অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধৱী (অভিনেত্ৰী)

কনকা বিজয়লক্ষ্মী, যি তেওঁৰ অভিনয় জগতৰ নাম মাধৱী বুলিহে পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো তেলুগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ২০বছৰীয়া কৰ্মজীৱনত তেওঁ ৩০০তকৈও অধিক ছবিত অভিনয় কৰিছে।

হালনাগাদ: ৮ মে’ ২০২৬ ৫৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কনকা বিজয়লক্ষ্মী, যি তেওঁৰ অভিনয় জগতৰ নাম মাধৱী বুলিহে পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো তেলুগু ভাষা, হিন্দী ভাষা, তামিল ভাষা, কানাড়া আৰু মালয়ালম ভাষা ছবিত অভিনয় কৰিছে। ২০বছৰীয়া কৰ্মজীৱনত তেওঁ ৩০০তকৈও অধিক ছবিত অভিনয় কৰিছে। তেওঁ ১৯৮০ৰ দশক আৰু ১৯৯০ৰ দশকৰ আৰম্ভণিতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম আগশাৰীৰ আৰু সফল অভিনেত্ৰী আছিল। তেওঁ মালয়ালম ভাষা, তেলুগু ভাষা, তামিল ভাষা, কন্নড় ভাষা আৰু হিন্দী ভাষা ছবিত জনপ্ৰিয় আছিল। তেওঁ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮০ৰ দশক আৰু ৯০ৰ দশকৰ আৰম্ভণিতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী পৰিচিত অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পাছত তেওঁ ১৯৯৭ চনত এই উদ্যোগ ত্যাগ কৰে।

প্ৰাৰম্ভিক জীৱন

মাধৱীৰ জন্ম ১৯৬২ চনত ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাৰ ভেলুপুচেৰলা গাঁৱত শশীৰেখা আৰু গোবিন্দস্বামীৰ ঘৰত হৈছিল।১ তেওঁ কীৰ্তি কুমাৰী আৰু ধনঞ্জয় নামৰ এগৰাকী ভগ্নী আৰু এজন ভাতৃৰ সৈতে ডাঙৰ-দীঘল হৈছিল।২

তেওঁ সৰুৰেপৰা উমা মহেশ্বৰীৰ ওচৰত ভাৰতনাট্যম আৰু ভট্টৰ ওচৰত লোকনৃত্য শিকিছিল আৰু হাজাৰতকৈও অধিক নৃত্য প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ হায়দৰাবাদৰ আবিদছ শাখাৰ ষ্টেনলী গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰিছিল।৩

কৰ্মজীৱন

পৰিচালক দাসৰী নাৰায়ণ ৰাৱে মাধৱী কিশোৰী অৱস্থাত থাকোঁতেই তেলেগু ছবি থুৰুপু পদমৰাত অভিনয়ৰ সুযোগ দিছিল। ছবিখনে অভূতপূৰ্ব সফলতা লাভ কৰিছিল।৪ ইয়াৰ পিছত কে. বালচন্দৰে তেওঁক তেলেগু ছবি মাৰো চৰিত্ৰত (১৯৭৮) এটা সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ দিছিল। এই ছবিখনৰ হিন্দী ৰিমেক এক দুজে কে লিয়েতো (১৯৮১) তেওঁ একেটা চৰিত্ৰতে অভিনয় কৰিছিল, যিখন ১৯৮১ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল। দুয়োখন ছবিতে তেওঁ কমল হাছানৰ চৰিত্ৰটোৰ প্ৰেমত পৰা এগৰাকী অকলশৰীয়া ধনী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।৫ কে. বালচন্দৰেই তেওঁক ৰজনীকান্তৰ বিপৰীতে থিল্লু মুল্লু (১৯৮১) ছবিৰ জৰিয়তে তামিল চলচ্চিত্ৰ জগতত চিনাকি কৰাই দিছিল। সেই দশকটোৰ শেষৰফালে তেওঁ অমিতাভ বচ্চনৰ বিপৰীতে হিন্দী ছবি অন্ধা কানুন (১৯৮৩), গিৰফতাৰ (১৯৮৫) আৰু অগ্নিপথত (১৯৯০) অভিনয় কৰিছিল।

