সুমতী আই(Sumati Aai) অসমৰ বৈষ্ণৱ যুগৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা৷ তেওঁৰ পিতৃ বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়া৷ সুমতী আইৰ আন এটা নাম যশোমতী৷১ তেওঁৰ পুত্ৰৰ নাম বলাই আছিল বাবে জনসমাজত পিছলৈ তেওঁ ’বলাই মাতৃ’ নামেও জনাজাত হৈছিল৷২৩
বিবাহ
সুমতী আইৰ বিবাহ হৈছিল বৃন্দাবনী বস্ত্ৰ নিৰ্মাণৰ “মুখ্যতাঁতী’’, বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ, শিৱসাগৰ জিলাৰ খনাখোকৰা গাঁৱৰ বীৰসাদ আৰু ধৈৰ্যাৰ পুত্ৰ মথুৰাদাস বুঢ়া আতাৰ সৈতে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান আছিল৷ সন্তানটিৰ অতি কম বয়সতে মৃত্যু হয়৷ এই সন্তানটিৰ নাম ৰখা হৈছিল, বলাই৷ তেওঁৰ নামেৰে সুমতী আইক সকলোৱে ’বলাই মাতৃ’ বুলিছিল৷১
সত্ৰৰ দায়িত্ব
বৰপেটা সত্ৰৰ সত্ৰীয়া মথুৰাদাস বুঢ়া আতা সত্ৰৰ বাহিৰত থকা সময়ত আয়ে সত্ৰ পৰিচালনাৰ বাবে দিহা-পৰামৰ্শ দিয়াৰ লগতে সকলো দায়িত্ব পালন কৰিছিল৷ এবাৰ বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ বনপোৰা জুইত জাহ যোৱাৰ পৰত সুমতী আয়ে কীৰ্তন ঘৰৰ অক্ষয় বন্তিগছি ততাতৈয়াকৈ বাহিৰলৈ আনি নুমাব নোৱাৰাকৈ গছাৰ অভাৱত খাগৰিৰে সজা ’তিনি ঠেঙনা’ৰ ওপৰত প্ৰজ্জ্বলিত কৰি ৰাখিছিল৷৩পিছত নতুনকৈ নিৰ্মাণ কৰা কীৰ্তনঘৰত সেই বন্তিকে স্থাপন কৰা হৈছিল৷
ধৰ্ম প্ৰচাৰত অংশ গ্ৰহণ
সুমতী আই স্বামীৰ পথ অনুসৰণ কৰি মহাপুৰুষীয়া ধৰ্মৰ একান্ত সেৱিকা হৈ পৰিছিল৷ গৃহকাৰ্যৰ পৰা আজৰি পালেই তেওঁ অন্যান্য আইসকলৰ লগত হৰিকথা শ্ৰৱণ-কীৰ্তন কৰাৰ উপৰি ধৰ্মৰ সদাচাৰ নীতি প্ৰচাৰ কৰিছিল৷ সুমতী আয়ে বৰপেটা সত্ৰৰ নিত্য প্ৰসংগত “মহিলাৰ প্ৰসংগ’’ৰ কাৰ্যসূচী আৰম্ভ কৰিছিল৷২ সেই পৰম্পৰা আজিও বৰপেটা সত্ৰত বৰ্তি আছে৷
গুৰু ভক্তিৰ নিদৰ্শন
সুমতী আয়ে এবাৰ সদায় গুৰুজনাৰ পদধূলি শিৰত ল’ব পৰাকৈ পুত্ৰ বলাইক মাধবদেৱৰ পদধূলা আনিবলৈ পাচিছিল৷ মাধবদেৱে শয়ন কৰাৰ সময়ত বলাইক গা-পা ধুৱাই কচুপাত এটি হাতত দি বেৰৰ মাটি অলপ এৰুৱাই সেইখিনি মাধবদেৱ গুৰুজনাৰ ভৰিত ঘঁহাই আনিবলৈ দিলে যাতে গুৰুৰ পদধূলা হিচাপে তাকেই সদায় ল’ব পাৰে৷ বলায়ে বেৰৰ মাটি এৰুৱাই গুৰুজনাৰ ভৰিত ঘঁহিবলৈ লওঁতেই তেওঁ সাৰ পাই গ’ল আৰু বলাইৰ হাতত ধৰি ক’লে “ আৰে সুন গোৱালেৰ জায়া, বোলএ গোপাল৷ হামাৰ গাএ ধুলা দিল তোমাৰ ছৱাল’’৷ তেতিয়া আঁতৰত ৰৈ থকা সুমতী আয়ে সকলো কথা স্বীকাৰ কৰি মাধবদেৱৰ ওচৰত ক্ষমা বিচাৰিছিল৷ মাধবদেৱে “আৰে শুন গোৱালেৰ জায়া.....’’ শীৰ্ষক বৰগীতটি বৰগীতটি ৰচনা কৰাৰ আঁৰৰ ঘটনাও এইটিয়েই আছিল৷২৪১
তথ্যসূত্ৰ
- ↑ দাস, শ্ৰীঅৰ্জুন চন্দ্ৰ. (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃ. ২
- ↑ মহন্ত, প্ৰেমকান্ত. (১৯৯৭). গুৰু চৰিতৰ ৰসাল কথা আৰু আইসকল. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃ. ১০১. ISBN 81-86494-47-2
- ↑ ৰায়চৌধুৰী, ড° ভূপেন্দ্ৰ. (২০০৭). শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ জীৱন সুৰভি. ৰেখা প্ৰকাশন. পৃ. ৭৫
- ↑ নেওগ, মহেশ্বৰ(সম্পা:). (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃ. ২৯০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমতী আই” প্ৰবন্ধৰ সংশোধন ৪৭১৪৯৫ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।