অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাদালছা শৰ্মা

মাদালছা চক্ৰৱৰ্তী (Madalsa Chakraborty; পূৰ্বৰ নাম: মিঠি শৰ্মা; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাদালছা চক্ৰৱৰ্তী (Madalsa Chakraborty; পূৰ্বৰ নাম: মিঠি শৰ্মা; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৯১)১২ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।৩

ব্যক্তিগত জীৱন

১৯৯১ চনৰ ২৬ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰত অভিনেত্ৰী শীলা শৰ্মা আৰু চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক সুভাষ শৰ্মাৰ ঘৰত মাদালছা শৰ্মাৰ জন্ম হৈছিল।৪৫ মাৰ্বল আৰ্চ স্কুলৰপৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ মুম্বাইৰ মিঠিবাঈ কলেজত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল।৬

কম বয়সৰপৰাই তেওঁ অভিনয়ক কেৰিয়াৰ হিচাপে ল’বলৈ আগ্ৰহী আছিল।৭ তেওঁ কিশোৰ নামিত কাপুৰ অভিনয় প্ৰতিষ্ঠানত যোগদান কৰি অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু গণেশ আচাৰ্য তথা চিয়ামক ডাভাৰৰ অধীনত নৃত্য শিকিছিল।৫

২০১৮ চনত তেওঁ মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮

কেৰিয়াৰ

মাদালছাই ২০০৯ চনত ই. ভি. ভি. সত্যনাৰায়ণৰ তেলেগু ছবি ফিটিং মাষ্টাৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।৯ ছবিখন সফল হৈছিল আৰু মাদালছাৰ অভিনয় প্ৰশংসিত হৈছিল। পিছৰ বছৰত তেওঁ কানাড়া চলচ্চিত্ৰ জগতত শৌৰ্য ছবিৰ জৰিয়তে অভিষেক ঘটায়, যিয়ে মাদালছাৰ কেৰিয়াৰক এক ডাঙৰ গতি প্ৰদান কৰে।১০ ২০১০ চনতে তেওঁক সুৰেশ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আন এখন তেলেগু ছবি আলস্যম অমৃতমত দেখা গৈছিল। ডি. ৰামা নাইডুৱে ছবিখনৰ মুখ্য অভিনেত্ৰী হিচাপে মাদালছাক নিৰ্বাচন কৰিছিল। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰাই নহয়, মাদালছাৰ কেৰিয়াৰকো আন এক স্তৰলৈ লৈ গৈছিল। ছবিখনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ ইতিবাচক মন্তব্য লাভ কৰিছিল।১১১২

কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ নিৰ্দেশনাত নিৰ্মিত তেওঁৰ প্ৰথম বলিউড ছবি এঞ্জেল ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাইছিল।১৩ ছবিখনে সুন্দৰ মন্তব্য লাভ কৰিছিল আৰু মাদালছাৰ অভিনয় চৰ্চাৰ বিষয় হৈ পৰিছিল। ইয়াৰ কিছুসময়ৰ পাছতে আন এখন তেলেগু ছবি মেম বয়সুকু ভাচাম মুক্তি পায় আৰু তেওঁৰ চৰিত্ৰটোৱে আদৰণি লাভ কৰে।১৪ দ্য টাইমছ অৱ ইণ্ডিয়াই লিখিছিল যে তেওঁ "সুন্দৰ চৰিত্ৰটো অতি সুন্দৰকৈ ৰূপায়ণ কৰিছে।" ১৫

পৰৱৰ্তী সময়ত ২০১৪ চনত সূৰজ বৰজাত্যৰ ৰাজশ্ৰী প্ৰডাকচনৰদ্বাৰা নিৰ্মিত তেওঁৰ দ্বিতীয়খন হিন্দী ছবি সম্ৰাট এণ্ড কো. মুক্তি পায়। ছবিখনে সামগ্ৰিকভাৱে অতি ভাল সমালোচনা লাভ কৰিছিল। বলিউডত মাদালছাৰ পুনৰ প্ৰৱেশৰ বাবে সম্ৰাট এণ্ড কো. এক সুন্দৰ মাধ্যম আছিল। ইয়াৰ পিছতে তেলেগু অভিনেতা উদয় কিৰণৰ শেষ ছবি চিত্ৰম চেপ্পিনা কথাত অভিনয় কৰে।১৬ ২০১৪ চনৰ এপ্ৰিল মাহত তেওঁ জনাইছিল যে তেওঁ তিনিটা তেলেগু প্ৰকল্পত কাম কৰি আছে।৭

