জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মনিক আলেকজেণ্ডাৰ
মনিক আলেকজেণ্ডাৰ (ইংৰাজী: Monique Alexander) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, নগ্ন মডেল আৰু ২০১৭ চনৰ এভিএন (AVN) হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ব্যক্তি। আলেকজেণ্ডাৰ বাক-স্বাধীনতা আৰু যৌন শিক্ষাৰ এগৰাকী পোষকতা কৰা ব্যক্তি হিচাপেও পৰিচিত।
-
মনিকা আমেকোৱাফিয়া
মনিকা আমেকোৱাফিয়া (৩০ জুন ১৯৩৪ – ২৪ জুন ১৯৯০) এগৰাকী ঘানীয় মহিলা আৰু ১৯৫৭ চনত ট্ৰেন্স-ভল্টা টোগোলেণ্ডক প্ৰতিনিধিত্ব কৰি অনুষ্ঠিত হোৱা প্ৰথম সংস্কৰণৰ মিছ ঘানা প্ৰতিযোগিতাৰ বিজয়ী আছিল। তেওঁ ৯ নম্বৰ প্ৰতিযোগী আছিল। তেওঁৰ এই নম্বৰটোৰ বাবেই ভল্টা অঞ্চলৰ লোকসকলক নম্বৰ ৯ বুলি কোৱা হয়।
-
মনিকা কপিল মোহতা
মনিকা কপিল মোহতা (: Monika Kapil Mohta হিন্দী: मोनिका कपिल मोहता, জন্ম ১৯ জানুৱাৰী ১৯৬২) ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী কূটনীতিবিদ, যিয়ে ২০২০ চনৰ আগষ্ট মাহৰ পৰা ছুইজাৰলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বৈদেশিক বিষয়ক মন্ত্ৰণালয় (MEA) ত সচিব পদৰ অধিকাৰী হৈ সেৱা আগবঢ়াইছিল।
-
মনিকা ক্ৰুজ
মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মনিকা ৰাডুলোভিচ
মনিকা ৰাডুলোভিচ (ইংৰাজী: Monika Radulovic; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৫ৰ মুকুট লাভ কৰিছিল।
-
মনিৰ খান
মনিৰ খান( Monir Khan) এগৰাকী বাংলাদেশী গায়ক। তেওঁৰ সংগীত জীৱনত তেওঁ ৪২টা একক এলবাম আৰু ৩০০ৰো অধিক দ্বৈত আৰু মিশ্ৰিত এলবাম মুকলি কৰিছে। প্ৰেমৰ তাজমহল (২০০১), লাল দোৰিয়া (২০০২) আৰু দুই নয়নেৰ আলো (২০০৫) ছবিত নেপথ্য সংগীত পৰিৱেশন কৰি তেওঁ তিনিবাৰকৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়ক হিচাপে বাংলাদেশৰ…
-
মনিৰ হাইদাৰ
মনিৰ হাইদাৰ এজন বাংলাদেশী সংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। তেওঁ বৰ্তমানে মুহাম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৰ্বৰ্তীকালীন বাংলাদেশ চৰকাৰত জ্যেষ্ঠ সচিবৰ পদমৰ্য্যাদা লৈ প্ৰধান উপদেষ্টাৰ বিশেষ সহায়ক হিচাপে কৰ্মৰত আছে।
-
মনীষা কল্যাণ
মনীষা কল্যাণ (জন্ম ২৭ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে গ্ৰীক এ ডিভিজন ক্লাব পিএঅ'কে আৰু ভাৰতীয় মহিলা জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে। ২০২০–২১ চনৰ এআইএফএফৰ বছৰৰ উদীয়মান ফুটবলাৰ আৰু ২০২২–২৩ চনৰ এআইএফএফৰ বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰে।
-
মনু লিম্বু
মনু লিম্বু (ইংৰাজী: Manu Limbu; জন্ম: ১৬ মাৰ্চ ১৯৮৪) নেপাল সংগীত উদ্যোগৰ এগৰাকী লোক-গায়িকা। তেওঁ ২০১০ চনত বছৰৰ শ্ৰেষ্ঠ গায়িকা বঁটা আৰু ২০১৬ চনত দ্বিতীয় নেচনেল কেপিটেল এৱাৰ্ড লাভ কৰিছে।
-
মনোজ কুমাৰ দাস
