অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাচৰত জাহৰা

মাচৰত জাহৰা (জন্ম: ৮ ডিচেম্বৰ,১৯৯৩) জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী ফ্ৰিলান্স ফটো সাংবাদিক। তেওঁ স্থানীয় সম্প্ৰদায় আৰু মহিলাসকলৰ বিষয়ৰ ওপৰত সাংবাদিকতা কৰে।

হালনাগাদ: ২৭ জুলাই ২০২৫ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাচৰত জাহৰা (জন্ম: ৮ ডিচেম্বৰ,১৯৯৩) জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী ফ্ৰিলান্স ফটো সাংবাদিক। তেওঁ স্থানীয় সম্প্ৰদায় আৰু মহিলাসকলৰ বিষয়ৰ ওপৰত সাংবাদিকতা কৰে। তেওঁ আন্তৰ্জাতিক মহিলা মিডিয়া ফাউণ্ডেচনৰ পৰা ফটোজাৰ্নালিজম বঁটাত ২০২০ চনৰ "আনজা নিদ্ৰিংহাউছ সাহস" আৰু সাহসী আৰু নৈতিক সাংবাদিকতা ২০২০ ৰ বাবে পিটাৰ মেকলাৰ বঁটা লাভ কৰিছিল।

জীৱনী

মাচৰত জাহৰাৰ জন্ম হৈছিল ১৯৯৩ চনৰ ৮ ডিচেম্বৰত জম্মু আৰু কাশ্মীৰৰ হাৱালত এটা কাশ্মীৰী মুছলমান পৰিয়ালত। ১ মাচৰতৰ দেউতাক এজন ট্ৰাক চালক আৰু মাতৃ এগৰাকী গৃহিণী। তেওঁ কাশ্মীৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাংবাদিকতা অধ্যয়ন কৰিছিল। তেওঁ কাশ্মীৰ সংঘৰ্ষৰ আলোকচিত্ৰ তুলি বিশ্বৰ সাংবাদিক জগতত বিশেষকৈ তেওঁৰ ফটো দ্য ৱাশ্বিংটন পোষ্ট, দ্য নিউ হিউমেনিটেৰিয়ান, টিআৰটি ৱৰ্ল্ড, আল জাজিৰা, দ্য কাৰাভান, দ্য চান, দ্য নিউজ আৰব আৰু দ্য ৱৰ্ল্ড উইকলিত আদিত প্ৰকাশ পাই আহিছে।২৩৪ মাচৰতে নিজৰ চাকৰি আৰু লিংগৰ ওপৰত আধাৰিত কৰি নিৰন্তৰ প্ৰতিৰোধ অনুভৱ কৰে কিয়নো তেওঁ অঞ্চলটোৰ মহিলা ফটো সাংবাদিকৰ এটা সৰু গোটৰ এটা সদস্য। ২০১৮ চনৰ এপ্ৰিলত জাহৰাক তেওঁৰ ফেচবুকত এটা এনকাউণ্টাৰ ছাইটৰ পৰা এখন ছবি শ্বেয়াৰ কৰাৰ পিছত আৰক্ষীক তথ্য যোগান ধৰোঁতা হিচাপে লেবেল লগোৱা হৈছিল।৫৬ ২০২০ চনৰ এপ্ৰিল মাহত জম্মু-কাশ্মীৰ আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এখন এজাহাৰত জাহৰাৰ নাম উল্লেখ কৰে, যাক সাধাৰণতে সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।৭৮

বঁটা

২০২০ চনত জাহৰাই আন্তৰ্জাতিক মহিলা মিডিয়া ফাউণ্ডেচনৰ পৰা ফটোজাৰ্নালিজম বঁটাত আনজা নিড্ৰিংহাউছ কাৰেজ বঁটা লাভ কৰিছিল। ৯১০তেওঁক "কাশ্মীৰৰ মহিলাসকলৰ বিষয়ে আন্তৰ্জাতিক প্ৰেক্ষাপটত ডাঙি ধৰাৰ বাবে সাহসী আৰু নৈতিক সাংবাদিকতা ২০২০ ৰ বাবে পিটাৰ মেকলাৰ বঁটাৰে পুৰস্কৃত কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Maqbool, Majid. (25 Aug 2018). Kashmir through the female gaze. দ্য হিন্দু
  2. ↑ www.dw.com/en/kashmir-conflict-photographer-masr
  3. ↑ Bilal Kuchay. (20 April 2020). Kashmir journalist charged for 'anti-national' social media posts. Al Jazeera English
  4. ↑ "Kashmir through the female gaze"
  5. ↑ RAHIBA R. PARVEEN. (16 May 2018). Woman photojournalist who covered Kashmir encounter labelled as police informer. ThePrint
  6. ↑ (22 May 2018). In India, Kashmiri photojournalist faces harassment, threats. Committee to Protect Journalists
  7. ↑ (27 April 2020). 'State Has Hounded Masrat Zahra': 450 Activists, Scholars Condemn UAPA Use on Journalists. The Wire
  8. ↑ Sareer Khalid. (20 April 2020). جموں کشمیر کی پہلی اور واحد خاتون فوٹو جرنلسٹ پر ملک دشمن سرگرمیوں کے الزام میں مقدمہ. Roznama Rashtriya Sahara
  9. ↑ Anja Niedringhaus Courage In Photojournalism Award. International Women's Media Foundation
  10. ↑ (11 June 2020). Masrat Zahra Wins Top Photojournalism Award. Kashmir Observer

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাচৰত জাহৰা” প্ৰবন্ধৰ সংশোধন ৫২৭৯৭১ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।