জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাহনাজ মোহম্মদী
মাহনাজ মোহম্মদী (ফাৰ্চী: مهناز محمدی; জন্ম ১ জানুৱাৰী ১৯৭৫, তেহৰাণ) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ ২০০৩ চনত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৱিমেন ৱিপাউট শ্বিল্ড'জ ৰচনা আৰু পৰিচালনা কৰিছিল, যিয়ে এখন চৰকাৰী আশ্ৰয় শিবিৰত গৃহহীন আৰু পৰিত্যক্ত মহিলাৰ জীৱন চিত্ৰিত কৰিছিল।
-
মাহবুবা ইছলাম ৰাখি
মাহবুবা ইছলাম ৰাখি (ইংৰাজী: Mahbuba Islam Rakhi; জন্ম: ২১ জুলাই ১৯৯৩) এগৰাকী বাংলাদেশী মূলৰ অষ্ট্ৰেলিয়ান অভিযন্তা আৰু অভিনেত্ৰী।
-
মাহেক চহাল
মাহেক চহাল (ইংৰাজী: Mahek Chahal; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৫ত অংশগ্ৰহণৰ বাবে পৰিচিত, য’ত তেওঁ ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।
-
মাহৰুছ ছিদ্দিকী নাদিম
মাহৰুছ ছিদ্দিকী নাদিম (Mahroos Siddiquee Nadim; জন্ম: ২৫ ডিচেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।তেওঁ মূলত এজন সোঁ-পক্ষৰ ৰক্ষক (Right Back) হিচাপে খেলে। নাদিমে তেওঁৰ ফুটবল কেৰিয়াৰ ভাৰতীয় ফুটবলৰ অন্যতম শক্তি কেন্দ্ৰ মোহন বাগান এচিৰ যুৱ একাডেমীৰ পৰা আৰম্ভ কৰিছিল।
-
মাৎসু বাসো
মাৎসু বাসো (松尾 芭蕉; ১৬৪৪ – ২৮ নবেম্বৰ, ১৬৯৪) আছিল এডো যুগৰ আটাইতকৈ প্ৰসিদ্ধ জাপানী কবি। জন্মত তেওঁৰ নাম আছিল মাৎসু কিনছাকু (松尾 金作), আৰু পাছত মাৎসু চুয়েমন মুনেফুচা (松尾 忠右衛門 宗房) হিচাপে জনাজাত হৈছিল। জীৱিত অৱস্থাত বাসো মূলতঃ হাইকাই নো ৰেংগা নামৰ সহযোগিতামূলক কাব্যৰ বাবে জনাজাত আছিল।
-
মাৰ মাৰ আয়ে
মাৰ মাৰ আয়ে ( বাৰ্মিজ: မာမာအေး; ২৬ জুলাই, ১৯৪২ – ৮ জানুৱাৰী, ২০২৪) আছিল এগৰাকী বাৰ্মিজ গায়িকা আৰু অভিনেত্ৰী। বাৰ্মিজ শাস্ত্ৰীয় সংগীতৰ ইতিহাসৰ অন্যতম সফল মহিলা গায়িকা হিচাপে তেওঁক গণ্য কৰা হৈছিল।
-
মাৰা ৰুডমেন
মাৰা ৰুডমেন (Mara Rudman) আমেৰিকা চৰকাৰৰ প্ৰাক্তন বিষয়া, বৰ্তমান চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছৰ নীতিৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কোৰাম ষ্ট্ৰেটেজিছৰ সভানেত্ৰী আৰু মিডল ইষ্ট প্ৰগ্ৰেছৰ এগৰাকী উপদেষ্টা।
-
মাৰিছা অনিতা
