জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাগুনটা পাৰ্বথাম্মা
মাগুনটা পাৰ্বতী সুব্ৰম্মা ৰেড্ডী (Magunta Parvathi Subramma Reddy, ২৭ জুলাই ১৯৪৭ – ২৫ ছেপ্টেম্বৰ ২০২৪) সাধাৰণতে মাগুনটা পাৰ্বথাম্মা নামেৰে জনাজাত৷ তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ আছিল। তেওঁ একাদশ লোকসভাৰ সদস্য হিচাপে ২০০৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল।
-
মাচামি নাগাচাৱা
মাচামি নাগাচাৱা (ইংৰাজী: Masami Nagasawa; জন্ম: ৩ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰাই তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ অতি সমৃদ্ধ আৰু তেওঁ বিভিন্ন ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে। তেওঁ পাঁচটা জাপান একাডেমী ফিল্ম প্ৰাইজ আৰু চাৰিটা ব্লু ৰিবন বঁটাৰে সন্মানিত হৈছে।
-
মাচুমা বেগম
মাচুমা বেগম (: Masuma Begum; ৮ অক্টোবৰ ১৯০২ – ২ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী নেত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য, উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি, ১৯৬০ চনত অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ মন্ত্ৰীসভাৰ সদস্য হয়।
-
মাচৰত জাহৰা
মাচৰত জাহৰা (জন্ম: ৮ ডিচেম্বৰ,১৯৯৩) জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী ফ্ৰিলান্স ফটো সাংবাদিক। তেওঁ স্থানীয় সম্প্ৰদায় আৰু মহিলাসকলৰ বিষয়ৰ ওপৰত সাংবাদিকতা কৰে।
-
মাছাকি চুদা
টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী: Masaki Suda নামেৰে পৰিচিত এজন জাপানী অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
মাছানি আম্মান
মাছানি আম্মান হ'ল হিন্দু দেৱী। তামিলনাডুৰ কিছুমান বিশেষ শ্ৰেণীয়ে তেওঁক মূলতঃ পৰিয়াল দেৱী (কুলদেৱী) হিচাপে পূজা কৰে, য'ত তেওঁক আদি পৰাশক্তিৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। ভাৰতৰ তামিলনাডু ৰাজ্যৰ কইম্বাটুৰ জিলাৰ পোল্লাচি অঞ্চলৰ আনাইমালাইত তেওঁৰ মুখ্য মন্দিৰ অৱস্থিত।
-
মাছৌদ দেহনামাকী
মাছৌদ দেহনামাকী (ফাৰ্চী: مسعود دهنمکی, জন্ম ১৯৬৯) এজন ইৰানী ৰক্ষণশীল কৰ্মী, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰাক্তন সাংবাদিক।
-
মাজুলীৰ মৃৎ শিল্প
মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক 'কুম্ভকাৰ' নামেৰেও জনা যায়।
-
মাটিল্ডা আকু আলোমাটু
মাটিল্ডা আকু আলোমাটু অছেই-আগ্যেমেন (ইংৰাজী: Matilda Aku Alomatu Osei-Agyeman; জন্ম: ১৯৭০) এগৰাকী প্ৰাক্তন মিছ ঘানা আৰু বৰ্তমানৰ এগৰাকী কূটনীতিবিদ। তেওঁক ২০২৪ চনত নিজ দেশৰপৰা অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হয়।
-
মাডিছন বীয়াৰ
মাডিছন এল বীয়াৰ (জন্ম ৫ মাৰ্চ, ১৯৯৯) এগৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ। কানাডীয় গায়ক জাষ্টিন বিবাৰে তেওঁৰ "এট লিষ্ট" গীতৰ কভাৰ লিংক শ্বেয়াৰ কৰাৰ পিছত তেওঁ প্ৰথমে গণমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। ২০১৮ চনত তেওঁ নিজৰ প্ৰথম এক্সটেণ্ডেড প্লে (EP) এচ সী প্লিচেচ প্ৰকাশ কৰে।
