অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাগুনটা পাৰ্বথাম্মা

মাগুনটা পাৰ্বতী সুব্ৰম্মা ৰেড্ডী (Magunta Parvathi Subramma Reddy, ২৭ জুলাই ১৯৪৭ – ২৫ ছেপ্টেম্বৰ ২০২৪) সাধাৰণতে মাগুনটা পাৰ্বথাম্মা নামেৰে জনাজাত৷ তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ আছিল। তেওঁ একাদশ লোকসভাৰ সদস্য হিচাপে ২০০৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মাগুনটা পাৰ্বতী সুব্ৰম্মা ৰেড্ডী (Magunta Parvathi Subramma Reddy, ২৭ জুলাই ১৯৪৭ – ২৫ ছেপ্টেম্বৰ ২০২৪) সাধাৰণতে মাগুনটা পাৰ্বথাম্মা নামেৰে জনাজাত৷ তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ আছিল। তেওঁ একাদশ লোকসভাৰ সদস্য হিচাপে ২০০৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল।

প্ৰাথমিক জীৱন

১৯৪৭ চনৰ ২৭ জুলাইত নেল্লোৰ জিলাৰ বুচিৰেড্ডিপালেমত বেজাৱাদা ৰামা ৰেড্ডী আৰু তেওঁৰ পত্নীৰ ঘৰত মাগুনটা পাৰ্বথাম্মাৰ জন্ম হৈছিল৷ তেওঁ কস্তুৰী দেৱী ছোৱালী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।১

কৰ্মজীৱন

১৯৯৬ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে পাৰ্বথাম্মাক অংগোলেৰ পৰা প্ৰাৰ্থী হিচাপে লৈছিল। তেওঁ ৩,৮১,৪৭৫ টা ভোট লাভ কৰাৰ বিপৰীতে তেলেগু দেশম পাৰ্টিৰ (টিডিপি) নিকটতম প্ৰতিদ্বন্দ্বী মেকাপতি ৰাজামোহন ৰেড্ডীয়ে ৩,৩১,৪১৫ টা ভোট লাভ কৰে।২ এই আসনখন জয় কৰাৰ পিছত তেওঁ ১১ নং লোকসভাৰ সদস্য হয়।.১ ২০০৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ কাৱালীৰ পৰা জয়লাভ কৰি মুঠ ভোটৰ ৫৭.৬৮% লাভ কৰে।৩২০১২ চনৰ অন্ধ্ৰপ্ৰদেশৰ উপ-নিৰ্বাচনৰ সময়ত পাৰ্বথাম্মা অংগোলে বিধানসভাৰ আসনৰ অন্যতম প্ৰতিদ্বন্দ্বী আছিল।৪তেওঁ পাৰ্ল ডিষ্টিলেৰীৰ পৰিচালক আছিল।৫

ব্যক্তিগত জীৱন আৰু মৃত্যু

১৯৬৭ চনৰ ১৯ ফেব্ৰুৱাৰীত ৰাজনীতিবিদ মাগুনটা চুব্বাৰামা ৰেড্ডীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তানৰ জন্ম হয়।১১৯৯৫ চনত পিপলছ ৱাৰ গ্ৰুপৰ সদস্যসকলে ৰেডীক গুলীয়াই হত্যা কৰে।৬

২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত ৭৭ বছৰ বয়সত পাৰ্বথাম্মাৰ মৃত্যু হয়।৭

তথ্যসূত্ৰ

  1. ↑ Biographical Sketch of Members of the XI Lok Sabha: Reddy, Smt. Magunta Parvathi Subramma. লোকসভা
  2. ↑ Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 26
  3. ↑ State Elections 2004 - Partywise Comparison for 125-Kavali Constituency of Andhra Pradesh. ভাৰতৰ নিৰ্বাচন আয়োগ
  4. ↑ (6 May 2012). Magunta Parvathamma hits the campaign trail. দ্য হিন্দু
  5. ↑ Magunta Parvathamma. Zauba Corp
  6. ↑ (5 August 2000). Lifer for two for Magunta's murder. দ্য হিন্দু
  7. ↑ Bandari, Pavan. Former MP Magunta Parvathamma passes away due to ill health. The Hans India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগুনটা পাৰ্বথাম্মা” প্ৰবন্ধৰ সংশোধন ৪৭৭৪১৮ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।