মনোজ কুমাৰ দাস (জন্ম ২১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।
-
মনোজ বসু
মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
মনোৰমা জাফা
মনোৰমা জাফা ১০০ খনতকৈও অধিক শিশু উপযোগী গ্ৰন্থৰ লগতে প্ৰাপ্তবয়স্কৰ বাবে নাৰীবাদী উপন্যাস আৰু শিশু সাহিত্যৰ ওপৰত শৈক্ষিক গৱেষণা আৰু লেখাৰ ভাৰতীয় লেখিকা।
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।
-
মন্দানা কৰিমী
মন্দানা কৰিমী (ফাৰ্চী: ماندانا کریمی; জন্ম: মনিজহে কৰিমী, ১৯ মে' ১৯৮৮) হৈছে ভাৰতত কৰ্মৰত এগৰাকী ইৰানী অভিনেত্ৰী আৰু মডেল। সমগ্ৰ বিশ্বতে কেইবাটাও সফল মডেলিং প্ৰকল্পত কাম কৰাৰ পিছত, তেওঁ বলীউডৰ চলচ্চিত্ৰ ভাগ জেনীত মুখ্য চৰিত্ৰত অভিনয় কৰে।
-
মন্নত কাশ্যপ
মন্নত কাশ্যপ (ইংৰাজী: Mannat Kashyap; জন্ম: ১৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে আৰু ঘৰুৱা ক্ৰিকেটত গুজৰাট জায়াণ্টছ আৰু নৰ্থ জ'ন দলৰ হৈ খেলি আহিছে।
-
মমতা বিনানী
মমতা বিনানী (Mamta Binani) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ ২০১৬ চনৰ বাবে ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠানৰ (আইচিএছআই) ৰাষ্ট্ৰীয় ভূতপূৰ্ব সভানেত্ৰী হিচাপে আৰু মমতা বিনানী এণ্ড এছ’চিয়েটছৰ জ্যেষ্ঠ অংশীদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
-
মমতা ৰঘুবীৰ অচন্ত
মমতা ৰঘুবীৰ অচন্ত (জন্ম: ১৯ ডিচেম্বৰ ১৯৬৭) এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ৱাৰংগল জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে, আৰু থাৰুনিৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক হিচাপে, এটা বেচৰকাৰী সংস্থা (NGO)…
-
মমতাজ সংঘমিতা
মমতাজ সংঘমিতা (Mamtaz Sanghamita) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ পশ্চিমবংগৰ বৰধমন-দুৰ্গাপুৰ (লোকসভা সমষ্টি)ৰ পৰা ষোড়শ লোকসভাৰ সংসদ সদস্য আছিল। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
ময়ংক চক্ৰৱৰ্তী
ময়ংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন আৰু ভাৰতৰ ৯৪তম দবা গ্ৰেণ্ডমাষ্টাৰ হয়।
-
মল কিং
মল কিং আছিল ১৭ শতিকাৰ লণ্ডনৰ এগৰাকী অপৰাধী।
-
মলি কিলি
মলি ম'ড কিলি ( Molly Maud Kiely; জন্ম: ১০ অক্টোবৰ, ১৯৬৯) এগৰাকী কানাডিয়ান-আমেৰিকান কাৰ্টুনকাৰ যি ইৰ'টিকাৰ বাবে বেছিকৈ পৰিচিত। তেওঁৰ কাম ফেণ্টাগ্ৰাফিকছ/ইৰ'ছ কমিক্সৰ দ্বাৰা প্ৰকাশিত আৰু ই জেছ ফিংকৰ দৰে আন শিল্পীকো প্ৰভাৱিত কৰিছে।
-
মল্লিকা দুৱা
মল্লিকা দুৱা (জন্ম ১৮ জুলাই ১৯৮৯) এগৰাকী ভাৰতীয় কৌতুকাভিনেত্ৰী, অভিনেত্ৰী আৰু লেখিকা। শিট পিপল ছে: সৰোজিনী নগৰ এডিশ্বন নামৰ ভাইৰেল ভিডিঅ’টোৰ জৰিয়তে তেওঁ বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে। ভিডিঅ’টো তেওঁ নিজে লিখি, ৰূপায়ণ কৰি আৰু অভিনয় কৰিছিল। তেওঁ পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সাংবাদিক বিনোদ দুৱাৰ কন্যা।
