সুষমা দাস (ইংৰাজী: Shushama Das; জন্ম: ১ মে' ১৯৩০) এগৰাকী বাংলাদেশী লোক-গায়িকা।১ বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে।২
কৰ্মজীৱন
১৯৩০ চনৰ ১ মে'ত বিট্ৰিছ ভাৰতৰ অন্তৰ্গত অসম প্ৰদেশৰ ছিলেট বিভাগৰ সুনামগঞ্জ জিলাৰ ডিৰাই উপজিলাৰ ছুল্লাহ থানাৰ পুতকা গাঁৱত সুষমা দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ৰসিকলাল দাস আৰু মাতৃৰ নাম দিব্যময়ী দাস। ১৯৪৬ চনত প্ৰাণনাথ দাসৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।১ বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে। তেওঁৰ সৰু ভাতৃ ৰামকানাই দাসো এজন একুশ্বে পদক বিজয়ী সংগীতজ্ঞ।৩
তথ্যসূত্ৰ
- ↑ (February 14, 2017). আৰ্কাইভ কপি. sunamkantha.com
- ↑ (February 12, 2017). 17 named for Ekushey Padak 2017. The Daily Star
- ↑ bn:সিলেটেৰ নব্বই বছৰেৰ সুষমা দাসেৰ প্ৰেমে পড়েছেন সাংস্কৃতিমন্ত্ৰী আসাদুজ্জামান নূৰ!. beanibazarnews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুষমা দাস” প্ৰবন্ধৰ সংশোধন ৫৭৪৭১৫ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।