মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।১
কেৰিয়াৰ
স্কুলীয়া দিনৰেপৰা তেওঁ বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনত ২০ বছৰ বয়সত তেওঁ প্ৰথমবাৰ আনুষ্ঠানিক ট্ৰায়েথলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনৰপৰা তেওঁ একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন হৈ ৰয়। ২০০৯ চনৰপৰা তেওঁ উন্নত প্ৰশিক্ষণৰ কাৰণে বেংগালুৰুত থাকিবলৈ লয়। ২০১২চনৰ ৰাষ্ট্ৰীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপতো তেওঁ পদক অৰ্জন কৰে। ২০১৩ চনত দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।১২ তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হ'ল ১০কে শিতানত ৩৭ আৰু হাফ মাৰাথন শিতানত ১:২৭:২৬ (কাবেৰী ট্ৰেইল মাৰাথন)৩। তেওঁ বৰ্তমান ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে।
পদক
২০১৩
২০১২
- ৰাষ্ট্ৰীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপ - দ্বিতীয় স্থান (দলীয়), তৃতীয় স্থান (ব্যক্তিগত)
- কাবেৰী ট্ৰেইল মাৰাথন - দ্বিতীয় স্থান
- হাইদৰাবাদ অ'পেন ট্ৰায়েথলন - প্ৰথম স্থান
- চেন্নাই অ'পেন ট্ৰায়েথলন - প্ৰথম স্থান
- বেংগালুৰু আলট্ৰা ২৫ কি.মি. দৌৰ - প্ৰথম স্থান
২০০০-২০০৯
- একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (১ এপ্ৰিল ২০১৩). India win two medals at South Asian Triathlon Championship
- ↑ (১১ জুন ২০১৩). Interview with Triathlon athlete Madhurjya Borah: “Sports prepare you for life”. Sports keeda
- ↑ MADHURJYA BORAH. Life is Calling
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰ্য বৰা” প্ৰবন্ধৰ সংশোধন ৩৮২৫৬৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।