মাৰিছা অনিতা (জন্ম: ২৯ মাৰ্চ ১৯৮৩; ইণ্ডোনেচিয়াৰ পূব জাভাৰ চুৰাবায়াত) এগৰাকী ইণ্ডোনেচিয়ান সাংবাদিক, অভিনেত্ৰী আৰু টেলিভিছন নিউজ প্ৰেজেণ্টাৰ। তেওঁ ২০০৫ চনত এগৰাকী থিয়েটাৰ অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু ২০০৮ চনত ‘মেট্ৰ’ টিভি’ৰ টেলিভিছন নিউজ ৰিপৰ্টাৰ আৰু পৰৱৰ্তী সময়ত নিউজ এংকৰ…
-
মাৰিছা চাৰ্তিকা মালাদেৱী
মাৰিছা চাৰ্তিকা মালাদেৱী (ইংৰাজী: Marisa Sartika Maladewi; জন্ম: ২৮ জুন ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
মাৰিনা গোলবাহাৰী
মাৰিনা গোলবাহাৰী (দাৰী: مارینا گلبهاری; জন্ম ১৯৮৯) এগৰাকী আফগান অভিনেত্ৰী, যিয়ে ২০০৩ চনৰ চলচ্চিত্ৰ ওছামাত মুখ্য চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে। এই চলচ্চিত্ৰত তেওঁ তালিবান শাসনকালত নিজৰ পৰিয়ালৰ সহায়ৰ বাবে ল’ৰাৰ দৰে পিন্ধি আৰু আচৰণ কৰিব লগা এগৰাকী ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিল।
-
মাৰিয়া অৰোৰা কৌটো
মাৰিয়া অৰোৰা কৌটো (Maria Aurora Couto; ২২ আগষ্ট ১৯৩৭ – ১৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ আছিল, তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰী ৰ বাবে আৰু গোৱা আৰু ইয়াৰ বাহিৰত সাহিত্য আৰু ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত।
-
মাৰিয়া আদানেজ
মাৰিয়া আদানেজ আলমেনৰা (ইংৰাজী: María Adánez; জন্ম: ১২ মাৰ্চ ১৯৭৬) এগৰাকী স্পেনিছ অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু প্ৰযোজক।
-
মাৰিয়া ইউছুফ
মাৰিয়া মুনিৰ ইউছুফ ইথিঅ'পিয়াৰ মহিলা অভয়াৰণ্য আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ ইথিঅ'পিয়ান মহিলা উকীল সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
মাৰিয়া ক'ৰিনা মাচাডো
মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( María Corina Machado Parisca; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
মাৰিয়া কলম্বেজ
ৰোমান্থি মাৰিয়া কলম্বেজ (জন্ম: ১৯ মে' ১৯৮৪) এগৰাকী শ্ৰীলংকান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০৭ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল। তেওঁ চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৭ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। কলম্বেজ শ্ৰীলংকাৰ অন্যতম সফল মডেল।
-
