অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰেইয়া মুলতানিকাৰ

সুৰেইয়া মুলতানিকাৰ (জন্ম ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ লোকগীতৰ গায়িকা হিচাপে বিশেষকৈ কাফিৰ বাবে পৰিচিত। তেওঁ পাকিস্তানী ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী, গজল, লোক-গীত, কাফি আৰু চলচ্চিত্ৰৰ গীত পৰিবেশন কৰে।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুৰেইয়া মুলতানিকাৰ (জন্ম ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ লোকগীতৰ গায়িকা হিচাপে বিশেষকৈ কাফিৰ বাবে পৰিচিত।১ তেওঁ পাকিস্তানী ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী, গজল, লোক-গীত, কাফি আৰু চলচ্চিত্ৰৰ গীত পৰিবেশন কৰে।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

পঞ্জাবৰ মুলতানত সুৰেইয়া মুলতানিকাৰৰ জন্ম হৈছিল। শৈশৱৰ পৰাই তেওঁ গায়িকা হোৱাৰ সপোন দেখিছিল। শৈশৱত তেওঁ চলচ্চিত্ৰৰ গীত শুনি আৰু তাৰ সুৰ আৰু গীতৰ অনুশীলন কৰিছিল।২ পিছলৈ তেওঁ শাস্ত্ৰীয় সংগীতৰ দিল্লী ঘৰৰাণৰ গুলাম নবী খানৰ ওচৰত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।৩

১৯ বছৰ বয়সত মুলতানিকাৰে এবাৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আয়ুব খানে আয়োজন কৰা এখন সভাত গীত পৰিৱেশন কৰিছিল।৩

মুলতানিকাৰৰ ৭টা সন্তান ডাঙৰৰ পৰা সৰুলৈকে ক্ৰমে মহম্মদ আলী, ব্ৰিটেইনৰ অস্থিৰোগ বিশেষজ্ঞ; ৰুকাইয়া ছাজ্জাদ; ৰমজান আলী, ছাইষ্টা, ৰাবিয়া, আলিয়া আৰু ৰাহত বানো।৪৫ তেওঁৰ কনিষ্ঠ কন্যা ৰাহত মুলতানিকাৰো মাতৃৰ দৰেই এগৰাকী লোক-গায়িকা।৬৪৭

কৰ্মজীৱন

ৰেডিঅ' পাকিস্তান

ৰেডিঅ'ত ১৫ বছৰ বয়সত তেওঁ পাকিস্তানী প্ৰবীণ সুৰকাৰ নিয়াজ হুছেইন শ্বামি আৰু আব্দুল হক কুৰেছিয়ে ৰচনা কৰা গীত গাইছিল।৭৪ গায়িকা হিচাপে তেওঁ ৰোচন আৰা বেগম, ওস্তাদ চালামত আলী খান, বড়ে ফাতেহ আলী খান আৰু মেহদি হাছানৰ ৰচনাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।৭

চলচ্চিত্ৰ উদ্যোগ

নেপথ্য গায়িকা হিচাপে মুলতানিকাৰৰ কৰ্মজীৱন অল্পকালীন আছিল।৩৮৯৪

বঁটা আৰু স্বীকৃতি

  • ১৯৫৯: সোণালী বঁটা
  • ১৯৬০: চট্টা গাং বঁটা
  • ১৯৭৫: গুলাম ফৰিদ বঁটা
  • ১৯৮০: গুলাম ফৰিদ বঁটা
  • ১৯৮২: যছন-ই-ফাৰীদ বঁটা
  • ১৯৮১: শ্বাইৰ-ই-মছৰিক বঁটা
  • ১৯৮২: শ্বাইৰ-ই-মছৰিক বঁটা
  • ১৯৮৬: পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা৮
  • ২০০০: শ্বাহবাজ বঁটা
  • ২০০২: গুলাম ফৰিদ বঁটা
  • ২০০৮: পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সিতাৰা-ই-ইমতিয়াজ বঁটা

তথ্যসূত্ৰ

  1. ↑ Suraiya Multanikar profile Retrieved 18 June 2018
  2. ↑ (August 18, 2021). A session with singers. The Nation
  3. ↑ Amel Ghani. (14 December 2015). Suraiya Multanikar: From a stubborn child to a celebrated singer. The Express Tribune newspaper
  4. ↑ Alhamra organizes Kuch Yaadain Kuch Baatain for legendary singers to interact with fans Daily Times (newspaper), 21 September 2019, Retrieved 26 June 2020
  5. ↑ (September 22, 2021). The feminist few. The News International
  6. ↑ (January 12, 2022). All Pakistan Music Conference concludes with a brilliant musical treat. Daily Times
  7. ↑ Adnan Lodhi. (31 May 2015). Taking the craft forward. The Express Tribune (newspaper)
  8. ↑ Profile of Suraiya Multanikar. Cineplot.com website
  9. ↑ (19 September 2016). The forbidden jhumke (Badnaam (1966 film), an Urdu film based on Saadat Hasan Manto's short story 'Jhumke'). The Hindu newspaper

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেইয়া মুলতানিকাৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৬৩৩ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।