মাধৱী পুৰী বুচ (Madhabi Puri Buch, জন্ম: ১৯৬৬) এগৰাকী ভাৰতীয় বেংকাৰ আৰু বৰ্তমান চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (ছেবি)ৰ অধ্যক্ষ। ছেবিৰ নেতৃত্ব দিয়া তেওঁ প্ৰথমগৰাকী মহিলা অধ্যক্ষ। ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা তেওঁ ছেবিৰ প্ৰাক্তন অধ্যক্ষ অজয় ত্যাগীৰ সৈতে ছেবিৰ সম্পূৰ্ণ সদস্য হিচাপে ঘনিষ্ঠভাৱে কাম কৰি আহিছে। মাধৱী পুৰী ব্যক্তিগত খণ্ডৰ পৰা ছেবিৰ অধ্যক্ষ পদত নিযুক্তি পোৱা প্ৰথমগৰাকী ব্যক্তি।১২ ছেবিৰ অধ্যক্ষ হিচাপে তেওঁৰ ভূমিকাক অনুকূল দ্ৰুত পৰিৱৰ্তন অনাৰ কৃতিত্ব আৰু সংস্থাটোৰ দক্ষতা বৃদ্ধিৰ বাবে কৰ্পৰেটীকৰণৰ কৃতিত্ব দিয়া হৈছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৬ চনত মাধৱী পুৰীৰ জন্ম হৈছিল। তেওঁৰ মাতৃ ৰাজনীতি বিজ্ঞানত ডক্টৰেট ডিগ্ৰীধাৰী অধ্যাপিকা আছিল আৰু তেওঁৰ পিতৃ কমল পুৰীয়ে কৰ্পৰেট জগততৰ সৈতে জড়িত আছিল। তেওঁ মুম্বাইৰ ফ'ৰ্ট কনভেণ্ট স্কুল আৰু দিল্লীৰ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীত শিক্ষা গ্ৰহণ কৰিছিল।৪ ইয়াৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা গণিতক বিশেষ বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে।৫ তেওঁ ১৯৮৮ চনত তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে।৬৭
২১ বছৰ বয়সত এফএমচিজি সংঘবদ্ধ ইউনিলিভাৰৰ পৰিচালক ধৱল বুচৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ অভয় নামৰ এজন পুত্ৰ আছে। মাধৱীৰ মতে, তেওঁৰ সংগী, দাৰ্শনিক আৰু গুৰু হিচাপে তেওঁৰ পুত্ৰ আৰু স্বামীয়েই তেওঁৰ এই কৃতিত্বৰ এক বৃহৎ অংশৰ বাবে দায়ী।
কৰ্মজীৱন
১৯৮৯ চনত আইচিআইচিআই বেংকত যোগদান কৰাৰ সৈতে মাধৱী পুৰী বুচৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ১৯৯৩ চনৰ পৰা ১৯৯৫ চনৰ ভিতৰত বুচে ইংলেণ্ডৰ ৱেষ্ট চেশ্বাৰ কলেজত প্ৰবক্তা হিচাপে কাম কৰিছিল। বিক্ৰী আৰু বিপণন আৰু পণ্য বিকাশকে ধৰি ১২ বছৰ ধৰি কোম্পানীসমূহৰ বিভিন্ন পদবীত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৮ তেওঁ অপাৰেচন ফাংচনৰ নেতৃত্বও দিছিল। ২০০৬ চনত তেওঁ আইচিআইচিআই ছিকিউৰিটিজত যোগদান কৰে আৰু পিছলৈ ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১১ চনৰ মে' মাহলৈকে ইয়াৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত বুচে ২০১১ চনত গ্ৰেটাৰ পেচিফিক কেপিটেলত যোগদান কৰিবলৈ ছিংগাপুৰলৈ যায়। ২০১১ চনৰ পৰা ২০১৭ চনলৈ তেওঁ জান্সাৰ টেকন'লজিছ, ইনোভেন কেপিটেল আৰু মেক্স হেল্থকেয়াৰৰ দৰে বহু কোম্পানীৰ কাৰ্যবাহী সঞ্চালকৰ পদত অধিষ্ঠিত আছিল। বুচে ইণ্ডিয়ান স্কুল অৱ ডেভেলপমেণ্ট মেনেজমেণ্ট (আই এছ ডি এম)ৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে আৰু নিউ ডেভেলপমেণ্ট বেংক (ব্ৰিকছ বেংক)ৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।৯
ছেবি
