অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মানসী অগ্ৰৱাল

মানসী অগ্ৰৱাল ( Mansi Aggarwal; জন্ম: ১০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা, প্ৰযোজক আৰু নৃত্য পৰিচালক, যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চলচ্চিত্ৰ ৰচনা, পৰিচালনা, চলচ্চিত্ৰ নিৰ্মাণ আৰু কৰিঅ’গ্ৰাফী কৰিছে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মানসী অগ্ৰৱাল ( Mansi Aggarwal; জন্ম: ১০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা, প্ৰযোজক আৰু নৃত্য পৰিচালক, যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চলচ্চিত্ৰ ৰচনা, পৰিচালনা, চলচ্চিত্ৰ নিৰ্মাণ আৰু কৰিঅ’গ্ৰাফী কৰিছে।১২ অভিনেতা ইমৰাণ হাছমীয়ে অভিনয় কৰা চাংহাই ছবিখনৰ ‘ভাৰত মাতা কি জয়’ গীতটোৰ কৰিঅ’গ্ৰাফীৰ বাবেই তেওঁ বেছিকৈ পৰিচিত।৩ পথ প্ৰদৰ্শনকাৰী অভিনয় শিল্পী - প্ৰিয়ংকা চোপ্ৰাৰ মেৰী কম, ৰাজকুমাৰ ৰাওৰ কাই পো চে, আৰু অভয় দেওলৰ দেৱ ডিত কাম কৰিছে।৪

অভিনেতা ইমৰাণ হাছমীয়ে অভিনয় কৰা চাংহাইৰ ‘ভাৰত মাতা কি জয়’ গীতটিৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। ইয়ংগিষ্টান ছবিখনৰ ‘শুনো না সংগমৰমৰ’ গীতটোও ষ্টাৰডাষ্ট আৰু ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।৫

নাইকা, বীবা, জণ্ডু বাম আদি ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপনৰ কোৰিঅ’গ্ৰাফীও কৰি আহিছে। বিশিষ্ট আলোচনী ফেমিনাত আটাইতকৈ কম বয়সীয়া কৰিঅ’গ্ৰাফাৰ হিচাপে প্ৰকাশ পাইছে।৬ ২০১৮ চনত তেওঁৰ প্ৰথমখন চুটি ছবি দ্য হেণ্ডবেগ ৰ জৰিয়তে লেখক-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, যিখন ছবি 'হামাৰা মুভী' ইউটিউব চেনেলত৭ পোষ্ট কৰা হৈছিল। তেওঁৰ দ্বিতীয়খন ছবি ৰাণী লণ্ডনৰ লিফ্ট অফ গ্ল’বেল নেটৱৰ্কছৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে দাৰভাংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল। গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চূড়ান্ত প্ৰতিযোগী হোৱাৰ লগতে ছবিখনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। বৰ্তমান ৰাণী ডিজনী হটষ্টাৰত উপলব্ধ। দ্য হেণ্ডবেগ আৰু ৰাণী য়ি ইয়াং ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল।৮

তথ্যসূত্ৰ

  1. ↑ The Handbag · Mansi Aggarwal · Director
  2. ↑ Bollywood Director Mansi Aggarwal Biography, News, Photos, Videos. nettv4u
  3. ↑ (19 May 2012). Dance is now a viable career option: Mansi Agarwal. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (19 May 2012). Changing Tune. ইণ্ডিয়া টুডে
  5. ↑ Bollywood Director Mansi Aggarwal Biography, News, Photos, Videos. nettv4u
  6. ↑ admin. (2017-09-02). Mansi Aggarwal. Marathisanmaan
  7. ↑ The Handbag · Short Film · Directed by Mansi Aggarwal
  8. ↑ With Yin Yang Films (Sorted by Popularity Ascending). IMDb

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কৰিঅ'গ্ৰাফাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসী অগ্ৰৱাল” প্ৰবন্ধৰ সংশোধন ৫০৮২৬৪ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।