অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাচামি নাগাচাৱা

মাচামি নাগাচাৱা (ইংৰাজী: Masami Nagasawa; জন্ম: ৩ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰাই তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ অতি সমৃদ্ধ আৰু তেওঁ বিভিন্ন ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে। তেওঁ পাঁচটা জাপান একাডেমী ফিল্ম প্ৰাইজ আৰু চাৰিটা ব্লু ৰিবন বঁটাৰে সন্মানিত হৈছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাচামি নাগাচাৱা (ইংৰাজী ভাষা: Masami Nagasawa; জন্ম: ৩ জুন, ১৯৮৭) এগৰাকী জাপানী ভাষা অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰাই তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ অতি সমৃদ্ধ আৰু তেওঁ বিভিন্ন ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে। তেওঁ পাঁচটা জাপান একাডেমী ফিল্ম প্ৰাইজ আৰু চাৰিটা ব্লু ৰিবন বঁটাৰে সন্মানিত হৈছে।

নাগাচাৱাই বাৰ বছৰ বয়সত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ বিজ্ঞান ভিত্তিক কল্পকাহিনীমূলক ছবি পাইৰোকাইনেছিছত (২০০০) এগৰাকী অনাথ কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। হাইস্কুলত পঢ়ি থকা সময়তে তেওঁ গডজিলা: টকিঅ' এছ.অ'.এছ. (২০০৩) আৰু গডজিলা: ফাইনেল ৱাৰ্ছত (২০০৪) অভিনয় কৰিছিল। ২০০৪ চনত মুক্তি পোৱা ক্ৰাইং আউট লাভ ইন দ্য চেণ্টাৰ অৱ দ্য ৱৰ্ল্ড ছবিৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ব্লু ৰিবন বঁটা আৰু দুটাকৈ জাপান একাডেমী ফিল্ম প্ৰাইজ লাভ কৰিবলৈ সক্ষম হয়।

২০০৭ চনত নাগাচাৱাই টিয়াৰ্ছ ফৰ ইউ (২০০৬) ছবিৰ বাবে জাপান একাডেমী ফিল্ম প্ৰাইজৰ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে আৰু একেখন ছবিৰ বাবেই বুঞ্চুন ৰাস্পবেৰী বঁটা লাভ কৰে। ইয়াৰ পিছত নাগাচাৱাৰ কেৰিয়াৰ অগ্ৰগতি লাভ কৰে আৰু তেওঁ চিনজি হিগিৰুৰ হিডেন ফৰ্ট্ৰেছ: দ্য লাষ্ট প্ৰিন্সেছ (২০০৮), গোৰো মিয়াজাকিৰ ফ্ৰম আপ অন পপি হিল (২০১১) আৰু ৰোমাণ্টিক কমেডী ছবি লাভ ষ্ট্ৰাইকছ! ত (২০১১) অভিনয় কৰে। লাভ ষ্ট্ৰাইকছ! ছবিৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে ব্লু ৰিবন শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে।

মাকোটো শ্বিনকাইৰ জনপ্ৰিয় এনিমে ছবি ইয়ৰ নেমত (২০১৬) এটা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ বিজ্ঞান ভিত্তিক নাট্যধৰ্মী ছবি বিফোৰ উই ভেনিছত (২০১৭) অভিনয় কৰি সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মাইনichi ফিল্ম এৱাৰ্ড লাভ কৰে। ২০১৯ চনত তেওঁ অপৰাধমূলক ৰহস্যধৰ্মী ছবি মেচকুৱাৰেড হোটেল আৰু একচন ছবি কিংডমত য়াং ডুয়ান হে চৰিত্ৰত অভিনয় কৰে। ইয়াৰ বাবে তেওঁ নিক্কান স্পৰ্টছ ফিল্ম এৱাৰ্ডৰ বাবে মনোনীত হয়। পৰৱৰ্তী সময়ত ২০২৩ চনৰ ছবি কিংডম: ফ্লেম অৱ ডেষ্টিনিত তেওঁ পুনৰ সেই একেটো চৰিত্ৰতে অভিনয় কৰে। ইয়াৰ উপৰি নাগাচাৱাই দ্য কনফিডেন্স মেন জেপি চলচ্চিত্ৰ ত্ৰয়ীত (২০১৯-২০২২), চেন ছিচেঙৰ কমেডী ছবি ডিটেকটিভ চাইনাটাউন ৩ (২০২১), সমালোচকৰদ্বাৰা প্ৰশংসিত ছুপাৰহিৰো ছবি শ্বিন আল্ট্ৰামেন (২০২২) আৰু হিডেয়াকি আনোৰ শ্বিন কামেন ৰাইডাৰত (২০২৩) অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

নাগাচাৱাৰ জন্ম হৈছিল ১৯৮৭ চনৰ ৩ জুনত,১ শ্বিজুয়োকাৰ ইৱাটাত।২ তেওঁ উল্লেখ কৰিছে যে তেওঁৰ শৈশৱত তেওঁৰ পিতৃ, যি জুবিলা ইৱাটাৰ প্ৰাক্তন মেনেজাৰ কাজুয়াকী নাগাচাৱা আছিল,৩ তেওঁ "কামৰ বাবে ঘৰত বেছি নাথাকিছিল।" তেওঁৰ এজন ককায়েক আছে, যাক অভিনেত্ৰী য়োচিনো কিমুৰাই "সুদৰ্শন" আৰু নাগাচাৱাই "কুল" বুলি অভিহিত কৰিছে।৪

ব্যক্তিগত জীৱন

নাগাচাৱা টকিঅ’ৰ মেগুৰোত বাস কৰে।৫ ২০২৬ চনৰ ১ জানুৱাৰীত নাগাচাৱাৰ সংস্থাই চলচ্চিত্ৰ পৰিচালক তাকেছি ফুকুনাগাৰ সৈতে তেওঁৰ বিবাহৰ কথা ঘোষণা কৰে।৬৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 長澤まさみ:プロフィール・作品情報・最新ニュース. Eiga.com
  2. ↑ (20 February 2015). TOKYO FM 『日本郵政グループ presents ジャパモン』長澤まさみが地元・静岡ディープスポットを紹介!「故郷・磐田は"ど"イイら~!」. PR TIMES
  3. ↑ 長澤まさみの父・長沢和明さんマラドーナの早すぎる死を悼む 「破天荒」「ファンを魅了し、慌てさせた」:中日スポーツ・東京中日スポーツ. 中日スポーツ・東京中日スポーツ
  4. ↑ 長澤まさみ 兄は超イケメン 木村佳乃「ハンサム」に「かっこいい」と認める/デイリースポーツ online. デイリースポーツ online
  5. ↑ (August 20, 2017). Tokyo's rich and famous seek comfort, security and anonymity. Japan Today
  6. ↑ (2026-01-01). Japanese Actress Masami Nagasawa Marries Film Director Takeshi Fukunaga. The Japan News. The Yomiuri Shimbun
  7. ↑ Takeda, Ryō. (2026-01-01). 長澤まさみさんと映画監督の福永壮志さんが結婚「一歩一歩丁寧に…」. The Asahi Shimbun

সম্পৰ্কিত শ্ৰেণী

জাপানী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাচামি নাগাচাৱা” প্ৰবন্ধৰ সংশোধন ৫৯২৩৪৬ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।