২০১৭ চনৰ এপ্ৰিল মাহত তেওঁক ছেবিত পূৰ্ণকালীন সঞ্চালক হিচাপে নিযুক্তি দিয়া হয় আৰু সামূহিক বিনিয়োগ আঁচনি, চোৱাচিতা আৰু বিনিয়োগ ব্যৱস্থাপনাৰ দৰে পৰ্টফলিঅ'ৰ দায়িত্ব দিয়া হয়।১০ তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁক ছেবিক ইন-হাউছ প্ৰযুক্তিগত ব্যৱস্থা ডিজাইন কৰাত সহায় কৰিবলৈ গঠন কৰা সাতজনীয়া প্ৰযুক্তি সমিতিত নিযুক্তি দিয়া হয়। প্ৰযুক্তি আৰু তথ্যৰ জ্ঞান সম্পন্ন মনোভাৱৰ বাবে পৰিচিত বুচে কিছুমান মাইলৰ খুঁটি স্বৰূপ নিয়ন্ত্ৰণমূলক আদেশ জাৰি কৰিছে। ২০১৮ চনত তেওঁ ছাহাৰা গ্ৰুপৰ বিৰুদ্ধে ছেবিৰ আদেশ উলংঘা কৰি বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ১৪০০০ কোটি টকা সম্পূৰ্ণ পৰিৱৰ্তনযোগ্য ডিবেঞ্চাৰৰ জৰিয়তে ঘূৰাই দিয়াৰ নিৰ্দেশ গৃহীত কৰি পূৰ্বৰ আদেশ মানি বিনিয়োগকাৰীক ঘূৰাই দিয়াৰ সবিশেষ প্ৰদান কৰিবলৈ আদেশ জাৰি কৰে। ২০২১ চনৰ জানুৱাৰী মাহত বুচে চিএনবিচি আৱাজৰ সাংবাদিকৰ ইনচাইদাৰ ট্ৰেডিং ব্যৱসায়ৰ বিশদ তদন্ত কৰে আৰু তেওঁক, তেওঁৰ মাতৃ আৰু পত্নীক শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাত বাধা দিয়ে।১১১২ ২০২১ চনৰ মে' মাহত তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ডিপ ইণ্ডাষ্ট্ৰীজৰ ষ্টকৰ অপ্ৰকাশিত মূল্যৰ স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ কৰাৰ বাবে সাৱলা আৰু অজিতকুমাৰৰ বিৰুদ্ধে আদেশ গৃহীত কৰে।১৩ ২০২১ চনৰ আগষ্ট মাহত তেওঁ জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজৰ ষ্টকত অন্যায় পদ্ধতিৰ ব্যৱসায় কৰা ১৫টা গোটক চিনাক্ত কৰে।১৪
২০২২ চনৰ ১ মাৰ্চত তেওঁক ৩ বছৰৰ বাবে ছেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। প্ৰত্যাহ্বানমূলক সময়ত ছেবিত যোগদান কৰি বুচক এন এছ ই কেলেংকাৰীৰ উল্লেখ কৰি সংসদীয় সমিতিৰ প্ৰশ্নৰ সন্মুখীন হৈছিল।১৫ ব্যক্তিগত খণ্ডৰ ব্যক্তি হোৱাৰ বাবে বুচে উৎপাদনশীলতা বৃদ্ধি আৰু ছেবিত জবাবদিহিতা আৰু ন্যায়পৰায়ণতা বৃদ্ধিৰ বাবে সংস্থাটোৰ এক সৰ্বদিশ সামৰি কাৰ্যপন্থা হাতত লৈছে।১৬ অধ্যক্ষ হিচাপে প্ৰথম ১০০ দিনত বজাৰসমূহৰ সংগঠন, প্ৰক্ৰিয়া আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তন আনিছে। বুচে চাইবাৰ সুৰক্ষা আৰু প্ৰযুক্তি আৰু তথ্যৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি যিবোৰ ক্ষেত্ৰত আটাইতকৈ মনোযোগৰ প্ৰয়োজন সেইবোৰ ক্ষেত্ৰত কেন্দ্ৰীভূত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কে আৰ এৰ কৰ্পৰেট ব্যৱস্থা প্ৰৱৰ্তন কৰে। যিকোনো মূল নীতি পৰিৱৰ্তনৰ ওপৰত বজাৰৰ বিস্তৃত মতামত বিচৰাৰ প্ৰক্ৰিয়াক তেওঁ পৰিচালিত কৰিছে। পৰ্যবেক্ষকসকলে কয় যে বুচে বজাৰৰ গতিশীলতাৰ সৈতে বিকশিত হ’বলৈ ছেবিৰ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ মধ্যস্থতাকাৰীসকলৰ ওপৰত দায়িত্ব ৰাখিছে। আনহাতে তেওঁ কাষ্টোডিয়ান আৰু ক্লিয়াৰিং কৰ্পৰেশ্যনক টি+১ ক্লিয়াৰেন্স প্ৰক্ৰিয়াৰ বাবে সাজু হ’বলৈ জোৰ দি আহিছে। এতিয়ালৈকে ভাৰতত ক্লিয়াৰেন্স টি+২ ভিত্তিত সম্পন্ন হয়। বুচে বজাৰত ফ্ৰণ্ট ৰানিং দমন কৰিবলৈ ছ'চিয়েল মিডিয়া চেনেলসমূহ নিৰীক্ষণ কৰিবলৈ চৰকাৰৰ পৰা অতিৰিক্ত ক্ষমতাও বিচাৰিছে।৩
ব্যক্তিগত জীৱন
