জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাফিকা গ্ৱালা
মাফিকা পাস্কেল গ্ৱালা (৫ অক্টোবৰ ১৯৪৬ – ৫ ছেপ্টেম্বৰ ২০১৪) এজন সমকালীন দক্ষিণ আফ্ৰিকাৰ কবি আৰু সম্পাদক আছিল, যিয়ে ইংৰাজী আৰু জুলু ভাষাত লিখা-মেলা কৰিছিল।
-
মামক খাদেম
মামক খাদেম হৈছে এগৰাকী ইৰানী-আমেৰিকান ৱৰ্ল্ড ট্ৰান্স মিউজিকৰ গায়িকা। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী। চান্দ্ৰা হিউজেছে তেওঁক "এগৰাকী যাযাবৰী যিয়ে নিজৰ শিল্পক সাংস্কৃতিক পৰম্পৰাক সংযোগ কৰিবলৈ ব্যৱহাৰ কৰে" বুলি অভিহিত কৰিছে।
-
মামণি গগৈ বৰগোহাঁই
মামণি গগৈ বৰগোহাঁই (Mamoni Gogoi Borgohain) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক আৰু অনুবাদক। এতিয়ালৈকে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তেখেতৰ ৭ খন মৌলিক গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে ৬ খন অনুবাদমূলক গ্ৰন্থও প্ৰকাশ পায়।
-
মামা ফেষ্টিভেলছ
মামা ফেষ্টিভেলছ (MAMA Festivals) হৈছে এক পোনপটীয়া সংগীত আৰু বিনোদন কোম্পানী, যি যুক্তৰাজ্যৰ কেইবাটাও সংগীত অনুষ্ঠানৰ স্থান (ভেন্যু) আৰু উৎসৱৰ গৰাকী তথা পৰিচালক। ২০০৫ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৱে ইংলেণ্ডৰ বিভিন্ন স্থানত নিজৰ পৰিসৰ সম্প্ৰসাৰণ কৰি আন বহুতো ভেন্যু-হোল্ডিং কোম্পানী অধিগ্ৰহণ কৰিছে।
-
মামুনুল হক
মামুনুল হক ( Mamunul Haque, জন্ম: নৱেম্বৰ ১৯৭৩) এগৰাকী বাংলাদেশী দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক, সম্পাদক আৰু সমাজ সংস্কাৰক। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ প্ৰাক্তন যুটীয়া মহাসচিব, বাংলাদেশৰ খেলাফাত মজলিছৰ মহাসচিব, জামিয়া ৰহমানিয়া আৰব ঢাকাৰ শ্বেইখ আল-হাদীছ, বাবৰি মছজিদ…
-
মায়ন্তী লেংগাৰ
মায়ন্তী লেংগাৰ (Mayanti Langer; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, পৰিৱেশক আৰু সম্প্ৰচাৰক৷ তেওঁ প্ৰধানকৈ ষ্টাৰ ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলৰ লগত জড়িত।
-
মায়া চৌধুৰী
মায়া চৌধুৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মণিপুৰী চলচ্চিত্ৰত অভিনয় কৰে। ২০২৪ চনৰ চলচ্চিত্ৰ ওনেনেছত আন্না মাৰ্টিনৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ ২০২৫ চনত অনুষ্ঠিত ১৭তম মণিপুৰ ৰাজ্য চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী বঁটা লাভ কৰে, যি তেওঁৰ কেৰিয়াৰৰ প্ৰথম বঁটা।
-
মায়া বিশ্বকৰ্মা
মায়া বিশ্বকৰ্মা( জন্ম ১৩ অক্টোবৰ, ১৯৮২ চন) মধ্যপ্ৰদেশৰ গ্ৰাম্য আৰু জনজাতীয় অঞ্চলত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতাৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু উদ্যোগী।
-
মায়াংক চক্ৰৱৰ্তী
মায়াংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম তথা উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪তম গ্ৰেণ্ডমাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰে।
