স্মিতা মাধৱ (Smitha Madhav)১ এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী।২ কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা (আনটো হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীত)।
সংগীত জীৱন
স্মিতা "শ্ৰুতি লয় কেন্দ্ৰ নটৰাজলয়"ৰ পৰিচালক গুৰু নৃত্য চহুদামণি শ্ৰীমতি ৰাজেশ্বৰী সৈনাথৰ পৰা ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। এই প্ৰতিষ্ঠানটো মৰুদাংগম মায়েষ্ট্ৰো কৰৈকুডি মণিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ হাইদৰাবাদ চিষ্টাৰ বুলি জনাজাত ললিতা আৰু সুপ্ৰিয়াৰ পৰা কৰ্ণাটিক ধ্ৰুপদী সংগীতৰ উন্নত প্ৰশিক্ষণ লৈ আছে। স্মিতা তেলেগু বিশ্ববিদ্যালয়ৰ পৰা সংগীত আৰু নৃত্য বিষয়ত ডিজটিংশ্যনসহ ডিপ্লমা সম্পূৰ্ণ কৰিছিল। তেওঁ বৰ্তমান ইন্দিৰাকলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা নৃত্যত মাষ্টাৰছ প্ৰগ্ৰাম আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা সংগীতত মাষ্টাৰছ প্ৰগ্ৰাম কৰি আছে। তেওঁ "ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যনচ" (চমুকৈ আই. চি. চি. আৰ.) -ৰ এগৰাকী ইমপেনেল শিল্পী।৩
তথ্যসূত্ৰ
- ↑ (17 November 2011). Official Website of Smitha Madhav. Opensource Models
- ↑ Smitha Madhav. artscape
- ↑ Indian Council for Cultural Relations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মিতা মাধৱ” প্ৰবন্ধৰ সংশোধন ৫৬৯৭৫০ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।