অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰ্ণ বৰা

স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।

জন্ম

স্বৰ্ণ বৰাৰ জন্ম ১৯৩৭ চনত অসমৰ নগাঁৱৰ কচলুখোৱাত হৈছিল।

কৰ্মজীৱন

তেওঁয়ে বহু বছৰ শিক্ষকতা কৰিছিল। ১৯৯০ চনত শাৰীৰিক অসুস্থতাৰ বাবে স্বেচ্ছা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম

উপন্যাস

  • ডিয়ুং নদীৰ গীত (১৯৮৫)
  • চিমচাং নদীৰ হাঁহি (১৯৮৭)
  • লুইত পাৰৰ কণ্ঠ (১৯৮৯)
  • দুধনৈৰ বেদনা (১৯৯৭)
  • আই নদীৰ উচুপনি (১৯৯৯)
  • তিতাই মৰা সুঁতিৰ সুৰধ্বনি (২০০০)
  • মেঘনা যমুনা টেমছ (প্ৰকাশৰ বৰ্ষ উল্লেখ নোহোৱা)

বঁটা

  • ডিয়ুং নদীৰ গীত উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (১৯৯৭)
  • মেঘনা যমুনা টেমছ গ্ৰন্থৰ বাবে বাসন্তী বৰদলৈ বঁটা (১৯৯৯)

তথ্য উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা: ২৪৯, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্ণ বৰা” প্ৰবন্ধৰ সংশোধন ৫২৬৯৫৩ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।