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি এগৰাকী ভূ-বিজ্ঞানী আৰু ইটালীৰ ৰাষ্ট্ৰীয় গৱেষণা পৰিষদৰ গৱেষণা পৰিচালক। তেওঁৰ অধ্যয়নত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত এৰ'ছল আৰু ডাৱৰৰ আমাৰ বায়ুমণ্ডল আৰু জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
-
মাৰিয়া তুৰপাকাই ৱাজিৰ
মাৰিয়া টুৰপাকাই ৱাজিৰ (Maria Toorpakai Wazir; জন্ম:- ২২ নৱেম্বৰ, ১৯৯০) এগৰাকী পেছাদাৰী পাকিস্তানী স্কোৱাছ খেলুৱৈ। মুছলমান ছোৱালী হিচাপে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰিবলৈ জীৱনৰ প্ৰথম ১৬ বছৰ ল'ৰাৰ দৰে তেওঁ সাজ-পোছাক পিন্ধিছিল আৰু চেংগিছ খান নাম ব্যৱহাৰ কৰিছিল৷ তেওঁক পিতৃ-মাতৃয়ে সম্পূৰ্ণ সমৰ্থন…
-
মাৰিয়া দে নাতি
মাৰিয়া দিয়াজ (জন্ম ১১ জুন ১৯৯৭), মাৰিয়া দে নাতি নামে অধিক পৰিচিত, এগৰাকী স্পেইনৰ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিকত একাধিক অভিনয়ৰ বাবে জনাজাত, বিশেষকৈ এল ছেক্ৰেতো দে পুৱেন্তে ভিয়েখো (২০১৫–২০১৬), ভিক্তিমা নম্বেৰো ৮ (২০১৮) আৰু মাদ্ৰেস. আমোৰ ই বিদা (২০২০–২০২১)।
-
মাৰিয়া নেষ্টেৰেংকো
মাৰিয়া পেট্ৰিভনা নেষ্টেৰেংকো ( Mariya Petrivna Nesterenko; ১৯১০ – ২৮ অক্টোবৰ ১৯৪১) এগৰাকী ছোভিয়েট পাইলট আছিল, যিয়ে বায়ুসেনাত মেজৰ পদবীলৈ উন্নীত হৈছিল আৰু এনকেভিডিৰ মুৰব্বী লাভ্ৰেণ্টি বেৰিয়াৰ বায়ুসেনাৰ এটা পাৰ্জৰ বলি হোৱা ছোভিয়েট ইউনিয়নৰ হিৰো পাভেল ৰাইচাগভৰ পত্নী হোৱাৰ বাবে ফাঁচি দিয়াৰ…
-
মাৰিয়া পিয়া আব্ৰাচিঅ’
মাৰিয়া পিয়া আব্ৰাচিঅ’ ইটালীৰ এগৰাকী ঔষধবিজ্ঞানী যিয়ে কোষীয় পৰ্যায়ত ঔষধৰ জৈৱ-ৰাসায়নিক প্ৰভাৱৰ ওপৰত গৱেষণা কৰে। সমগ্ৰ বিশ্বতে গৱেষণা কৰি আহিছে আৰু ২০০৬ চনৰ পৰা থমছন ৰয়টাৰে সৰ্বাধিক উদ্ধৃত বিজ্ঞানী হিচাপে নাম উল্লেখ কৰা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম।
-
মাৰিয়া পুনলেৰ্টলাৰ্প
মাৰিয়া লিন এহ্ৰেন (থাই: มาเรีย ลินน์ เอียเรียน, পেছাগতভাৱে মাৰিয়া পুনলেৰ্টলাৰ্প (มารีญา พูลเลิศลาภ), জন্ম: ১৮ জানুৱাৰী ১৯৯২), এগৰাকী ছুইডিছ-থাই অভিনেত্ৰী, মডেল, কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭ জয় কৰে।
-
মাৰিয়া ফাৰ্নাণ্ডা এৰিষ্টিজাবাল
মাৰিয়া ফাৰ্নাণ্ডা এৰিষ্টিজাবাল উৰিয়া (ইংৰাজী: María Fernanda Aristizábal Urrea; জন্ম: ১৯ জুন ১৯৯৭) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে চিনিয়ৰিটা কলম্বিয়া ২০১৯ জয় কৰিছিল।
