সুশীলা সৰোজ ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সদস্য। উত্তৰ প্ৰদেশৰ মোহনলালগঞ্জ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ সমাজবাদী পাৰ্টি (এছ পি) ৰাজনৈতিক দলৰ সদস্য। মোহনলালগঞ্জ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন।
শিক্ষা আৰু নেপথ্য
সুশীলা সৰোজে গোৰখপুৰ, ৰোহিলখণ্ড, কানপুৰ, আৰু লক্ষ্ণৌৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা এম এ, এল এল বি, আৰু বি এড সম্পূৰ্ণ কৰে। ইয়াৰ পূৰ্বে তেওঁ ত্ৰয়োদশ লোকসভাৰ সদস্য, বিধানসভাৰ সদস্য আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যিক মন্ত্ৰী আছিল।তেওঁ বিৰংগনা উদাদেৱী পাছি স্মাৰক সংগঠনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আৰু পাছি ট্ৰাষ্টো প্ৰতিষ্ঠা কৰে।
পদাধিকাৰসমূহ
| ক্ৰমাংক | চনৰপৰা | চনলৈ | অৱস্থান |
|---|---|---|---|
| ০১ | ১৯৯৩ চনত | ১৯৯৫ চনত | সদস্য, উত্তৰ প্ৰদেশ বিধানসভা (২১ মাহৰ বাবে) |
| ০২ | ১৯৯৫ চনত | ১৯৯৯ চনত | উত্তৰ প্ৰদেশৰ সমাজ কল্যাণ ৰাজ্য মন্ত্ৰী |
| ০৩ | ১৯৯৯ চনত | ২০০৪ চনত | ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত |
| ০৪ | ১৯৯৯ চনত | ২০০৪ চনত | সদস্য, ৰেলৱে সমিতি |
| ০৫ | ১৯৯৯ চনত | ২০০৪ চনত | সদস্য, মহিলা সবলীকৰণ সমিতি |
| ০৬ | ১৯৯৯ চনত | ২০০৪ চনত | সদস্য, পৰামৰ্শদাতা সমিতি, শ্ৰম মন্ত্ৰালয় |
| ০৭ | ২০০৯ চনৰ | ১৫ নং লোকসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল) | |
| ০৮ | ৩১-আগষ্ট-২০০৯ | সদস্য, ৰেলৱে সমিতি | |
| ০৯ | ০৪-ছেপ্টেম্বৰ-২০০৯ | সংসদ কমপ্লেক্সত নিৰাপত্তা সমিতিৰ সদস্য | |
| ১০ | ২৩-ছেপ্টেম্বৰ-২০০৯ | সদস্য, মহিলা সবলীকৰণ সমিতি | |
| ১১ | ২৩-ছেপ্টেম্বৰ-২০০৯ | সদস্য, গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰাময় মন্ত্ৰালয়ৰ সমিতি | |
| ১২ | ২৩-ছেপ্টেম্বৰ-২০০৯ | সদস্য, পৰ্যটন সমিতি |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা সৰোজ” প্ৰবন্ধৰ সংশোধন ৪৭৮৩২২ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।