সুশীলা গোপালন (২৯ ডিচেম্বৰ ১৯২৯, মুহাম্মা, আলাপ্পুজা, কেৰালা – ১৯ ডিচেম্বৰ ২০০১, তিৰুৱনন্তপুৰম, কেৰালা) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা৷ ১তেওঁ ভাৰত কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
জীৱন
আম্বালাপ্পুজা (১৯৬৭), আলাপ্পুজা (১৯৮০) আৰু চিৰাইংকিল (১৯৯১)ৰ পৰা তিনিবাৰকৈ সংসদৰ সদস্য নিৰ্বাচিত হৈছিল আৰু কেইবাবছৰ ধৰি কেৰালা চৰকাৰৰ মন্ত্ৰী আছিল। চিৰাপ্পাঞ্চিৰা মুহাম্মাৰ বিখ্যাত কালাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা সুশীলা গোপলানে আলাপ্পুজা আৰু ত্ৰিবান্দ্ৰমত শিক্ষা গ্ৰহণ কৰি কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। তেওঁ এ কে গোপালনক বিয়া কৰাইছিল৷ তেওঁ আছিল ১৯৫২ চনত দলটোৰ অন্যতম প্ৰবীণ সৈনিক৷ আত্মগোপন কৰি থকা বছৰবোৰত তেওঁ গোপালনক লগ পাইছিল।২ সুশীলা গোপালন তেওঁতকৈ ২৫ বছৰ সৰু আছিল।
চি পি আই (এম)ৰ চিন্তাধাৰাৰ মাজেৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা কেইগৰাকীমান মহিলাৰ ভিতৰত সুশীলা গোপালন অন্যতম। কেৰালাৰ কেইবাখনো এল ডি এফ কেবিনেটৰ মন্ত্ৰী আছিল। শেষৰ কাৰ্যকালত তেওঁ উদ্যোগ আৰু সমাজ কল্যাণ মন্ত্ৰী আছিল।
বাহ্যিক সংযোগ
- Condolence by the Polit-bureau
- Interview concerning Kerala's Industrial Policy
- Jeevitha Katha
- List of members of the 4th Lok Sabha
তথ্যসূত্ৰ
- ↑ aidwaonline
- ↑ (2001-12-20). Love in time of.. সংগ্ৰাম. The হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা গোপালন” প্ৰবন্ধৰ সংশোধন ৬৪০২৮৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।