সুমা সুধিন্দ্ৰ ( Suma Sudhindra ) এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু কৰ্ণাটকী সংগীত ধাৰাৰ বীণা বাদক। ২০০১ চনত তেওঁ কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰে। তেওঁ বাংগালুৰুত বাস কৰে। তেওঁৰ স্বামী এগৰাকী দন্ত চিকিৎসক আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে।১ সুমা এগৰাকী চৌখিন বনছাই সংগ্ৰাহক।২
তেওঁ চিত্তীবাবু শৈলীৰ বীণাৰ মধুৰ ধ্বনিৰ বাবে জনাজাত। আমেৰিকা, যুক্তৰাজ্য, ছিংগাপুৰ আৰু মালয়েছিয়াত বহুতো সংগীতানুষ্ঠান পৰিবেশন কৰিছে। তেওঁ বহু বছৰ জুৰি বীণা সমূহৰো নেতৃত্বও দিছে।৩ ইয়াৰোপৰি ডাচ জাজ গ্ৰুপ স্পিনিফেক্সৰ সৈতে তেওঁ বহুতো ফিউজন পৰিবেশন কৰিছে।৪
সন্মান
- ২০০১: কৰ্ণাটক ৰাজ্যোৎসৱ বঁটা৫
- ২০১৭: বীণা বাদনত (কৰ্ণাটকী সংগীত) সংগীত নাটক একাডেমী বঁটা।
তথ্যসূত্ৰ
- ↑ Chandaraju, Aruna. (30 May 2009). Fusion is not just mere confusion. Deccan Herald
- ↑ (25 January 2013). Small is beautiful. Deccan Herald
- ↑ Ramkumar, Madhavi. (10 October 2013). Synchronised strings
- ↑ Mazumdar, Subhra. (4 March 2012). A different melody altogether. Deccan Herald
- ↑ (30 Oct 2001). Rajyotsava awards for ace barber, IAS topper. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমা সুধিন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪৮৮৯৪৩ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।