-
মায়িলাম্মা
মায়িলাম্মা (ইংৰাজী: Mayilamma) থলুৱা জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী সমাজ সেৱক। তেওঁ কেৰেলাৰ পালাক্কাডৰ প্লাচিমাডাত কোকা কোলা কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল৷ তেওঁক আউটলুক আলোচনীৰ তৰফৰ পৰা স্পিক আউট বঁটা (Speak Out award) আৰু স্ত্ৰী শক্তি বঁটা (Sthree Shakthi Award) প্ৰদান কৰা হৈছিল।
-
মায়ে জুডিথ
মায়ে জুডিথ (মৃত্যু ১৯৪০) আছিল এগৰাকী পশ্চিম আফ্ৰিকীয় দাসী যাক ব্ৰাজিললৈ লৈ যোৱা হৈছিল। ব্ৰাজিলত তেওঁ এগৰাকী মায়ে-ডি-চেণ্টো (ধৰ্মীয় যাজিকা) হৈ পৰে আৰু আফ্ৰো-ব্ৰাজিলিয়ান ধৰ্ম 'কেণ্ডম্বলে'ৰ সৈতে জড়িত হয়।
-
মালতী বেডেকৰ
মালতী বিশ্ৰাম বেডেকৰ (; Malati Vishram Bedekar; জন্ম:১৮ মাৰ্চ, ১৯০৫- মৃত্যু:৭ মে’ ২০০১) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী লেখক। মাৰাঠী সাহিত্যৰ তেওঁ প্ৰথমগৰাকী বিশিষ্ট নাৰীবাদী লেখক। তেওঁ বিভাৱৰী শিৰুৰকাৰ ছদ্মনামতো লিখে।
-
মালতী মুৰ্মু
মালতী মুৰ্মু (ইংৰাজী: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত।
-
মালবিকা চুব্বা
মালবিকা ৱানেম চুব্বা (লিম্বু) (নেপালী: माल्बिका वनेम सुब्बा (लिम्बु)) এগৰাকী নেপালী টেলিভিছন ব্যক্তিত্ব, উদ্যোক্তা, মডেল, সামাজিক কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০২ চনৰ মিছ নেপালৰ মুকুট লাভ কৰিছিল।
-
মালবিকা সভাৰৱাল
ডাঃ মালবিকা সভাৰৱাল (Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।
-
মালবিকা ৱেলছ
মালবিকা ৱেলছ (Malavika Wales) হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী। মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে 'মালাড়ভাড়ী আৰ্টছ ক্লাব'ৰ জৰিয়তে।
-
মালা সেন
মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ…
-
মালা ৰয়
মালা ৰয় (জন্ম সৰকাৰ; জন্ম ১৯ নৱেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৯ চনৰ পৰা কলিকতা দক্ষিণৰ লোকসভাৰ সদস্য। তেওঁ ২০১৫ চনৰ পৰা কলকাতা পৌৰ নিগমৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।
-
মালা ৰাও
মালা ৰাও (Mala Rao) চিবিই এগৰাকী ব্ৰিটিছ ভাৰতীয় চিকিৎসক যিগৰাকী ইম্পেৰিয়েল কলেজ লণ্ডনৰ প্ৰাথমিক চিকিৎসা বিভাগৰ জ্যেষ্ঠ ক্লিনিকেল ফেলো। তেওঁ এন এইচ এছ ইংলেণ্ডৰ চিকিৎসা উপদেষ্টা আৰু ৱাটাৰএইডৰ ভাইচ চেয়াৰ হিচাপে কাম কৰিছিল।
-
মালা ৰাজ
মালা ৰাজ (Mala Raj) তামিলনাডুৰ চেন্নাইৰ এগৰাকী ভাৰতীয় প্ৰসূতি, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু লেপাৰ'স্কপিক শল্যচিকিৎসক। ২০ বছৰৰো অধিক অভিজ্ঞতাৰে তেওঁ লেপাৰ'স্কপিক পদ্ধতিৰ কামৰ বাবে পৰিচিত, য'ত হিষ্টেৰেকটমী, মাই'মেক্টমী আৰু বন্ধ্যাত্ব ব্যৱস্থাপনা আদি অন্তৰ্ভুক্ত।তেওঁৰ জড়িত হোৱা কামৰ ভিতৰত আছে জটিল আৰু…
-
মালাইকা অৰোৰা
