অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধুৰী বৰ্থৱাল

মাধুৰী বৰ্থৱাল (বিবাহপূৰ্ব উনিয়াল) ( ইংৰাজী: Madhuri Barthwal) হ'ল ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী লোকশিল্পী। তেওঁ আকাশবাণীৰ সংগীত ৰচনা কৰা প্ৰথমগৰাকী মহিলা। তেৱেঁই প্ৰথমগৰাকী মহিলা গড়ৱালী সংগীতশিল্পী, যি পিছলৈ সংগীত শিক্ষয়িত্ৰী হয়।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাধুৰী বৰ্থৱাল (বিবাহপূৰ্ব উনিয়াল) ( ইংৰাজী: Madhuri Barthwal) হ'ল ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী লোকশিল্পী। তেওঁ আকাশবাণীৰ সংগীত ৰচনা কৰা প্ৰথমগৰাকী মহিলা। তেৱেঁই প্ৰথমগৰাকী মহিলা গড়ৱালী সংগীতশিল্পী, যি পিছলৈ সংগীত শিক্ষয়িত্ৰী হয়। ২০১৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰে। তেওঁ ২০২২ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। গণৰাজ্য দিৱসৰ বিশেষ অনুষ্ঠানত তেওঁ এই সন্মান লাভ কৰে।১

জীৱন

বৰথৱালৰ পিতৃ চন্দ্ৰমণি উনিয়াল আছিল এগৰাকী গায়ক আৰু চিতাৰবাদক।২ মাধুৰীয়ে উত্তৰাখণ্ডৰ লেন্সডাউনৰ পৰা সংগীত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক উপাধি লাভ কৰাৰ পিছত তেওঁ কেইবাবছৰ ধৰি এখন কলেজত সংগীত শিক্ষয়িত্ৰী হিচাপে কটায়। আজৰি সময়ত নাজিবাবাদৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ বাবে সুৰ দি আছিল৷৩ তেওঁ উত্তৰাখণ্ডৰ লোকসংগীতৰ এক উৎসাহী সমৰ্থক হৈ পৰে আৰু তেওঁ অঞ্চলটোৰ ঐতিহ্য আৰু ইয়াৰ লোকসংগীতৰ প্ৰতি উৎসৰ্গিত "ধৰোহৰ" নামৰ ৰেডিঅ' অনুষ্ঠানটো সৃষ্টি কৰে।৪ তেওঁ উত্তৰাখণ্ডত ব্যৱহাৰ হোৱা প্ৰতিটো বাদ্যযন্ত্ৰ চিনি পায় বুলি কোৱা হয়। তাৰোপৰি তেওঁ আন সংগীতজ্ঞৰ সংগীত ৰেকৰ্ডিং কৰাত সহায় কৰিছে।২

শিক্ষয়িত্ৰী হিচাপে তেওঁ শিকোৱা বহু সংগীতজ্ঞৰ ভিতৰত কেইবাজনে পেছাদাৰী সংগীতজ্ঞ হ’বলৈ সক্ষম হৈছে।৪ তেওঁ গড়হৱালী গায়ক নৰেন্দ্ৰ সিং নেগীৰ সৈতে গীত গাইছে।৩

বৰ্থৱালে সংগীত, সম্প্ৰচাৰ আৰু পাঠদানৰ বাবে উচৰ্গা কৰা ষাঠিটা বছৰৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।৪ উদ্ধৃতিটোত উল্লেখ কৰা হৈছে যে তেওঁ সংগীত সংৰক্ষণৰ বাবে "নিজৰ জীৱন উৎসৰ্গা কৰিছিল"।৫

২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰায় চল্লিশগৰাকী মহিলাই এই বঁটা লাভ কৰিছিল।৩ আৰু ইয়াৰে তিনিটা বঁটা দলীয় ভাবে দিয়া হৈছিল।৬ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধী তাত উপস্থিত আছিল আৰু ইয়াৰ পিছত বঁটাপ্ৰাপকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Who is Madhuri Barthwal who was honored with Padma Shri award, know
  2. ↑ Salute to this lady who saved Uttarakhand's folk culture, the folk culture of Devbhoomi. www.rajyasameeksha.com
  3. ↑ Negi, Sunil. President of India felicitates Dr. Madhuri Barthwal with prestigious "Women Empowerment Award". NewsViewsNetwork
  4. ↑ (8 March 2019). Dr Madhuri Barthwal's citation. Official Account of the Ministry of Women and Child Development, Government of India
  5. ↑ Dr Madhuri Barthwal. www.facebook.com
  6. ↑ Pandit, Ambika. (March 8, 2019). From masons, barbers to creators of forests and sustainable homes, nari shakti takes charge. The Times of India
  7. ↑ Mohammed, Irfan. (2019-03-20). India president confers Manju with Nari Shakti Puraskar award. Saudigazette

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীলোকগীতসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰী বৰ্থৱাল” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৫৭ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।