তেওঁ ড° ৰাজকুমাৰ, বিষ্ণুবৰ্ধন, অনন্ত নাগ আৰু আম্বাৰীশৰ দৰে দিগগজ অভিনেতাৰ সৈতে কেইবাখনো কানাড়া ছবিত অভিনয় কৰিছে। তেওঁ ৰাজকুমাৰৰ সৈতে সাতখন ছবিত অভিনয় কৰিছিল— হালু জেনু, ভাগ্যদা লক্ষ্মী বাৰাম্মা, অনুৰাগ আৰলিথু, শ্ৰুতি সেৰিদাগা, জীৱন চৈত্ৰ, আকস্মিক আৰু ওডাহুট্টিদাভাৰু। বিষ্ণুবৰ্ধনৰ লগতো তেওঁ সাতখন ছবিত অভিনয় কৰিছিল— ওন্দে গুৰি, গাণ্ডুগালী ৰামা, চিন্নদান্ত মাগা, ৰুদ্ৰনাগ, কাইদী, চাণক্য আৰু মলয় মাৰুথা।

মাধৱীয়ে কমল হাছানৰ সৈতে ৰাজা পাৰভাই, টিক টিক টিক, কাক্কি সত্তাই, সত্তম, এলাম ইনবা মায়াম আৰু মঙ্গম্মা চবধমত অভিনয় কৰিছিল। ৰজনীকান্তৰ সৈতে তেওঁৰ ছবিসমূহৰ ভিতৰত আছে গৰ্জনৈ, থিল্লু মুল্লু, থাম্বিক্কু এন্থা উৰু, উন কান্নিল নীৰ ৱালিধাল আৰু বিদুথালাই। ইয়াৰ উপৰি তেওঁ এঙ্গা উৰ কান্নাগী, নীতি দেৱান মায়ক্কম আৰু নিৰাপৰাধীত অভিনয় কৰিছিল।

তেলেগু অভিনেতা চিৰঞ্জীৱীৰ সৈতেও তেওঁ কেইবাখনো ছবিত অভিনয় কৰিছিল। চিৰঞ্জীৱীৰ সৈতে তেওঁৰ প্ৰথম ছবি আছিল ১৯৮২ চনৰ ইনলো ৰামায়া ভিধিলো কৃষ্ণায়া। তেওঁ পুনৰ চিৰঞ্জীৱীৰ সৈতে কাইদী ছবিত অভিনয় কৰিছিল যিখন অতি সফল আছিল। তেলেগু ভাষাত তেওঁৰ অন্তিমখন ছবি আছিল বিগ বছ (চিৰঞ্জীৱীৰ আন এখন ছবি)।

তেওঁ বহুতো মালয়ালম ছবিত অভিনয় কৰিছিল, বিশেষকৈ মোহনলাল আৰু মামুট্টীৰ সৈতে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি অৰু ভডাক্কন বীৰগাথাত (১৯৮৯) তেওঁ উন্নিয়াৰ্চা চৰিত্ৰত অভিনয় কৰিছিল। আকাশদুতু ছবিত লিউকেমিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ১৯৯৩ চনৰ কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। আন ছবিসমূহৰ ভিতৰত অৰ্মাক্কায়ী, চংগাথম, নভেম্বৰিন্তে নষ্টম আৰু নোম্বাৰাথি পুভু অন্যতম।

তেওঁৰ বেছিভাগ চৰিত্ৰকেন্দ্ৰিক ভূমিকা মালয়ালম ছবিত আছিল। তেওঁ তিনিবাৰকৈ কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে, এবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু দুবাৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে।

ব্যক্তিগত জীৱন

১৯৯৬ চনত তেওঁৰ হিন্দু ধৰ্মগুৰু স্বামী ৰামাই তেওঁৰ এজন অনুগামী, ৰালফ শৰ্মা নামৰ এজন ঔষধ ব্যৱসায়ীৰ সৈতে মাধৱীৰ বিবাহৰ ব্যৱস্থা কৰিছিল। ৰালফে ৩২ বছৰ বয়সত 'হিমালয়ান ইনষ্টিটিউট অৱ যোগ ছাইনচ এণ্ড ফিল’ছফী'ত পোনপ্ৰথমবাৰৰ বাবে স্বামী ৰামাক লগ পাইছিল আৰু মাধৱীয়ে তেওঁক ১৯৯৫ চনত প্ৰথম লগ পাইছিল। ১৯৯৬ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।৬৭ তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আছে আৰু বৰ্তমান নিউ জাৰ্ছীত বসবাস কৰে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Maadhavi - Personal Page
  2. ↑ Madhavi's Childhood
  3. ↑ Maadhavi. Maadhavi
  4. ↑ Maadhavi. Maadhavi
  5. ↑ 1st Filmfare Awards 1953
  6. ↑ Himalayan Institute of Yoga Science and Philosophy
  7. ↑ South Siren Madhavi back from exile
  8. ↑ (14 February 1996). Maadhavi. Maadhavi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬০৫৩৩৬ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।