-
মাতা কৌশল্যা মন্দিৰ
মাতা কৌশল্যা মন্দিৰ মাতা কৌশল্যা মন্দিৰ হৈছে এক হিন্দু মন্দিৰ। ভগৱান ৰামৰ মাতৃ মাতা কৌশল্যাৰ নামত উৎসৰ্গিত এই মন্দিৰটো আৰু এইটো মাতা কৌশল্যাৰ প্ৰতি সমৰ্পিত পৃথিৱীৰ একমাত্ৰ মন্দিৰ।
-
মাদাম মেনকা
মাদাম মেনকা (১৫ অক্টোবৰ ১৮৯৯ – ৩০ মে’ ১৯৪৭) আছিল লেইলা ৰায়, লেডি সোখ্যেৰ পেছাগত নাম। তেওঁ এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য-নিৰ্দেশক আছিল আৰু কথক নৃত্য পৰম্পৰাৰ এগৰাকী অগ্ৰণী ব্যক্তিত্ব আছিল।
-
মাদায়িকাভু
মাদায়িকাভু (Māḍāyikkvu), তিৰুৱৰ্কডু ভাগৱতী মন্দিৰ বুলিও জনা যায়, কেৰালাৰ এটা উল্লেখযোগ্য প্ৰাচীন কৌলা শক্তিৰ মন্দিৰ, যিটো কান্নুৰৰ পাঝয়াংগাদীৰ ওচৰত অৱস্থিত। দুটা সহস্ৰাব্দৰ ভিতৰত বিশিষ্ট ইতিহাসৰ সৈতে কাভু (পবিত্ৰ বাগিচা) বিভিন্ন আঞ্চলিক বংশৰ দ্বাৰা পৰিচালিত হৈছিল।
-
মাদালছা শৰ্মা
মাদালছা চক্ৰৱৰ্তী (Madalsa Chakraborty; পূৰ্বৰ নাম: মিঠি শৰ্মা; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
মাদিয়া আব্দাল্লা
মাদিয়া আব্দাল্লা এগৰাকী চুডানৰ সাংবাদিক আৰু ২০১১ চনৰ পিছত চুডানৰ কমিউনিষ্ট পাৰ্টিৰ বাতৰি কাকত চুডানৰ এল মেইডানৰ প্ৰথমগৰাকী মহিলা মুখ্য সম্পাদিকা। মহিলাৰ কণ্ঠ কাকতত প্ৰকাশ কৰা চল্লিশৰ দশকৰ আৰম্ভণিতে ফাতিমা আহমেদ ইব্ৰাহিমৰ দৰে মহিলা অধিকাৰ কৰ্মীসকলৰ পদক্ষেপ অনুসৰণ কৰা সাংবাদিকতাৰ অগ্ৰণী মহিলাসকলৰ…
-
মাদিহা উমৰ
মাদিহা উমৰ ( Madiha Umar; ১৯০৮ – ২০০৫ আলেপ্পো) এগৰাকী ইৰাকী শিল্পী আছিল যিয়ে বিমূৰ্ত শিল্পৰ সৈতে কেলিগ্ৰাফীক সংযুক্ত কৰাৰ বাবে পৰিচিত আছিল। সাধাৰণতে তেওঁক এই কাম কৰা প্ৰথম আৰব শিল্পী হিচাপে ধৰা হয়। সেয়েহে তেওঁক হুৰুফিয়া আন্দোলনৰ পূৰ্বসূৰী হিচাপে জনা যায়।
-
মাধুৰী কানিটকৰ
লেফ্টটেনেণ্ট জেনেৰেল (ড॰) মাধুৰী কানিটকৰ (Madhuri Kanitkar), এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল।
-
মাধুৰী বৰ্থৱাল
মাধুৰী বৰ্থৱাল (বিবাহপূৰ্ব উনিয়াল) ( ইংৰাজী: Madhuri Barthwal) হ'ল ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী লোকশিল্পী। তেওঁ আকাশবাণীৰ সংগীত ৰচনা কৰা প্ৰথমগৰাকী মহিলা। তেৱেঁই প্ৰথমগৰাকী মহিলা গড়ৱালী সংগীতশিল্পী, যি পিছলৈ সংগীত শিক্ষয়িত্ৰী হয়।
-
মাধুৰী ভট্টাচাৰ্য
মাধুৰী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে কন্নড় আৰু বলিউডৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মাধুৰ্য বৰা
মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।
-
মাধৱ চন্দ্ৰ দাশ
মাধৱ চন্দ্ৰ দাশ (Madhab Chandra Dash); জন্ম: ১৯৩৯ চনত ওড়িশাৰ পুৰীত) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ জীৱবিজ্ঞানী। বৰ্তমান তেওঁ ওড়িশা চৰকাৰৰ আপীল কৰ্তৃপক্ষ, পানী (পিচিপি) আইন, ১৯৭৪ৰ সদস্য। তেওঁ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (২০০১–২০০৪)।
-
মাধৱী (অভিনেত্ৰী)
