সোহিনী ৰায় (Sohini Ray; জন্ম ২৫ আগষ্ট ১৯৬৬) হ'ল ভাৰতৰ এগৰাকী ধ্ৰুপদী মণিপুৰী নৃত্যশিল্পী, নৃত্য-গৱেষক আৰু নৃতত্ত্ববিদ; বৰ্তমান তেওঁ আমেৰিকাৰ লছ এঞ্জেলছত থাকে।১
প্ৰাৰম্ভিক কেৰিয়াৰ
ৰায়ে সাত বছৰ বয়সৰ পৰাই কলকাতাৰ মণিপুৰী নৰ্টনালয়ত গুৰু বিপিন সিং, দৰ্শনা ঝাবেৰী আৰু কলাৱতী দেৱীৰ অধীনত মণিপুৰী নৃত্য অধ্যয়ন কৰিছিল। এঘাৰ বছৰ বয়সত গুৰু বিপিন সিঙৰ ওচৰত দীক্ষা লৈ চৈধ্য বছৰ বয়সত পেছাদাৰীভাৱে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।১ চৈধ্য বছৰ বয়সৰ পৰা গুৰু বিপিন সিঙৰ গৱেষণা সহায়ক আছিল আৰু ১৯৮২ চনত ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ পৰা মণিপুৰী নৃত্যৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰে।১ একে সময়তে তেওঁ কলকাতাৰ মডাৰ্ণ হাইস্কুল ফৰ গাৰ্লছৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু স্কুলৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শনও কৰিছিল।
শৈক্ষিক কেৰিয়াৰ
ৰায়ে বি. এছচি. আৰু এম.এছচি. কলিকতা বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্বত বিষয়ত আহৰণ কৰিছিল। পাছত তেওঁ লছ এঞ্জেলেছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা নৃত্তয এম.এ. আৰু নৃতত্ত্বত পি.এইচডি. লাভ কৰে। হাৰ্ভাৰ্ড ডিভিনিটি স্কুলৰ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ৱৰ্ল্ড ৰিলিজিয়নছৰ ফেল' আৰু ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া, হিউমেনিটিজ ৰিচাৰ্চ ইনষ্টিটিউট, ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া, ইৰভাইনৰ ফেকাল্টী ফেল' আছিল।২ তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ইৰভাইন, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চাণ্টা বাৰ্বাৰা আৰু চাণ্টা মনিকা কলেজত অধ্যাপনা কৰি আহিছে আৰু তেওঁৰ বহুতো প্ৰকাশন আছে।৩
নৃত্য জীৱন
সোহিনী ৰায় দক্ষিণ কেলিফৰ্ণিয়াৰ মণিপুৰী ডান্স ভিজনছ – ইনষ্টিটিউট অৱ মণিপুৰী ডান্সৰ প্ৰতিষ্ঠাপক আৰু কলাত্মক পৰিচালক।৪ তেওঁ ধ্ৰুপদী মণিপুৰী নৃত্যৰ বহুতো প্ৰডাকচন যথা হৰাও-কুম্মেই: মণিপুৰী নৃত্যত আনন্দময় উদযাপন, গীত-গোবিন্দ, কৃষ্ণ-নিংছিংবা পৰিৱেশন আৰু নৃত্য পৰিচালনা কৰিছে আৰু ইউৰোপ আৰু উত্তৰ আমেৰিকা আৰু ভাৰতত পৰিৱেশন আৰু ভ্ৰমণ কৰিছে।৪৫৬
শৈক্ষিক বঁটা আৰু কৃতিত্ব
জয়ন্তী বঁটা, কলিকতা বিশ্ববিদ্যালয়, ভাৰত (১৯৮৮); ৰাষ্ট্ৰীয় বৃত্তি, কলিকতা বিশ্ববিদ্যালয়, ভাৰত (১৯৮৮); বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক, কলিকতা বিশ্ববিদ্যালয়, ভাৰত (২০১১) লাভ কৰিছে।১২০০৯ চনত ৰয়েল এণ্ট্ৰ’প’লজিকেল ইনষ্টিটিউটৰ তৰফৰ পৰা শিল্পৰ নৃতত্ত্বৰ বাবে জে বি ডনে বঁটা লাভ কৰে।৭
তথ্যসূত্ৰ
- ↑ Manipuri Dance and Culture - A World Heritage. Manipuri Dance and Culture - A World Heritage. Medhajournal.com
- ↑ (2012-10-11). Harvard Divinity School - Center for the Study of World Religions - Past Affiliates N-R. Hds.harvard.edu
- ↑ (2011-10-31). Ucsb | Theater | Dance. Theaterdance.ucsb.edu
- ↑ (1999-12-17). Manipuri tradition flourishes - Los Angeles Times. Articles.latimes.com
- ↑ (2008-10-14). EducationWatch: ARIMM Hosts Conference. GRAMMY.com
- ↑ (2013-01-22). Manipuri dance was a choice beyond me
- ↑ J.B. Donne Essay Prize on the Anthropology of Art Past recipients. Therai.org.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহিনী ৰায়” প্ৰবন্ধৰ সংশোধন ৪৮৯৪৬৮ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।