সুশিলা তিৰিয়া (Sushila Tiriya) এগৰাকী সমাজকৰ্মী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদনত ৰাজ্যসভাত(১৯৮৬ চনত আৰু পুনৰ ২০০৬ চনত) ওড়িশাক প্ৰতিনিধিত্ব কৰি ভাৰতৰ সংসদৰ সদস্য হৈছিল। ১৯৯৪ চনত (দশম লোকসভা) লোকসভা, নিম্ন সদনলৈ নিৰ্বাচিত হয় আৰু ১৯৯৬ চনত (১১ নং লোকসভা) পুনৰ নিৰ্বাচিত হয়।১
জীৱন
সুশীলা তিৰিয়া স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ সদস্য। তেওঁৰ পিতৃ ৰূপনাৰায়ণ তিৰিয়াই এখন বিদ্যালয় খুলি জনজাতীয় সমাজক শিক্ষা দিয়াৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল।১
উত্তল বিশ্ববিদ্যালয়ৰ পৰা সুশীলা তিৰিয়াই বি এ ডিগ্ৰী লাভ কৰে।২
২৪ বছৰ বয়সত সুশীলা তিৰিয়াই যুৱ কংগ্ৰেছ (I)ত যোগদান কৰে আৰু ১৯৮৩ আৰু ১৯৮৪ চনত ক্ৰমে ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ পৰা ইয়াৰ সভানেত্ৰী আৰু উপ-সভাপতি হয়।১
১৯৮৬ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। তেখেতে তেখেতৰ কাৰ্যকালত ১৯৮৬–৮৭ চনত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পাৰমাণৱিক শক্তি আৰু মহাসাগৰ উন্নয়ন, ১৯৮৭–৮৮ চনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু ১৯৮৮–৮৯ চনত যোগাযোগ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ lsor02. 164.100.47.194
- ↑ ADR. SUSHILA TIRIYA(Indian National Congress(INC)):Constituency- Mayurbhanj(ORISSA) - Affidavit Information of Candidate. myneta.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা তিৰিয়া” প্ৰবন্ধৰ সংশোধন ৪৭৯৪৫৬ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।