ওঠৰ বছৰ বয়সত এফএমচিজি বহুজাতিক কোম্পানী ইউনিলিভাৰৰ পৰিচালক ধৱল বুচৰ সৈতে মাধৱীৰ বাগ্দান হৈছিল। মাধৱীৰ ২১ বছৰ বয়সত তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ অভয়ৰ জন্ম হয়।১৭১৮
২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ভিতৰত বুচ আছিল অন্যতম। সেই সময়ত ইউনিলিভাৰৰ এখন সভাত অংশগ্ৰহণ কৰা স্বামীৰ সৈতে তেওঁ তাজমহল পেলেচ হোটেলত আছিল।১৯২০
তথ্যসূত্ৰ
- ↑ WHO IS MADHABI PURI BUCH?. Business Standard India
- ↑ Mishra, Lalatendu. (2022-03-06). Madhavi Puri Buch. The Hindu
- ↑ Modak, Samie. How Madhabi Puri Buch Is Changing Sebi. Rediff
- ↑ (28 February 2022). Who is Madhabi Puri Buch, the first woman to head market regulator Sebi?. cnbctv18.com
- ↑ (28 February 2022). Who is Madhabi Puri Buch, the first woman to head market regulator Sebi?. cnbctv18.com
- ↑ Gawande, Jayshree P. Upadhyay,Priyanka. (2022-02-28). Know the Sebi chairperson, Madhabi Puri Buch. mint
- ↑ (2022-02-28). All you want to know about Madhabi Puri Buch, the first-ever woman to head SEBI. GQ India
- ↑ Vanamali, Krishna Veera. (2022-03-02). Who is Madhabi Puri Buch, the new SEBI chief?. Business Standard India
- ↑ (2022-02-28). Who is Madhabi Puri Buch, the first woman to head market regulator Sebi?. cnbctv18.com
- ↑ (28 February 2022). Who is Madhabi Puri Buch, the first female head of SEBI?. Business Today
- ↑ SEBI Confirms Ban Order against CNBC Awaaz Ex-Co-host Hemant Ghai, His Wife and Mother. Moneylife NEWS & VIEWS
- ↑ SEBI debars host of CNBC Awaaz show. Sify
- ↑ Zachariah, Reena. Sebi order kicks off storm; social media links can't prove insider trading. The Economic Times
- ↑ (28 February 2022). 3 most striking orders issued by new SEBI chief Madhabi Buch. Moneycontrol
- ↑ SEBI chairperson Madhabi Puri Buch likely to be questioned on NSE scam by parliamentary panel. The New Indian Express
- ↑ Upadhyay, Jayshree P. (2022-05-30). Sebi's Buch taps pvt sector experience to boost productivity. mint
- ↑ Standard, Business. (2022-03-02). Who is Madhabi Puri Buch, the new SEBI chief?. www.business-standard.com
- ↑ (2022-02-28). Madhavi Puri Buch: Sebi's new boss knows how to go off the beaten path. Bulls Trade
- ↑ (March 2022). Madhavi Puri Buch: Sebi's new boss knows how to go off the beaten path. Financialexpress
- ↑ The new chairperson of market regulator SEBI: Madhabi Puri Buch, biography, Family, Education, Career and Contact. jagrantv
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱী পুৰী বুচ” প্ৰবন্ধৰ সংশোধন ৪১২৬৬৯ (১৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।