কনকা বিজয়লক্ষ্মী, যি তেওঁৰ অভিনয় জগতৰ নাম মাধৱী বুলিহে পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো তেলুগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ২০বছৰীয়া কৰ্মজীৱনত তেওঁ ৩০০তকৈও অধিক ছবিত অভিনয় কৰিছে।
-
মাধৱী কৃষ্ণন
মাধৱী কৃষ্ণন (জন্ম ১৯৪১) এজনী ছিংগাপুৰৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ জাতীয় নৃত্য থিয়েটাৰ কোম্পানীৰ এটি প্ৰতিষ্ঠাতা সদস্যা আৰু মুখ্য নৃত্যশিল্পী আছিল। ১৯৭৯ চনত তেওঁ সাংস্কৃতিক পদক লাভ কৰিছিল আৰু ২০২২ চনত ছিংগাপুৰৰ ইণ্ডিয়ান হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
মাধৱী পুৰী বুচ
মাধৱী পুৰী বুচ (Madhabi Puri Buch, জন্ম: ১৯৬৬) এগৰাকী ভাৰতীয় বেংকাৰ আৰু বৰ্তমান চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (ছেবি)ৰ অধ্যক্ষ। ছেবিৰ নেতৃত্ব দিয়া তেওঁ প্ৰথমগৰাকী মহিলা অধ্যক্ষ।
-
মাধৱী ৱাৎসলা এন্থনী
কঙ্গানিগে মাধৱী ৱাৎসলা এন্থনী (জন্ম: ৬ আগষ্ট ১৯৮৮), যিগৰাকী জনপ্ৰিয়ভাৱে মাধৱী ৱাৎসলা নামেৰে পৰিচিত, শ্ৰীলংকান চিনেমাৰ এগৰাকী অভিনেত্ৰী। জনপ্ৰিয় দূৰদৰ্শন সংগীত অনুষ্ঠান 'হাপান পাদুৰা'ৰ জৰিয়তে শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা মাধৱীয়ে এগৰাকী গায়িকা, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শন উপস্থাপিকা…
-
মান কৌৰ
মান কৌৰ (Man Kaur; জন্ম:১ মাৰ্চ ১৯১৬ – মৃত্যু: ৩১ জুলাই ২০২১) এজন ভাৰতীয় ট্ৰেক-এণ্ড-ফিল্ড খেলুৱৈ। বিভিন্ন ইভেণ্টৰ বাবে ১০০ বছৰৰ ওপৰৰ শাখাত বিশ্ব অভিলেখ গঢ়িছে। ১০৩ বছৰ বয়সত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰে।
-
মানসী অগ্ৰৱাল
মানসী অগ্ৰৱাল ( Mansi Aggarwal; জন্ম: ১০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা, প্ৰযোজক আৰু নৃত্য পৰিচালক, যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চলচ্চিত্ৰ ৰচনা, পৰিচালনা, চলচ্চিত্ৰ নিৰ্মাণ আৰু কৰিঅ’গ্ৰাফী কৰিছে।
-
মানস্বী মমগাই
মানস্বী মমগাই এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ মিছ ইণ্ডিয়া টুৰিজিম ইণ্টাৰনেচনেল, মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০০৮ আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১০ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১০-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মানি হাঘিঘি
মানি হাঘিঘি (জন্ম: ৪ মে’, ১৯৬৯) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, লেখক, প্ৰযোজক আৰু অভিনেতা। হাঘিঘিয়ে ২০০১ চনৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।
-
মান্যতা দত্ত
মান্যতা দত্ত (ইংৰাজী: Maanayata Dutt; জন্ম নাম দিলনৱাজ শ্বেখ; জন্ম: ২২ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় উদ্যমী, প্ৰাক্তন অভিনেত্ৰী আৰু সঞ্জয় দত্ত প্ৰডাকচনছৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')। তেওঁ ২০০৮ চনত বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।