অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মান্যতা দত্ত

মান্যতা দত্ত (ইংৰাজী: Maanayata Dutt; জন্ম নাম দিলনৱাজ শ্বেখ; জন্ম: ২২ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় উদ্যমী, প্ৰাক্তন অভিনেত্ৰী আৰু সঞ্জয় দত্ত প্ৰডাকচনছৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')। তেওঁ ২০০৮ চনত বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মান্যতা দত্ত (ইংৰাজী ভাষা: Maanayata Dutt; জন্ম নাম দিলনৱাজ শ্বেখ; জন্ম: ২২ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় উদ্যমী, প্ৰাক্তন অভিনেত্ৰী আৰু সঞ্জয় দত্ত প্ৰডাকচনছৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')। তেওঁ ২০০৮ চনত বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ তেওঁ বিশেষকৈ প্ৰকাশ ঝাৰ ২০০৩ চনৰ ছবি গংগাজলত কৰা আইটেম ডান্সৰ বাবে পৰিচিত।১২৩

ব্যক্তিগত জীৱন

ৰ সৈতে মান্যতা দত্ত]]

মান্যতা দত্তৰ জন্ম ১৯৭৮ চনৰ ২২ জুলাইত মুম্বাইৰ এক মুছলমান ব্যৱসায়ী পৰিয়ালত দিলনৱাজ শ্বেখ নামেৰে হৈছিল।৪১৩ তেওঁ ডুবাইত ডাঙৰ-দীঘল হৈছিল।৩ চলচ্চিত্ৰ জগতত তেওঁ ছাৰা খান নামেৰে পৰিচিত আছিল।১ ২০০৮ চনত কামাল ৰছিদ খানৰ দেশদ্ৰোহীৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁক ঝাই "মান্যতা" নামটো দিছিল,১ কিন্তু দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব তেওঁৰ ওপৰত পৰাত এগৰাকী তাৰকা হোৱাৰ আকাংক্ষা অন্ত পৰে।

মান্যতাই ২০০৮ চনৰ ৭ ফেব্ৰুৱাৰীত গোৱাত এক ব্যক্তিগত অনুষ্ঠানত সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫ আদালতত বিবাহখনৰ বৈধতাৰ বাবে তেওঁ আৰ্য সমাজৰ ৰীতি অনুসৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।৬ দুবছৰৰ পাছত ২০১০ চনৰ ২১ অক্টোবৰত তেওঁ যমজ সন্তানৰ মাতৃ হয়— পুত্ৰ শ্বাহৰান আৰু কন্যা ইকৰা।৭৮

কেৰিয়াৰ

বিবাহৰ পূৰ্বে আৰু দত্তক লগ পোৱাৰ আগতে মান্যতাই অভিনেতা নিমিত বৈষ্ণৱৰ বিপৰীতে লাভৰ্ছ লাইক আছৰ দৰে হিন্দী ভাষা ছবিত কাম কৰিছিল।৯ পৰৱৰ্তী সময়ত ছবিখনৰ স্বত্ব সঞ্জয় দত্তই ২০ লাখ টকাত ক্ৰয় কৰিছিল।৯

জনপ্ৰিয় সংস্কৃতিত

২০১৮ চনৰ ২৯ জুনত মুক্তি পোৱা ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত জীৱনীমূলক ছবি সঞ্জুত অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে, আনহাতে ৰণবীৰ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Singh, Harneet. (29 January 2009). From performing item numbers to becoming Mrs. Dutt: Manyata. The Indian Express
  2. ↑ Sanjay Dutt told me never give up, says wife Manyata. The Times of India. Press Trust of India
  3. ↑ Lalwani, Vickey. (5 December 2010). From Manyata to Mrs Dutt!. Mumbai Mirror
  4. ↑ (28 May 2008). Sanjay Dutt and Manyata's marriage is valid, rules court. Zee News
  5. ↑ Rao, Girish. Sanjay Dutt weds>Manyata. Rediff
  6. ↑ (11 August 2011). Looking at Bollywood's famous converts. Rediff.com
  7. ↑ (21 October 2010). Manyata Dutt delivers twins. The Times of India
  8. ↑ (3 July 2013). Sanjay Dutt's twins watch 'Policegiri' with their mom Manyata. News 18
  9. ↑ Shah, Kunal M. (29 February 2008). Bride and prejudice. Mumbai Mirror

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মান্যতা দত্ত” প্ৰবন্ধৰ সংশোধন ৬৩৬১১৫ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।