মাছানি আম্মান হ'ল হিন্দু দেৱী। তামিলনাডুৰ কিছুমান বিশেষ শ্ৰেণীয়ে তেওঁক মূলতঃ পৰিয়াল দেৱী (কুলদেৱী) হিচাপে পূজা কৰে, য'ত তেওঁক আদি পৰাশক্তিৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।১ ভাৰতৰ তামিলনাডু ৰাজ্যৰ কইম্বাটুৰ জিলাৰ পোল্লাচি অঞ্চলৰ আনাইমালাইত তেওঁৰ মুখ্য মন্দিৰ অৱস্থিত।২৩
আৰুলমিগু শ্ৰী মাছানি আম্মান মন্দিৰ আনাইমালাইত অৱস্থিত এক অতি পূজনীয় মন্দিৰ, যিটো পোলাচিৰ দক্ষিণ-পশ্চিম দিশত প্ৰায় ২৪ কিলোমিটাৰ (১৫ মাইল) দূৰৈত অৱস্থিত। দেৱীক মূৰৰ পৰা ভৰিলৈকে ১৫ ফুট জোখত হেলান ভংগীমাত দেখা যায়, যিটো ৰূপ অতি অনন্য। ই আলিয়াৰ নদী আৰু উপৰ নদীৰ সংগমস্থলীত অৱস্থিত।৪ ইয়াত এটা জনবিশ্বাস আছে যে মাছানি আম্মানে তেওঁৰ ত্ৰিশূলৰ চাৰিওফালে ঘূৰি থকা ব্যক্তিজনৰ যিকোনো ৰোগ নিৰাময় কৰে৷৫ ৬ ঋতুস্ৰাৱৰ সমস্যাৰ পৰাও এই দেৱীয়ে সকাহ দিয়ে।৫
কিংবদন্তী
স্থানীয় পৰম্পৰা অনুসৰি অন্নমলাই প্ৰাচীন কালত নান্নুৰ নামেৰে জনাজাত আছিল আৰু এই অঞ্চলত নান্নুৰণৰ শাসন আছিল। তেওঁৰ ঘন আমৰ বাগিচাৰ পৰা ফল ছিঙি লোৱা সকলক কঠোৰ শাস্তি দিয়াৰ কথা ঘোষণা কৰিছিল। এদিন এগৰাকী মহিলাই ল’বলগীয়া কঠোৰ ব্যৱস্থা নাজানি এবিধ ফল সেৱন কৰিলে। সাধাৰণ জনতাৰ অনুৰোধৰ পিছতো নান্নুৰণে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছত বিজয়মংগলমৰ সমীপত হোৱা কাজিয়াত গাঁৱৰ ৰাইজে নান্নুৰনক হত্যা কৰি আত্মবলি দিয়া মহিলাগৰাকীক পূজা কৰিবলৈ মন্দিৰ নিৰ্মাণ কৰা হয়। যিহেতু মহিলাগৰাকীক হত্যা কৰা হৈছিল সেয়ে দেৱীগৰাকীক মাছানী বুলি কোৱা হৈছিল যাৰ অৰ্থ পুৰণি তামিল ভাষাত সাধাৰণ। পাছলৈ এই দেৱী মাছানি আম্মান নামেৰে পৰিচিত হ’ল।৪
তথ্যসূত্ৰ
- ↑ Singh. (2006). Global Encyclopaedia of the South Indian Dalit's Ethnography. Global Vision Publishing House. পৃ. 180. ISBN 978-81-8220-167-5
- ↑ Masani Amman temple. kovaizone.in
- ↑ Masaniamman Temple. tripadvisor.in
- ↑ (5 August 2016). Grind Chillies at Masani Amman Temple and Get Your Wishes Granted!. nativeplanet.com"Grind Chillies at Masani Amman Temple and Get Your Wishes Granted!". nativeplanet.com. 5 August 2016
- ↑ Sri Masaniamman temple. National Tamil Deity Temples. Dinamalar"Sri Masaniamman temple". National Tamil Deity Temples. Dinamalar
- ↑ Subramanian K R. (29 August 2015). மிளகாய் அரைத்து பூசினால்.. நீதி வழங்கும் மாசாணியம்மன். oneindia.comSubramanian K R (29 August 2015). "மிளகாய் அரைத்து பூசினால்... நீதி வழங்கும் மாசாணியம்மன்" (in Tamil). oneindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছানি আম্মান” প্ৰবন্ধৰ সংশোধন ৪৭৭১৪১ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।