মানস্বী মমগাই এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী।১ তেওঁ মিছ ইণ্ডিয়া টুৰিজিম ইণ্টাৰনেচনেল, মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০০৮ আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১০ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১০-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০১৬ চনত তেওঁ ৰিপাব্লিকান হিন্দু কোৱালিচনৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হয়।২ তেওঁ ২০২৩ চনৰ ভাৰতীয় ৰিয়েলিটী টিভি শ্ব' বিগ বছ ১৭-ৰ এগৰাকী প্ৰতিযোগী আছিল।
প্ৰাৰম্ভিক জীৱন
মমগাইৰ জন্ম হৈছিল দিল্লীত আৰু তেওঁ চণ্ডীগড়ত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাতৃ প্ৰভা আছিল উত্তৰাখণ্ডৰ।৩
পোন্ধৰ বছৰ বয়সৰ ভিতৰতে তেওঁ নৃত্য, সংগীত আৰু স্কেটিং প্ৰতিযোগিতাত প্ৰায় ৫০টা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।৪
সৌন্দৰ্য প্ৰতিযোগিতা আৰু মডেলিং
মমগায়ে ২০০৬ চনত 'ইলিট মডেল লুক ইণ্ডিয়া' খিতাপ অৰ্জন কৰিছিল, 'ইণ্ডিয়া ফেশ্বন উইক'ত আত্মপ্ৰকাশ কৰিছিল আৰু ২০০৮ চনত 'মিছ টুৰিজিম ইণ্টাৰনেচনেল' জয় কৰিছিল।৫ তেওঁক ২০১০ চনৰ 'ফেমিনা মিছ ইণ্ডিয়া' হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু চীনত অনুষ্ঠিত ২০১০ চনৰ 'মিছ ৱৰ্ল্ড' সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০১০ চনৰ মিছ ৱৰ্ল্ডৰ ফাইনেলত 'ডান্স অফ দ্য ৱৰ্ল্ড' শাখাৰ শীৰ্ষ আঠগৰাকী প্ৰতিযোগীৰ ভিতৰত তেওঁ স্থান লাভ কৰিছিল।৬ তেতিয়াৰেপৰা তেওঁ ভাৰতীয় ডিজাইনাৰসকলৰ বাবে মডেলিং কৰাৰ লগতে বিভিন্ন বিজ্ঞাপনৰ বাবে কাম কৰিছে। ইয়াৰ ভিতৰত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী যেনে ভৌগ, এলি, ফেমিনা, ভাৰ্ভ, কাচম’পলিটান, নিউ ফেচ আৰু কোড অফ ষ্টাইল আদি উল্লেখযোগ্য।৭
চলচ্চিত্ৰ আৰু টেলিভিছন

মমগাই মুম্বাইৰ অনুপম খেৰৰ অভিনয় বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।৮ ২০১২ চনত তেওঁ লিম্বো নামৰ এখন নাটকৰ অংশ আছিল, যিখনে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।৯ এই নাটকখন মুম্বাইৰ পৃথ্বী থিয়েটাৰত প্ৰদৰ্শিত হোৱাৰ লগতে পেৰিছতো ইয়াৰ প্ৰদৰ্শনী হৈছিল।১০ একে বছৰতে তেওঁ দ্য ৱৰ্ল্ড বিফোৰ হাৰ নামৰ তথ্যচিত্ৰখনত ভূমুকি মাৰিছিল।
২০১৪ চনত তেওঁ প্ৰভু দেৱাৰ পৰিচালনাত ইৰ’ছ ইণ্টাৰনেচনেলৰ ছবি অ্যাকচন জেকচন-ত অজয় দেৱগনৰ বিপৰীতে মেৰিনা নামৰ খলনায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। মমগায়ে ছবিখনৰ আন অভিনেতা-অভিনেত্ৰীসকলৰ সৈতে ভাৰতীয় কমেডী শ্ব' কমেডী নাইটছ উইথ কপিল-ত অংশগ্ৰহণ কৰিছিল। ২০১৫ চনত তেওঁ ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছিল আৰু তাত তেওঁ এজন উপস্থাপক হিচাপেও আছিল। ২০২০ চনত তেওঁ আমেৰিকান আৰ এণ্ড বি (R&B) যুটী 'দ্য মুনলাইট'-ৰ "য়াদেঁ" আৰু দালিৰ মেহেন্দীৰ "দম বা দম" শীৰ্ষক মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল।১১
মমগাই বৰ্তমান লছ এঞ্জেলছত বসবাস কৰে আৰু তাত অভিনয় তথা প্ৰযোজনাৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিছে।১২ শেহতীয়াকৈ তেওঁ আমেৰিকান গেম শ্ব' দ্য প্ৰাইচ ইজ ৰাইট-ত বিজয়ী হৈছিল।১৩
২০২৩ চনত তেওঁ ডিজনি+ হটষ্টাৰৰ ধাৰাবাহিক দ্য ট্ৰায়েল-ত জুহি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০২৩ চনৰ অক্টোবৰত ৰিয়েলিটী গেম শ্ব' বিগ বছ ১৭-ত এগৰাকী ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে প্ৰৱেশ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Manasvi. Manasvi. Manasvi
- ↑ Manasvi. Republican Hindu Coalition
- ↑ About Uttarakhand
- ↑ Leading life with Rhythm, Chandigarh Tribune
- ↑ Hall of Fame. Miss Tourism International
- ↑ MISS WORLD 2010
- ↑ Manasvi. Manasvi. Manasvi
- ↑ (19 February 2011). Anupam Kher's Actor Prepares celebrates 6th. Anniversary. Businessofcinema.com
- ↑ LIMBO play review, English play review - www.MumbaiTheatreGuide.com. mumbaitheatreguide.com
- ↑ Sidhaye, Archana. Manish Gandhi's Play 'Limbo' Climbs the Steps of International Success. india.com
- ↑ Ishq Nachave · Official Video Song · Daler Mehndi · Eros Now Music
- ↑ Manasvi. Manasvi. Manasvi
- ↑ "The World Before Her: Miss India or Miss Militant". The Globe and Mail, November 9, 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানস্বী মমগাই” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৭০ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।