মাতা কৌশল্যা মন্দিৰ মাতা কৌশল্যা মন্দিৰ হৈছে এক হিন্দু মন্দিৰ। ভগৱান ৰামৰ মাতৃ মাতা কৌশল্যাৰ নামত উৎসৰ্গিত এই মন্দিৰটো আৰু এইটো মাতা কৌশল্যাৰ প্ৰতি সমৰ্পিত পৃথিৱীৰ একমাত্ৰ মন্দিৰ।১ এই মন্দিৰটো ছত্তীসগঢ়ৰ ৰায়পুৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত চান্দখুৰী গাঁৱত অৱস্থিত।২২০২০ চনত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেশ বাঘেলে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ কেইদিনমান আগতে মন্দিৰৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে।৩ মুখ্যমন্ত্ৰীয়ে কৈছিল যে প্ৰাচীন মাতা কৌশল্য মন্দিৰক ইয়াৰ মূল ৰূপ অক্ষুণ্ণ ৰাখি এক সুন্দৰ ৰূপ দিয়া হ'ব
অৱস্থিতি
মন্দিৰটো ছত্তীশগড় ৰাজ্যৰ ৰাজধানী চহৰ ৰায়পুৰৰ পৰা প্ৰায় ২২৪ কিলোমিটাৰৰ পৰা ২৭ কি.মি. দূৰত অৱস্থিত। মন্দিৰটো চাদখুৰী গাঁৱত চাৰিওফালে আৱৰি থকা এটা হ্ৰদৰ মাজত অৱস্থিত। মন্দিৰটো হনুমান পুল নামৰ দলংখনত খোজ কাঢ়ি প্ৰৱেশ কৰা হয় য'ত হনুমানৰ এটা মূৰ্তি আছে।
বৰ্ণনা
মন্দিৰটোত মাতা কৌশল্যাৰ মূৰ্তি আছে আৰু মাতৃয়ে ভগৱান শ্ৰীৰামক কোলাত ধৰি আছে। মন্দিৰটো অষ্টম শতিকাত নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হয়। মন্দিৰটো বহুবাৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু পুনৰ নিৰ্মাণ কৰা হৈছিল। ১৯৭৩ চনত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয়।৫
ৰামৰ বনবাসৰ গমন পথ
ছত্তীসগঢ় আৰু ভগৱান ৰামৰ মাজৰ সম্পৰ্ক গভীৰ। কিয়নো ছত্তীসগঢ় ছত্তীশগড় হৈছে ভগৱান ৰামৰ মাতৃগৃহ তথা কৌশল্যাৰ জন্মস্থান। কোৱা হয় যে, তেওঁৰ নিৰ্বাসনৰ সময়ত তথা বনবাসৰ সময়ত তেওঁ এই প্ৰদেশৰ অৰণ্যত যথেষ্ট সময় অতিবাহিত কৰিছিল যাক আগতে দণ্ডকাৰণ্য বুলি জনা গৈছিল।৬ৰাজ্যখনৰ মহান পৌৰাণিক তাৎপৰ্যৰ ব প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে 'ৰাম বন গমন পথ' নামৰ দৃষ্টান্তমূলক প্ৰকল্পটো আৰম্ভ কৰে। এইটো এটা পৰ্যটনৰ লক্ষ্য যাৰ উদ্দেশ্য হৈছে শ্ৰী ৰামে নিৰ্বাসনৰ সময়ত ৰৈ থকা সকলো ঠাইক সংযোগ কৰা। চান্দখুৰীৰ মাতা কৌশল্য মন্দিৰ হৈছে প্ৰথম স্থান য'ত ২০২১ চনৰ অক্টোবৰত উন্নয়নৰ কাম আৰম্ভ কৰা হৈছিল। এই মন্দিৰটো পুনৰুদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ মৌলিকতা অক্ষুণ্ণ ৰাখিছে।৭
তথ্যসূত্ৰ
- ↑ Ejaz Kaiser. (16 August 2020). RSS chief Mohan Bhagwat ignored birthplace of Kaushalya: Congress. New Indian Express
- ↑ (15 August 2020). Chhattisgarh CM Bhupesh Baghel announces fund for donations for Ram Van Gaman Path
- ↑ (30 July 2020). Chhattisgarh CM says construction of temple for Ram's mother will begin in August third week His announcement came ahead of the foundation stone-laying ceremony for the Ram temple in Uttar Pradesh's Ayodhya city on August 5. Scroll
- ↑ www.financialexpress.com/lifestyle/travel-touris
- ↑ (5 August 2020). Congress govt in Chhattisgarh to spend Rs 15 crore to develop temple dedicated to Lord Ram's mother Kaushalya. Financial Express
- ↑ छत्तीसगढ़ ज्ञान: माता कौशल्या का मंदिर, चंदखुरी - Chandkhuri kaushalya temple. छत्तीसगढ़ ज्ञान
- ↑ (8 October 2021). Chhattisgarh CM inaugurates renovated Chandkhuri Mata Kaushalya temple. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতা কৌশল্যা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৬১১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।