২০১৭ চনত মাদালছাই ৰিমেশ ৰাজাৰ একক সংগীত আৰু গণেশ আচাৰ্যৰ বিপৰীতে ধোকা শীৰ্ষক মিউজিক ভিডিঅ'ৰ জৰিয়তে ডিজিটেল জগতত আত্মপ্ৰকাশ কৰে।

২০২০ চনত তেওঁ ষ্টাৰ প্লাছৰ অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰত অভিনয় কৰি টেলিভিছনত আত্মপ্ৰকাশ কৰে। ৪ বছৰ ধৰি অভিনয় কৰাৰ পাছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ ধাৰাবাহিকখন ত্যাগ কৰে।১৭

২০২১ চনৰ ডিচেম্বৰ মাহত মাদালছাই দেৱ নেগী আৰু স্বাতি শৰ্মাই গোৱা বাটাৰফ্লাই নামৰ গানটোত নমিত খান্নাৰ বিপৰীতে অভিনয় কৰিছিল।

২০২২ চনৰ মে’ মাহত মাদালছাই অনুপমাৰ প্ৰিকুৱেল ৱেব-চিৰিজ অনুপমা: নমস্তে আমেৰিকাৰ শেষৰটো খণ্ডত কাব্য গান্ধীৰ চৰিত্ৰটো পুনৰ ৰূপায়ণ কৰে।

২০২৩ চনত মাদালছাই সুধাংশু পাণ্ডেৰ একক গীত দিল কি তু জমীনত অভিনয় কৰে।১৮১৯

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শৰ্মাই অনুপমা ধাৰাবাহিকখন ত্যাগ কৰে। তেওঁৰ সহ-অভিনেতা সুধাংশু পাণ্ডেৰ প্ৰস্থানৰ কিছুসময়ৰ পাছতে তেওঁ এই সিদ্ধান্ত লয়, কাৰণ তেওঁৰ চৰিত্ৰ কাব্য ইতিবাচক হৈ পৰাৰ পাছত কাহিনীত তেওঁৰ উপস্থিতি হ্ৰাস পাইছিল।২০

তথ্যসূত্ৰ

  1. ↑ Saxena, Harshita. (26 September 2021). जन्मदिन: टीवी इंडस्ट्री से पहले फिल्मों में भी काम कर चुकी हैं मदालसा शर्मा, ससुर मिथुन चक्रवर्ती के साथ शेयर करती हैं खास बॉन्ड. Amar Ujala
  2. ↑ (11 October 2021). Mithun Chakraborty's Daughter-in-law Madalsa Sharma's Vacation Post Sets Insta on Fire. News18
  3. ↑ (9 January 1974). The Tribune, Chandigarh, India – The Tribune Lifestyle. The Tribune
  4. ↑ (26 June 2021). Rupali Ganguly to Sudhanshu Pandey: Meet Anupamaa actors' real family members; in pics. The Times of India
  5. ↑ P Vasudeva rao. Eyeing young & bubbly roles. The New Indian Express
  6. ↑ (30 April 2014). Cinema Connect. The Indian Express
  7. ↑ (30 April 2014). Cinema Connect. The Indian Express
  8. ↑ (5 July 2018). Mahaakshay Chakraborty to marry Madalsa Sharma on July 7 despite rape FIR. India Today
  9. ↑ (13 January 2009). Comedy, EVV style. The Hindu
  10. ↑ Wire, Sampurn. Madalasa Sharma's Kannada Debut. The New Indian Express
  11. ↑ (8 March 2010). Thambikku Indha Ooru is ridiculous. Rediff.com
  12. ↑ (29 April 2010). 'Thambikku Intha Ooru' has no depth – IBNLive. Ibnlive.in.com
  13. ↑ (12 February 2011). Nowshowing. The Hindu
  14. ↑ (28 June 2012). Maddalasa is on cloud nine. The Times of India
  15. ↑ Mem Vayasuki Vacham movie review: Wallpaper, Story, Trailer at Times of India. The Times of India
  16. ↑ y. sunita chowdhary. (9 March 2014). In Uday's memory. The Hindu
  17. ↑ Madalsa Sharma Chakraborty's small screen debut. The Tribune
  18. ↑ Sudhanshu Pandey to feature in solo single 'Dil Ki Tu Zameen' after almost five years. The Times of India
  19. ↑ Check Out Latest Hindi Video Song 'Dil Ki Tu Zameen' Sung by Sudhanshu Pandey. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ (16 September 2024). Exclusive! Madalsa Sharma quits Anupamaa: I missed the spark the character had. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদালছা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৪০১৪৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।