সুশীলা গণেশ মাৱালংকৰ (Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷
প্ৰাথমিক জীৱন
তেওঁ ১৯০৪ চনৰ ৪ আগষ্টত মুম্বাইত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ আছিল ৰামকৃষ্ণ গোপীনাথ গুৰজাৰ দট্ৰে৷ তেওঁ স্কুলীয়া শিক্ষা প্ৰাক্-মেট্ৰিক পৰ্যায়লৈকে কৰিছিল।১
কৰ্মজীৱন
মাৱালংকৰে ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ লৈছিল আৰু মহাত্মা গান্ধীৰ আহ্বানত ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল, যাৰ ফলত তেওঁক ব্ৰিটিছ কৰ্তৃপক্ষই কাৰাগাৰত বন্দী কৰিছিল।[2] ১৯৫৩ চনৰ জুন মাহত অনুষ্ঠিত হোৱা দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰে।১
১৯৫৬ চনৰ ফেব্ৰুৱাৰী মাহত গণেশ মাৱালংকাৰৰ মৃত্যুৰ পিছত আহমেদাবাদৰ আসনৰ বাবে উপ-নিৰ্বাচন হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে সুশীলা মাৱালংকাৰ(তেওঁৰ পত্নী)ক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱায়৷ আৰু এনেদৰেই তেওঁ প্ৰথম লোকসভালৈ বিনা বিৰোধিতাত নিৰ্বাচিত হয়।[3]২পিছৰ বছৰত তেওঁৰ কাৰ্যকাল শেষ হয়।৩৪ভাগিনী সমাজৰ সভানেত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু অনেক সামাজিক সংগঠনৰ সদস্য আছিল। ৫
ব্যক্তিগত জীৱন
১৯২১ চনৰ মাৰ্চ মাহত সুশীলাই গণেশ বাসুদেৱ মাৱালংকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ সন্তান জন্ম হয়।১গণেশ মাৱালংকাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ হিচাপে পৰিগণিত হয়। ১৯৯৫ চনৰ ১১ ডিচেম্বৰত আহমেদাবাদত সুশীলা গণেশৰ মৃত্যু হয়।৫তেওঁলোকৰ পুত্ৰ পুৰুষোত্তম মাৱালংকাৰো সংসদ সদস্য আছিল।৬
তথ্যসূত্ৰ
- ↑ Jain, C. K. (1993). Women Parliamentarians in India. Surjeet Publications. পৃ. 697
- ↑ (1957). Results of Bye-elections. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 11
- ↑ (1957). Results of Bye-elections. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 11
- ↑ (1956). Gazette of India. Controller of Publications. পৃ. 615
- ↑ (22 December 1995). Obituary References. Parliament of India
- ↑ Press Trust of India. (15 May 2002). Pusushottam Mavalankar passes away. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা গণেশ মাৱালংকাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৬৭৬১ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।