সুভাসিনী আলী (Subhashini Ali; জন্ম: ২৯ ডিচেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী পলিট বুৰো সদস্য। সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ তেওঁ প্ৰাক্তন সভানেত্ৰী আৰু কাণপুৰৰ প্ৰাক্তন সাংসদ সদস্য।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সুভাষিনী আলী ভাৰতীয় জাতীয় সেনাবাহিনীত সেৱা আগবঢ়োৱা কৰ্ণেল প্ৰেম সাহগল আৰু কেপ্তেইন লক্ষ্মী সাহগল (জন্ম ড° লক্ষ্মী স্বামীনাধন)১ ৰ কন্যা৷ তেওঁ ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত পঢ়িছিল। পৰৱৰ্তী সময়ত তেওঁ মাদ্ৰাজৰ মহিলা খ্ৰীষ্টান মহাবিদ্যালয়ৰ পৰা২ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩
ব্যক্তিগত জীৱন
তেওঁ চলচ্চিত্ৰ নিৰ্মাতা মুজাফৰ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ তেওঁলোকৰ পুত্ৰ ছাদ আলী বহু জনপ্ৰিয় ছবি পৰিচালনাৰ বাবে পৰিচিত চলচ্চিত্ৰ নিৰ্মাতা।৪৫৬৭
আলী এগৰাকী নাস্তিক৷৮ তেওঁ মৃণালিনী চাৰাভাই, বিজ্ঞানী বিক্ৰম সাৰাভাই, মল্লিকা চাৰাভাইৰ নিকটাত্মীয়।৯
তথ্যসূত্ৰ
- ↑ LAXMI SAHGAL: THE DOCTOR WHO SOLDIERS ON the-south-Asian, October 2001
- ↑ Fernandes, Vivek. (2001-07-21). The Subhashini Ali 5 Questions. rediff.com
- ↑ (19 December 2002). Crusader for the women's cause. দ্য হিন্দু
- ↑ (2006-01-29). Finally, the director at home. Hindustan Times
- ↑ Shaad Ali ties the knot again - Times of India. The Times of India
- ↑ (2016-12-14). With OK Jaanu, Shaad Ali is remaking another Mani Ratnam film: Is OK Kanmani the best choice?. Firstpost
- ↑ Cotter, Holland. (1999-07-18). Rummana Hussain, 47, Indian Conceptual Artist. The New York Times
- ↑ (8 Aug 2001). The Rediff Interview/Subhasini Ali. Rediff.com
- ↑ (7 March 2014). Ali's Karat and family 'factors'. Telegraph India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুভাষিনী আলী” প্ৰবন্ধৰ সংশোধন ৫৩২১১১ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।