্মত বিশ্বাস নকৰা লোকসকলক দেখা পায় আৰু তেওঁলোকক ধৰ্মৰ পৰিৱৰ্তন কৰে।ৰঙা ৰঙৰ সৈতে সম্পৰ্কিত। |
| ছবি | ||||
| ৰং | হালধীয়া বা সেউজীয়া | নীলা | বগা | ৰঙা |
| প্ৰতীক | ছত্ৰ | তৰোৱাল | পিপা | সৰ্প |
| নেউল | স্তুপ | |||
| স্তুপ | মুক্তা | |||
| অনুসৰণকাৰী | যক্ষ | কুম্ভাণ্ড | গন্ধৰ্ব | নাগ |
| দিশ | উত্তৰ | দক্ষিণ | পূব | পশ্চিম |
তথ্যসূত্ৰ
- ↑ (2004). A dictionary of Chinese Buddhist terms: with Sanskrit and English equivalents and a Sanskrit-Pali index. RoutledgeCurzon. ISBN 0-203-64186-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰিজন স্বৰ্গীয় ৰজা” প্ৰবন্ধৰ সংশোধন ৪৮৯৩০১ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।