-
মাৰিয়া বাৰ্বেলা
মাৰিয়া বাৰ্বেলা (২৪ অক্টোবৰ, ১৮৬৮ – ২৪ মাৰ্চ, ১৯৫০) এগৰাকী ইটালীত জন্মগ্ৰহণ কৰা আমেৰিকান মহিলা। সেই সময়ত ভুলকৈ মাৰিয়া বাৰ্বেৰী নামেৰে পৰিচিত হৈ পৰা এইগৰাকী মহিলা আছিল ইলেক্ট্ৰিক চকীত মৃত্যুদণ্ডৰ শাস্তি পোৱা দ্বিতীয়গৰাকী মহিলা।
-
মাৰিয়া মেডিনা কোয়েলি
মাৰিয়া মেডিনা কোয়েলি (১৭৬৪ চনত চিয়াভেনাত – ১৮৪৬ চনত পিয়ানেলো লাৰিঅ'ত) (হেলেনা পাৰ্পেণ্টি নামেৰেও জনাজাত) ইটালীৰ এগৰাকী চিকিৎসক, উদ্ভাৱক আৰু উদ্ভিদবিজ্ঞানী আছিল।
-
মাৰিয়ানা ৰাইট ছেপমেন
মাৰিয়ানা ৰাইট ছেপমেন (Mariana Wright Chapman; ১৪ মাৰ্চ, ১৮৪৩ – ৯ নৱেম্বৰ, ১৯০৭) এগৰাকী আমেৰিকান সমাজ সংস্কাৰক আৰু নাৰী অধিকাৰ কৰ্মী আছিল৷ তেওঁৰ আটাইতকৈ সক্ৰিয় কাম আছিল কাৰাগাৰৰ সংস্কাৰ আৰু মহিলাৰ সম অধিকাৰৰ দিশত।
-
মাৰ্কাছ ৰাছফৰ্ড
মাৰ্কছ ৰাছফৰ্ড ( Marcus Rashford MBE; জন্ম ৩১ অক্টোবৰ ১৯৯৭) এজন ইংৰাজ পেচাদাৰী ফুটবল খেলুৱৈ যি ক্লাব মাঞ্চেষ্টাৰ ইউনাইটেড আৰু ইংলেণ্ড ৰাষ্ট্ৰীয় দল হৈ ফৰৱাৰ্ড হিচাপে খেলে। মাঞ্চেষ্টাৰ ইউনাইটেডৰ যুৱ প্ৰণালীৰ এক উৎপাদন, ৰেছফৰ্ডে সাত বছৰ বয়সত ক্লাবটোত যোগদান কৰিছিল।
-
মাৰ্গাৰট আৱ’য়েট
মাৰ্গাৰেট আব’য়েট ( Marguerite Abouet; জন্ম: ১৯৭১) এগৰাকী আইভৰিয়ান লেখিকা, তেওঁ তেওঁৰ গ্ৰাফিক উপন্যাস ধাৰাবাহিক আয়া এণ্ড আকিচি(Aya and Akissi)ৰ বাবে বেছিকৈ পৰিচিত।
-
মাৰ্গাৰেট ইডা বালফ’ৰ
মাৰ্গাৰেট ইডা বালফ’ৰ চিবিই এফআৰচিঅ’জি (Margaret Ida Balfour; ২১ এপ্ৰিল ১৮৬৬ – ১ ডিচেম্বৰ ১৯৪৫) আছিল এগৰাকী স্কটিছ চিকিৎসা চিকিৎসক আৰু মহিলাৰ চিকিৎসা স্বাস্থ্যজনিত বিষয়ৰ প্ৰচাৰক, যিয়ে ভাৰতত চিকিৎসা বিজ্ঞানৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
মাৰ্গাৰেট কুপিন
মাৰ্গাৰেট কুপিন এগৰাকী বেলজিয়ামৰ ঔপন্যাসিক আৰু কবি। ২ ফেব্ৰুৱাৰী ১৮৬৭ চনত ব্ৰাছেলছত জন্ম গ্ৰহণ কৰা কুপিনৰ সম্পূৰ্ণ নাম মাৰ্গাৰেট আইমী ৰ'জিন কুপিন। তেওঁ নাৰীবাদী আছিল আৰু নাৰী মুক্তি আৰু নাৰীৰ সম অধিকাৰৰ পথ প্ৰদৰ্শক হৈ পৰিছিল।
-
মাৰ্গাৰেট কুৱেলী
ছাৰা মাৰ্গাৰেট কুৱেলী (ইংৰাজী: Sarah Margaret Qualley; জন্ম: ২৩ অক্টোবৰ, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। অভিনেত্ৰী এণ্ডি মেকডৱেলৰ কন্যা কুৱেলীয়ে শৈশৱত বেলে নৃত্যৰ প্ৰশিক্ষণ লৈছিল।