মালাইকা অৰোৰা (ইংৰাজী: Malaika Arora; জন্ম: ২৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিডিঅ' জকী আৰু দূৰদৰ্শন ব্যক্তিত্ব যিয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ ২০০৮ চনত তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
মালিকা-ই-জাহান
মালিকা-ই-জাহান ("বিশ্বৰ ৰাণী") আছিল চুলতান আলাউদ্দিন খালজীৰ প্ৰথম আৰু মুখ্য পত্নী,মালিকা-ই-জাহান দিল্লী চুলতান ৰাজ্য শাসন কৰা খিলজী বংশৰ আটাইতকৈ শক্তিশালী শাসক। আলাউদ্দিনৰ পূৰ্বপুৰুষ আৰু পিতৃৰফালৰপৰা ককাক খিলজী বংশৰ প্ৰতিষ্ঠাপক চুলতান জালালুদ্দিন খিলজীৰ কন্যা।
-
মালিনী ৰাজুৰকাৰ
মালিনী ৰাজুৰকাৰ (: Malini Rajurkar; ৮ জানুৱাৰী ১৯৪১ – ৬ ছেপ্টেম্বৰ ২০২৩) গোৱালিয়ৰ ঘৰাণৰ এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় সংগীত গায়িকা।
-
মালিয়া ভিলাৰ্ড-এপলন
মালিয়া ভিলাৰ্ড-এপ’লন (Malya Villard-Appolon) হৈছে মহিলাৰ অধিকাৰ আৰু ঘৰুৱা হিংসা প্ৰতিৰোধৰ দিশত কৰ্মৰত হাইটিৰ এগৰাকী কৰ্মী। তেওঁ হাইটিৰ মহিলাকেন্দ্ৰিক হিংসাৰ বলি হোৱা লোকসকলক সেৱা আগবঢ়োৱা সংস্থা কমিছন অৱ ৱমেন ভিক্টিমছ ফৰ ভিক্টিম (KOFAVIV)ৰ সহ-প্ৰতিষ্ঠাপক।
-
মাল্গাডি শুভ
মাল্গাডি শুভ (জন্ম ১৭ অক্টোবৰ ১৯৬৫; মালগুডি শুভ নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা। তেওঁ কন্নড়, তামিল, তেলুগু, মালায়ালম আৰু হিন্দী ভাষাত গীত ৰেকৰ্ড কৰিছে। দুটা দশক ধৰি চলি অহা তেওঁৰ সংগীত যাত্ৰাত, তেওঁ ৩০০০তকৈ অধিক গীত গাইছে।
-
মালৱল্লী মহাদেৱস্বামী
কৃষ্ণপুৰা মদৈয়া মহাদেৱস্বামী (মালৱল্লী মহাদেৱস্বামী নামেৰে পৰিচিত) হ'ল এজন ভাৰতীয় কন্নড় লোকগীতৰ গায়ক। মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মহাদেশৰ ওপৰত গোৱা লোক আৰু ভক্তিমূলক গীতৰ বাবে তেওঁ পৰিচিত।
-
মালৱিকা নায়াৰ
মালৱিকা নায়াৰ (Malvika Nair) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। নায়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ব্লেক বাটাৰফ্লাই (২০১৩), কাকু (২০১৪), য়েভাডে সুব্ৰমণ্যম (২০১৫), টেক্সিৱালা (২০১৮), মডাৰ্ণ লাভ হায়দৰাবাদ (২০২২) আৰু কৃষ্ণম প্ৰণয় সখী (২০২৪)।
-
মালৱিকা ৰাজ
মালৱিকা ৰাজ এগৰাকী ভাৰতীয় শিল্পী আৰু ফেশ্বন ডিজাইনাৰ। তেওঁ মধুবনী শিল্প শৈলীত কৰ্মৰত। এগৰাকী দলিত হিচাপে তেওঁ ভাৰতত বিদ্যমান জাতিভিত্তিক বৈষম্যৰ অভিজ্ঞতা নিজৰ শিল্পৰ জৰিয়তে প্ৰকাশ কৰে। পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি তেওঁ দলিত পৰিচয় আৰু বৌদ্ধ ধৰ্মৰ সৈতে জড়িত বিষয়সমূহ উপস্থাপন কৰে।
-
মাষ্টাৰ মিত্ৰসেন
মিত্ৰসেন থাপা মগৰ (২৯ ডিচেম্বৰ ১৮৯৫ – ৭ এপ্ৰিল ১৯৪৬), জনপ্ৰিয়ভাৱে মাষ্টাৰ মিত্ৰসেন নামেৰে পৰিচিত, ভাৰতৰ ধৰ্মশালাৰ নেপালী লোকসংগীতৰ এজন গায়ক আৰু গীতিকাৰ আছিল। তেওঁ নাট্যকাৰ আৰু সমাজকৰ্মীও আছিল।
-
মাসুমা আনোৱাৰ
মাসুমা আনোৱাৰ (ইংৰাজী: Masuma Anwar) এগৰাকী পাকিস্তানী শিশু চিকিৎসক, গায়ক-গীতিকাৰ আৰু সংগীতজ্ঞ। "ভে আছান তেনু কি আখনা", "ভে মেইন চোৰী চোৰী" আৰু "নেয়ু লা লেয়া" আদি একক কণ্ঠৰ লোকগীতৰ বাবে তেওঁ বিশেষভাবে পৰিচয় লাভ কৰে।