-
মল্লিকা বদ্ৰিনাথ
মল্লিকা বদ্ৰিনাথ: Mallika Badrinath এগৰাকী ভাৰতীয় খাদ্য লেখিকা, চেফ, ৰন্ধন গ্ৰন্থ লেখিকা আৰু ৰন্ধন অনুষ্ঠানৰ আয়োজক। ইংৰাজী ভাষাৰ ২৯খন ৰন্ধন গ্ৰন্থ আৰু তামিল ভাষাৰ ৩০খন কিতাপৰ লেখিকা, য’ত একেলগে ৪ হাজাৰৰো অধিক ৰেচিপি আছে। তেওঁৰ কিছুমান গ্ৰন্থ তেলেগু, কানাড়া আৰু হিন্দীলৈ অনুবাদ কৰা হৈছে।
-
মল্লিকা শ্ৰীনিবাসন
মল্লিকা শ্ৰীনিবাসন (:Mallika Srinivasan জন্ম ১৯ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ১৯৬০ চনত ভাৰতৰ চেন্নাইত প্ৰতিষ্ঠা হোৱা ট্ৰেক্টৰ মেজৰ ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক।
-
মহচেন য়াজদানী
মহচেন য়াজদানী (ফাৰ্চী: محسن یزدانی; জন্ম ১ আগষ্ট ১৯৬৯) হৈছে এগৰাকী ইৰানী বডিবিল্ডিং চেম্পিয়ন। তেওঁ ১৯৯৯ চনত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ইৰানী বডিবিল্ডাৰ আছিল আৰু একে বছৰতে তেওঁ আন্তঃৰাষ্ট্ৰীয় বডিবিল্ডিং আৰু ফিটনেছ ফেডাৰেচনৰপৰা বছৰটোৰ আটাইতকৈ উন্নত বডিবিল্ডাৰৰ বঁটাও লাভ…
-
মহচেন য়েগানেহ
মহচেন য়েগানেহ (ফাৰ্চী: محسن یگانه; জন্ম ১৩ মে', ১৯৮৫) এজন ইৰানী কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত ব্যৱস্থাপক, সংগীতজ্ঞ আৰু সংগীত প্ৰযোজক। তেওঁ আন কেইবাজনো শিল্পীৰ বাবেও গান লিখিছে, সুৰ দিছে আৰু সংগীত ব্যৱস্থাপনা কৰিছে, যাৰ ভিতৰত মহম্মদ এছফাহানী, আয়ছেগুল কচকুন আৰু আলি লোহৰাছবি অন্যতম।
-
মহছিন নকৱী
ছৈয়দ মহছিন ৰজা নকৱী (; জন্ম: ২৮ অক্টোবৰ ১৯৭৮) এজন পাকিস্তানী ৰাজনীতিবিদ আৰু গণমাধ্যম উদ্যোগপতি যিয়ে মাৰ্চ ২০২৪ৰ পৰা পাকিস্তান চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু নাৰ্ক’টিক্স নিয়ন্ত্ৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে, আৰু ফেব্ৰুৱাৰী ২০২৪ৰ পৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ হিচাপেও দায়িত্ব…
-
মহনাজ আফশ্বাৰ
মহনাজ আফশ্বাৰ (ফাৰ্চী: مهناز افشار; জন্ম: ১০ জুন, ১৯৭৭) এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা জাৰ্মান অভিনেত্ৰী। ১৯৯৮ চনত গোমশ্বোদেহ নামৰ দূৰদৰ্শন ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ সূচনা কৰে আৰু তাৰ পিছৰ বছৰত দুস্তান নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে চিনেমা জগতত প্ৰৱেশ কৰে।
-
মহম্মদ বাহৰানী
মহম্মদ বাহৰানী (ফাৰ্চী: محمد بحرانی; জন্ম ১১ ছেপ্টেম্বৰ, ১৯৮১) এজন ইৰানী কণ্ঠ অভিনেতা, পুত্ৰ নাচনী (পাপেটিয়াৰ), অভিনেতা, পৰিচালক, উপস্থাপনকাৰী আৰু কবি।
-
মহম্মদ ৰেজা আচলানী
মহম্মদ ৰেজা আচলানী (ফাৰ্চী:محمدرضا اصلانی; জন্ম: ৯ ডিচেম্বৰ ১৯৪৩) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, কলা তত্ত্ববিদ, গ্ৰাফিক ডিজাইনাৰ আৰু কবি। তেওঁ মূলতঃ তেওঁৰ পৰীক্ষামূলক চলচ্চিত্ৰ আৰু তথ্যচিত্ৰসমূহৰ বাবে জনাজাত।